ETV Bharat / sports

তৃতীয় টেষ্টত শ্বাৰদুল ঠাকুৰে খেলাৰ সম্ভাৱনা

author img

By

Published : Dec 31, 2020, 2:18 PM IST

শ্বাৰদুল ঠাকুৰ
তৃতীয় টেষ্টত শ্বাৰদুল ঠাকুৰে খেলাৰ সম্ভাৱনা

তৃতীয় টেষ্টত শ্বাৰদুল ঠাকুৰে খেলাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিচিচিআইৰ এক সূত্ৰই ৷ আঘাতপ্ৰাপ্ত উমেশ যাদৱৰ স্থানত দলত স্থান লাভ কৰিব পাৰে ঠাকুৰে ৷

স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ : ভাৰতীয় দলৰ মেনেজমেন্টে তৃতীয় টেষ্টত দলত স্থান প্ৰদান কৰিব পাৰে শ্বাৰদুল ঠাকুৰক ৷ বাওঁহতীয়া স্পীনাৰ থাংগাৰাছু নটৰাজনৰ পৰিৱৰ্তে উমেশ যাদৱৰ স্থানত দলত সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে ঠাকুৰে ৷

আঘাতপ্ৰাপ্ত উমেশ যাদৱ
আঘাতপ্ৰাপ্ত উমেশ যাদৱ

সূত্ৰৰ মতে, জ্যেষ্ঠ বলাৰ যাদৱে আঘাতৰ বাবে দেশলৈ প্ৰত্যাৱৰ্তন ঘটাব ৷ ফলত তৃতীয় আৰু চতুৰ্থ টেষ্টত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷ উল্লেখ্য যে, 7 জানুৱাৰীৰ পৰা ছিডনীত আৰম্ভ হ'ব তৃতীয় টেষ্ট ৷

বিচিচিআইৰ এক সূত্ৰই এক নিউজ এজেন্সীক জনাই যে, "টি. নটৰাজনৰ প্ৰদৰ্শনক লৈ অনুৰাগীসকল উৎসাহিত হৈ আছে যদিও আমি পাহৰা উচিত নহয় যে, তেওঁ তামিলনাডুৰ হৈ প্ৰথম শ্ৰেণীৰ মেচ এখনহে খেলিছে ৷ আৰু শ্বাৰদুল হৈছে মুম্বাই দলৰ ঘৰুৱা ৰেড বল পেচাৰ ৷"

সূত্ৰই কয়, "দূৰ্ভাগ্যজনকভাৱে আঘাতৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাবলৈ অসমৰ্থ হৈছিল শ্বাৰদুল ৷ বৰ্তমান তেওঁ আঘাতৰ পৰা মুক্ত হৈছে আৰু উমেশৰ স্থানত দলত স্থান লাভ কৰিব পাৰে ৷"

কিন্তু এই সম্পৰ্কত ছিডনীত উপস্থিত হোৱাৰ পাচত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰশিক্ষক আজিংকা ৰাহানে, ভাৰপ্ৰাপ্ত অধিনায়ক ৰাহানে আৰু বলিং প্ৰশিক্ষক ভাৰত অৰুণে ৷

উল্লেখ্য যে, বৰ্তমানলৈকে শ্বাৰদুলে 62 খন প্ৰথম শ্ৰেণীৰ মেচত অংশগ্ৰহণ কৰি 206 টা উইকেট দখল কৰিছে ৷ ইয়াৰোপৰি শ্বাৰদুলে সংগ্ৰহ কৰিছে প্ৰথম শ্ৰেণীৰ ছয়টাকৈ শতক ৷ হোৱাইট বল ক্ৰিকেটত তেওঁ বেটছমেন হিচাপেও নিজৰ পৰিচয় দিছে ৷

সূত্ৰই লগতে কয় যে, "পৰৱৰ্তী কিছু প্ৰশিক্ষণ নিশ্চয়কৈ গুৰুত্বপূৰ্ণ হ'ব সেয়েহে ছিডনীতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷"

আনহাতে, বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত ৰিহাবত থাকিব উমেশ যাদৱ ৷ বক্সিং ডে' টেষ্টৰ তৃতীয় দিনা আঘাতপ্ৰাপ্ত হৈছিল 33 বৰ্ষীয় ক্ৰিকেটাৰ যাদৱ ৷

লগতে পঢ়ক : আইচিচি টেষ্ট ৰেংকিং : স্মিথ আৰু কোহলীক অতিক্ৰমেৰে শীৰ্ষত উইলিয়ামছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.