ETV Bharat / sitara

মিছ ইণ্ডিয়া এডলিন কাষ্টেলিন’ৰ ক’ভিড সম্বন্ধীয় মন্তব্যৰ চৰ্চা লাভ

author img

By

Published : May 17, 2021, 2:13 PM IST

Miss India Adline Castelino
মিছ ইণ্ডিয়া এডলিন কাষ্টেলিন’

ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে 2020 বৰ্ষৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা মাংগালোৰৰ মডেল এডলিন কাষ্টেলিন’ৰ ক’ভিড সম্বন্ধীয় প্ৰশ্নৰ উত্তৰে ৷ ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটত ভাইৰেল হোৱা এডলিনৰ ভিডিঅ’ই ইতিমধ্যে 10 হাজাৰ লাইক লাভ কৰাৰ লগতে যথেষ্ট প্ৰশংসা লাভ কৰিছে ৷

চিটাৰা ডেস্ক,17 মে’ : 2020 বৰ্ষৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা মাংগালোৰৰ মডেল এডলিন কাষ্টেলিন’ৱে প্ৰতিযোগিতাখনত লাভ কৰিছে চতুৰ্থ স্থান ৷ এই প্ৰতিযোগিতাখনত বিশ্বৰ 74 খন দেশৰ সুন্দৰীয়ে অংশগ্ৰহণ কৰিছিল ৷

প্ৰতিযোগিতাখনৰ অন্তিমটো প্ৰশ্নোত্তৰ ৰাউণ্ডত এডলিনে এটা কঠিন প্ৰশ্নৰ শক্তিশালী কিন্তু সংবেদনশীল উত্তৰ দিয়া পৰিলক্ষিত হয় । সমগ্ৰ বিশ্বই কৰ’ণা মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়তে বিচাৰকে এডলিনক সুধিছিল যে, "দেশসমূহৰ অৰ্থনীতিৰ ওপৰত চাপ থকা স্বত্বেও ক‘ভিড-19ৰ বাবে লকডাউন জাৰি কৰিব লাগে নে? নে দেশসমূহে সম্পূৰ্ণ মুক্তভাৱে সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ আশংকা কৰিব লাগে?"

বিচাৰকৰ প্ৰশ্নত এডলিনৰ উত্তৰ আছিল এনেধৰণৰ, ‘‘মই অতি গুৰুত্বপূৰ্ণ কিবা এটা উপলব্ধি কৰিছো যে, আপোনাৰ প্ৰিয়জনৰ স্বাস্থ্যতকৈ আন একো গুৰুত্বপূৰ্ণ নহয় । আপুনি অৰ্থনীতি আৰু স্বাস্থ্যৰ মাজত ভাৰসাম্য আকৰ্ষণ কৰিব লাগিব । সেইটো তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া চৰকাৰে মানুহৰ হাতত হাত থৈ কাম কৰে আৰু অৰ্থনীতিৰ সৈতে কাম কৰিব পৰা কিবা এটা প্ৰস্তুত কৰে’’ ।

মিছ ইউনিভাৰ্ছগৰাকীৰ এই প্ৰশ্নৰ উত্তৰে এতিয়া চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত ৷ ইফালে সমালোচকসকলেও এডলিনৰ এই উত্তৰক লৈ প্ৰশংসা কৰে ৷ ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটযোগে ভাইৰেল হোৱা এডলিনৰ ভিডিঅ’ই ইতিমধ্যে 10 হাজাৰ লাইক আৰু বহু ইতিবাচক কমেণ্ট লাভ কৰিছে ৷

লগতে পঢ়ক : অভিনেত্ৰী আইমী বৰুৱাক সম্ভাষণ নাহৰ সমন্বয় গোষ্ঠীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.