ETV Bharat / sitara

যোগাভ্যাসত ব্যস্ত সুস্মিতা সেন আৰু প্ৰেমিক ৰহমান

author img

By

Published : Apr 17, 2020, 5:45 PM IST

যোগাভ্যাস
সুস্মিতা সেন আৰু প্ৰেমিক ৰহমান

বলীউদৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেন আৰু প্ৰেমিক ৰহমান লক ডাউনৰ এই সময়ছোৱাত যোগাভ্যাসত ব্যস্ত ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ ফটো আৰু ভিডিঅ' ৷

এন্টাৰটেইনমেন্ট ডেস্ক, 17 ডেস্ক : আকৰ্ষণীয় আৰু উৎসাহজনক যোগাভ্য়াসৰ ফটোৰে নিজৰ গুণমুগ্ধক মোহিত কৰিছে সুস্মিতা সেনে ৷ প্ৰাক্তন মিছ ইউনিভাৰ্ছ গৰাকীয়ে চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰেমিক ৰহমান শ্বলৰ সৈতে যোগাভ্যাস কৰা বহুকেইখন ফটো আৰু ভিডিঅ' পোষ্ট কৰিছে ৷ নিজৰ ভৰিৰ ওপৰত জোৰ প্ৰয়োগ কৰি যোগাভ্যাস কৰি থকাৰ ফটো পোষ্ট কৰি তেওঁ লিখে, "ৰহমানে মোক এই যোগাভ্যাস কৰিবলৈ আহ্বান জনাইছিল ৷ আপোনালোকেও চেষ্টা কৰিব পাৰে ৷"

সুস্মিতাৰ এই পোষ্টত সন্তুষ্টি প্ৰকাশ কৰি ৰহমানে কয়,"তুমি এই আহ্বান গ্ৰহণ কৰাত মই আচৰিত হ'লো ৷ তোমাক লৈ মই গৌৰবান্বিত ৷"

আন এখন ফটোত সুস্মিতাক ভৰিৰ আঙুলিত ভৰ দি ভাৰসাম্য ৰক্ষা কৰা দেখা গ'ল ৷

যোগাভ্যাস
সুস্মিতা সেন

শেহতীয়াকৈ সুস্মিতাই ৰহমান আৰু দুই কন্যা সন্তান ৰিনী আৰু আলিছাৰ সৈতে ইনষ্টাগ্ৰামত লাইভ আহি সকলোকে ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছিল ৷

যোগাভ্যাস
সুস্মিতা সেন

তেওঁ কয়, "এয়া সকলোৰে বাবে কষ্টদায়ক, এতিয়া আপোনালোকে যদি সোধে মই সকলোতকৈ বেছি কি মনত পেলাও,তেন্তে সেয়া হৈছে কাম ৷ লক ডাউনত থাকি বিশ্বই জীৱিত থাকিব নোৱাৰে ৷ আমি আমাৰ উদ্দেশ্যত উপনীত হ'ব লাগিব আৰু স্বাধীন হৈ থাকিবৰ বাবে পথ বিচাৰি উলিয়াব লাগিব ৷ সেয়েহে মে' মাহত সাধাৰণ জনজীৱন ঘূৰি আহক বুলি আমি সকলোৱে আশা কৰো আহক ৷"

লগতে চাওকঃ ৰাইজৰ সুবিধাৰ্থে মাৰোৱাৰী যুৱ মঞ্চৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.