ETV Bharat / sitara

ৰাজকুমাৰীত অভিনয় কৰাৰ দৌৰত ন-ন কলা-কুশলী

author img

By

Published : Feb 10, 2020, 10:05 AM IST

ৰাজকুমাৰী ছবিত অভিনয়ৰ সুযোগৰ বাবে পৰিচালকে পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ এনেদৰে অডিশ্যন ল’লে ৰাজগড়স্থিত মা ষ্টুডিঅ’ত। শিশুৰ পৰা বয়ো জ্যেষ্ঠজনলৈ সকলোৱে অডিশ্যনৰ বাবে ঢাপলি মেলিলে মা ষ্টুডিঅ’লৈ ৷

Rajkumar assamese film audition in Guwahati
ৰাজকুমাৰীত অভিনয় কৰাৰ দৌৰত ন-ন কলা-কুশলী

গুৱাহাটী, 10 ফেব্ৰুৱাৰীঃ নতুন অসমীয়া ছবি ৰাজকুমাৰীৰ অডিশ্যনৰ বাবে ভিৰ বিভিন্নজনৰ ৷ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল ন-ন কলা-কুশলী ৷ ৰাজকুমাৰী ছবিত অভিনয়ৰ সুযোগৰ বাবে পৰিচালকে পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ এনেদৰে অডিচন ল’লে ৰাজগড়স্থিত মা ষ্টুডিঅ’ত। শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে অডিশ্যনৰ বাবে ঢাপলি মেলিলে মা ষ্টুডিঅ’লৈ ৷

ৰাজকুমাৰীত অভিনয় কৰাৰ দৌৰত ন-ন কলা-কুশলী

ছবিখনৰ পৰিচালক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,ছবিখনৰ কাহিনী লেখক তথা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য তথা ছবিখনৰ প্ৰযোজকৰ লগতে ছবিখনৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তিয়ে অডিশ্যনৰ লয় ছবিখনৰ বাবে ৷ কেমেৰাৰ সন্মূখত সংলাপৰ সৈতে ছবিৰ অডিচন দিয়ে দুৰদুৰণিৰ পৰা অহা ন-ন কলা কুশলীয়ে। ছবিখনৰ মূল চৰিত্ৰ কেইটাৰ বাহিৰে বাকী সকলো চৰিত্ৰকে এই অডিচনৰ পৰা বাচনি কৰা হ’ব বুলি উল্লেখ কৰে। কেৱল ৰাজকুমাৰী ছবিৰ বাবেই নহয় আন আন নাটক আৰু ছবিৰ উপযুক্ত চৰিত্ৰৰ বাবে অভিনেতা-অভিনেত্ৰী বাচনিৰ কৰা হৈছে বুলিও উল্লেখ কৰে প্ৰস্তুতি পৰাশৰে। অসমীয়া ছবিৰ বাবে এনেদৰে ন-ন কলা-কুশলী ওলাই অহাটো এক শুভ লক্ষণ বুলি ক’ব খুজিছে বিভিন্নজনে ৷

আৰু পঢ়কঃ25 টকীয়া শ্ৰমিকৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিজন

Intro:ৰাজকুমাৰী ছবিৰ অডিচনৰ বাবে লানি নিছিগা মানুহৰ ভিৰ। উজনিৰ পৰা নামনিলৈ অডিচনৰ বাবে আহিল ন ন কলা কুশলী। ৰাজকুমাৰী ছবিত অভিনয়ৰ সুযোগৰ বাবে পৰিচালকে পোনপ্ৰথম বাৰৰ বাবে অসমীয়া ছবিৰ এনেদৰে অডিচন ললে ৰাজগড় স্থিত মা ষ্টুডিঅ ত। শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকলৈ সকলোৱে অডিচনৰ বাবে এনেদৰে লাইন পাতি ৰৈ আছে পুৱাৰে পৰা। দুখ ভাগৰ সকলো পাহৰি ৰাজকুমাৰী ছবিত মাত্ৰ এটি চৰিত্ৰত অভিনয়ৰ বাবে এনেকৈ কলা কুশলী সকল।


Body:ৰাজকুমাৰী ছবিৰ বাবে অডিচন ললে ছবিৰ পৰিচালক প্ৰস্তুতি পৰাশৰ, ছবিৰ কাহিনী লেখক অভিজিৎ ভট্টাচাৰ্য্য সহিতে প্ৰযোজক আৰু ছবিৰ লগত জড়িত লোক সকলে। কেমেৰাৰ সমুখত সংলাপৰ সৈতে ছবিৰ অডিচন দিলে দূৰদুৰণিৰ পৰা অহা ন ন কলা কুশলীয়ে। ছবি খনৰ মূল চৰিত্ৰ কেইটাৰ বাদে সকলো চৰিত্ৰ এই অডিচনৰ পৰা বাচনি কৰা হৈছে। কেৱল ৰাজকুমাৰী ছবিৰ বাবেই নহয় আন আন নাটক আৰু ছবিৰ বাবে উপযুক্ত চৰিত্ৰৰ বাবে অভিনেতা অভিনেত্ৰী বাচনিৰ সন্দৰ্ভত জানিবলৈ দিলে প্ৰস্তুতি পৰাশৰে।
Bite:- প্ৰস্তুতি পৰাশৰ।
লগতে ৰাজকুমাৰী ছবিৰ বাবে অডিচন দিবলৈ অহা এই সকল কলা কুশলীয়ে পুৱা 8 বজাৰ পৰা গধূলি 6 বজালৈ অপেক্ষা কৰিছে অডিচনৰ বাবে। অপেক্ষা বহু সময় হলেও মনোবল ভাঙি পৰা নাই তেওঁলোকৰ।
bite:- কলা কুশলী।



Conclusion:অসমীয়া ছবিৰ আদৰ কম হোৱা নাই অসমত। ছবিৰ অডিচনৰ পৰাই অনুমান কৰিব পাৰি অসমীয়া ছবিৰ সৈতে অসমৰ ৰাইজৰ আত্মীয়তা কেনেধৰণৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.