ETV Bharat / sitara

35 দিনত 'পেংগুইন' ছবিৰ শ্বুটিং সমাপ্ত কৰিছিল অভিনেত্ৰী কীৰ্তি সুৰেশে

author img

By

Published : Jun 18, 2020, 12:47 PM IST

Keerthy Suresh on shooting Penguin in 35 days and eerie-looking arch-villain in film
Keerthy Suresh on shooting Penguin in 35 days and eerie-looking arch-villain in film

অহা 19 জুনত দ্বিভাষিক চলচিত্ৰ পেংগুইনৰ কৰা হ'ব গ্ল'বেল প্ৰিমিয়াৰ । এই ছবিক লৈ কিছু ৰহস্য ফাদিল কৰিছে স্বয়ং ছবিখনৰ অভিনেত্ৰী কীৰ্তি সুৰেশে । অভিনেতাগৰাকীয়ে ছবিখনত থকা মাস্কপৰিধান কৰা ভয়ানক চৰিত্ৰৰ বিষয়েও কিছু ৰহস্য ফাদিল কৰে । লগতে কেৱল 35 দিনত ছবি খনৰ শ্বুটিং সমাপ্ত কৰা বুলিও উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ।

চিটাৰা ডেস্ক, 18 জুনঃ ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজেতা অভিনেত্ৰী কীৰ্তি সুৰেশৰ শেহতীয়াকৈ আহিবলগীয়া ছবি হৈছে পেংগুইন । শুকুৰবাৰে ডিজিটেল মাধ্যমত মুকলি পাব ছবিখনে । এইখন এখন মনোবৈজ্ঞানিক-থ্ৰিলাৰ ছবি বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে । য'ত আছে এটা ভয়ানক মাস্কমেনৰ চৰিত্ৰ । এই চিনেমা সন্দৰ্ভত প্ৰথম অৱস্থাত কীৰ্তিয়ে এইখন সংগীত ভিত্তিক হ'ব বুলি অনুমান কৰিছিল বুলি জানিবলৈ দিয়ে ।

ছবিখনত কীৰ্তিক এগৰাকী গৰ্ভৱতী মাতৃ হিচাপে দেখুৱা হৈছে যিয়ে নিজৰ অতীতৰ এক ৰহস্য উন্মোচন কৰিবলৈ আৰু তেওঁৰ প্ৰিয় সকলক ৰক্ষা কৰিবলৈ এক বিপদজনক আৰু শাৰিৰীক ভাৱে দাবী কৰা এক যাত্ৰাত উলাই পৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনত তেওঁক ৰিদম নামৰ চৰিত্ৰত দেখা পোৱা যাব । সেই বাবেই অভিনেত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত এই ছবিখন সংগীতৰ সৈতে জড়িত হ'ব বুলি অনুমান কৰিছিল । কিন্তু প্ৰকৃততে ছবিখনত এটাও গান নাই বুলি আইএনএছৰ আগত উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ছবিখনৰ সম্পূৰ্ণ কাহিনী জনাৰ পাচতেই তেওঁৰ ধাৰণা সলনি হৈছিল বুলি কয় ।

ছবিখনৰ পৰিচালক ইশ্বৰ কাৰ্তিকে চাৰি ঘণ্টাতকৈ অধিক সময় ধৰি ছবিখনৰ কাহিনীৰ বিষয়ে তেওঁক বুজাইছিল বুলি কয় অভিনেত্ৰীগৰাকীয়ে । তেওঁ এজন সুন্দৰ কথক বুলি উল্লেখ কৰি ছবিখনৰ কাহিনী তেওঁক যথেষ্ট ভাল লাগিছিল বুলি কয় কীৰ্তিয়ে ।

লগতে অভিনেত্ৰীগৰাকীয়ে শ্বুটিঙৰ সময়খিনি ৰোমন্থন কৰি কয়, ছবিখনৰ শ্বুটিং কেৱল 35 দিনৰ ভিতৰতেই সমাপ্ত কৰিছিল বুলি জনায় । লগতে ছবিখনৰ ছেটত মাস্কমেন চৰিত্ৰটোৰ বিষয়ে খুব কমেই জ্ঞাত আছিল বুলি জনায় । যিয়ে ছবিখনত খলনায়কৰ ভূমিকা পালন কৰিছে ।

অমাজন প্ৰাইম ভিডিঅ' ত অহা 19 জুনত গ্ল'বেল প্ৰিমিয়াৰ হিচাপে মুকলি কৰা হ'ব ছবিখন । ছবিখন তামিল আৰু তেলেগু দুটা ভাষাত মুকলি কৰা হ'ব । ছবিখন ডাঙৰ পৰ্দাত মুকলি কৰাৰ কথা আছিল যদিও শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কীৰ্তিয়ে । অৱশ্য়ে এই সময়ত মুকলি কৰাৰ ফলত অধিক দৰ্শক লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ অভিনেত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.