ETV Bharat / sitara

Women's Day 2022 : চলচিত্ৰ উদ্যোগত মহিলাৰ চৰিত্ৰক গুৰুত্ব মাধুৰী দীক্ষিত-নীনা গুপ্তাৰ

author img

By

Published : Mar 8, 2022, 12:54 PM IST

women in cinema
নাৰী দিৱসত কি মন্তব্য দিলে অভিনেত্ৰীয়ে মাধুৰী দীক্ষিত আৰু নিনা গুপ্তাই?

মনোৰঞ্জনধৰ্মী ক্ষেত্ৰখনৰ বিভিন্ন পৰিৱৰ্তন সম্পৰ্কে মত প্ৰকাশ কৰিলে বলীউডৰ দুই বলিষ্ঠ অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু নীনা গুপ্তাই (Bollywood celebs on Women centric films in Bollywood) ৷ বিগত কেইবাটাও দশকত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত বহুতো নাৰীকেন্দ্ৰিক ছবি নিৰ্মাণ হৈছে ৷ সমাজলৈ এক বাৰ্তা পঠিওৱাৰ মানসেৰে নিৰ্মাণ কৰা ছবিবোৰে ভাৰতীয় সমাজ ব্যৱস্থাৰো বহুখিনি সাল-সলনি কৰিছে বুলি অনুমান কৰিব পাৰি ৷ এই নাৰীকেন্দ্ৰিক ছবি সম্পকৰ্ত কি ক’লে মাধুৰী দীক্ষিত আৰু নীনা গুপ্তাই, চাওক এই প্ৰতিবেদনত ৷

চিটাৰা ডেস্ক, 8 মাৰ্চ : আজি বিশ্বজুৰি উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ এই নাৰী দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় মনোৰঞ্জনধৰ্মী জগতখনত হোৱা পৰিৱৰ্তন সম্পৰ্কে মতামত ব্যক্ত কৰে বলীউডৰ জনপ্ৰিয় তাৰকা অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু নীনা গুপ্তাই (Bollywood celebs on Women centric films in Bollywood) ৷

চলচ্চিত্ৰ উদ্যোগত নাৰীৰ চৰিত্ৰক গুৰুত্ব দিয়াৰ প্ৰসংগত দুয়োগৰাকী অভিনেত্ৰীয়ে মন্তব্য কৰিছে যে, বিগত কেইবাটাও দশকত নাৰীক প্ৰাধ্যন্য দি নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহে সমাজলৈ বহুতো যোগাত্মক পৰিৱৰ্তন আনিছে ৷ পুৰুষৰ ওপৰত নাৰী নিৰ্ভৰশীল নোহোৱাকৈ দৰ্শকৰ মাজলৈ উলিয়াই দিয়া ছবিসমূহে নাৰী সবলীকৰণৰ ক্ষেত্ৰত বহু প্ৰভাৱ পেলাইছে ৷

অভিনেত্ৰী নীনা গুপ্তাই কয় যে, "আমাৰ সমাজৰ বিকাশৰ সমান্তৰালকৈ চিনেমা জগতৰো বিকাশ হৈছে (Bollywood celebs on Womens day) ৷ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে মহিলাই কেন্দ্ৰীয় ভূমিকা পালন কৰে" ৷ অভিনেত্ৰীগৰাকীয়ে অফাৰ লাভ কৰা ছবিসমূহৰ চৰিত্ৰবোৰ মুখ্য চৰিত্ৰ হিচাপে পৰিগণিত হয় ৷ বৰ্তমানৰ কাহিনী, চিত্ৰনাট্যসমূহত পুৰুষৰ ওপৰত নিৰ্ভৰ কৰি নাৰী নচলে, বৰঞ্চ মহিলাসকলে নিজেই নিজৰ ভৰিত থিয় হয় বুলি গুপ্তাই সদৰী কৰে ৷

তেওঁ লগতে কয় যে, পৰ্দাৰ আঁৰত থকা মহিলাসকল এই পৰিৱৰ্তনৰ মূল চালিকা শক্তি ৷ মহিলা লেখক, নিৰ্দেশক, প্ৰযোজক এই সকলোৰে চলচ্চিত্ৰ উদ্যোগৰ সমল পৰিৱৰ্তনৰ ক্ষেত্ৰত অৰিহণা অতুলনীয় ৷ বৰ্তমান চিনেমা এখনত কেৱল সুন্দৰ চেহেৰা এটা চাই অভিনয় কৰিবলৈ দিয়া নহয় ৷ চৰিত্ৰ এটা ৰূপায়ণৰ সক্ষমতা থকালৈ চাইহে মহিলা অভিনেত্ৰীক বাচনি কৰা হয়, যাতে ই দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হয় ৷

এই সন্দৰ্ভত মতামত ব্যক্ত কৰি মাধুৰী দীক্ষিতে কয়, "ভাৰতীয় ছবি উদ্যোগত উন্নয়নৰ লগতে যথেষ্ট বিকাশ ঘটিছে । মহিলাসকলক এতিয়া কেৱল সুন্দৰ চেহেৰাৰ আঁৰেৰে জুখি চোৱা নহয় । আজিৰ মহিলাসকলে বিভিন্ন বৃত্তিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে ৷ গণিতজ্ঞই হওঁক বা খেলুৱৈ হওঁক নতুবা এগৰাকী গৃহিণী, যাৰ সপোন আধৰুৱা হৈ থাকি গ’ল, তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানমূলক চৰিত্ৰ মহিলা অভিনেত্ৰীসকলে কৰিবলৈ লৈছে ৷ ছবি উদ্যোগটোৰ এই পৰিৱৰ্তন আকৰ্ষণীয়" ।

লগতে পঢ়ক: Alia Bhatt announces Hollywood debut : হলীউডলৈ বাট বুলিলে আলিয়া ভাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.