ETV Bharat / sitara

Alia Bhatt announces Hollywood debut : হলীউডলৈ বাট বুলিলে আলিয়া ভাটে

author img

By

Published : Mar 8, 2022, 11:19 AM IST

নাৰী দিৱসৰ শুভক্ষণতেই ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আহিল সুখবৰ ৷ বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটে ঘোষণা কৰিলে তেওঁৰ হলীউড ডেবিউটৰ কথা ( Alia Bhatt announces Hollywood debut) ৷ নেটফ্লিক্সৰ স্পাই থ্ৰিলাৰ হাৰ্ট অব্ ষ্ট’ন শীৰ্ষক ছবিখনেৰে হলীউডত আত্মপ্ৰকাশ কৰিব আলিয়াই ৷

Alia Bhatt announces Hollywood debut
ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আহিল সুখবৰ

চিটাৰা ডেস্ক, 8 মাৰ্চ : গংগুবাই কাথিয়াবাড়ীৰে শেহতীয়াকৈ বলীউডত খলকনি তোলা আলিয়া ভাটৰ অনুৰাগীলৈ সুখবৰ ৷ পবিত্ৰ নাৰী দিৱসৰ সন্ধিক্ষণত আলিয়াই প্ৰকাশ কৰিলে এই সুখবৰটি ৷

ব্ৰিটিছ চলচ্চিত্ৰ নিৰ্মাতা টম হাৰ্পাৰে নিৰ্মাণ কৰিবলগীয়া ছবি হাৰ্ট অব্ ষ্ট’নত অভিনয় কৰিব আলিয়াই (Alia Bhatt to make her hollywood debut) ৷ হলীউড চুপাৰষ্টাৰ গাল গাডট আৰু জেমী ডৰনানৰ সৈতে অভিনয় কৰিব আলিয়া ভাটে (Alia Bhatt announces Hollywood debut) ৷

Alia Bhatt announces Hollywood debut
হলীউড চুপাৰষ্টাৰ গাল গাডট

টম হাৰ্পাৰে নিৰ্মাণ কৰিবলগীয়া ছবিখনৰ চিত্ৰনাট্য Greg Rucka আৰু Allison Schroeder ৰ ৷ কাহিনীৰ মূল বিষয় সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই (Alia Bhatt hollywood movie name) ৷ ছবিখনৰ প্ৰযোজনাত আছে Skydance's David Ellison, Dana Goldberg আৰু Don Granger ৷ তেওঁলোকৰ লগতে Mockingbird's Bonnie Curtis, Julie Lynn, Pilot Wave's Gadot আৰু Jaron Varsano এ যুটীয়াভাৱে ছবিখন প্ৰযোজনা কৰিব ৷

Alia Bhatt announces Hollywood debut
হলীউড চুপাৰষ্টাৰ জেমী ডৰনান

আলিয়াৰ শেহতীয়া ছবি গংগুবাই কাথিয়াবাড়ীয়ে কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰা ছবিগৃহসমূহ পুনৰ জীয়াই তুলিলে ৷ বহুসময়ৰ বিৰতিৰ মূৰত দৰ্শকে ছবিগৃহত এখন সুন্দৰ চিনেমা উপভোগ কৰিলে ৷

প্ৰেমিক ৰণবীৰ কাপুৰ আৰু মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে পৰৱৰ্তী ছবি ব্ৰহ্মাস্ত্ৰত দেখিবলৈ পোৱা যাব আলিয়া ভাটক ৷ আয়ান মুখাৰ্জীৰ নিৰ্দেশনাত মুক্তি পাব ব্ৰহ্মাস্ত্ৰ ছবিখন ৷ বৰ্তমান এছ এছ ৰাজামৌলীৰ RRR ৰ মুক্তিৰ অপেক্ষাত আছে অভিনেত্ৰীগৰাকী ৷

লগতে পঢ়ক: Hrithik Saba Azad relationship: শ্বাবা আজাদক অসাধাৰণ ব্যক্তিত্বৰ গৰাকী বুলি ক’লে হৃত্বিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.