ETV Bharat / sitara

Hrithik Saba Azad relationship: শ্বাবা আজাদক অসাধাৰণ ব্যক্তিত্বৰ গৰাকী বুলি ক’লে হৃত্বিকে

author img

By

Published : Mar 7, 2022, 4:33 PM IST

দেওবাৰে হৃত্বিক ৰোশনৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা শ্বাবা আজাদৰ এটা ভিডিঅ’ই বিপুল চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ৷ ভিডিঅ’টোত হৃত্বিক ৰোশনে কৰা এটা কমেণ্টে এতিয়া তেওঁলোকৰ মাজৰ সম্পৰ্কৰ বাতৰিক সঁচা বুলি ভাবিবলৈ লৈছে অনুৰাগীক ৷ ৰাজহুৱাকৈ শ্বাবাক কি ক’লে হৃত্বিকে জানো আহকচোন...

Hrithik Roshan
শ্বাবা আজাদৰ সৈতে হৃত্বিক ৰোশনৰ সম্পৰ্ক

চিটাৰা ডেস্ক, 7 মাৰ্চ: বলীউডৰ ষ্টাইলিছ অভিনেতা হৃত্বিক ৰোশন আৰু শ্বাবা আজাদৰ প্ৰেমৰ উৰাবাতৰিয়ে সামাজিক মাধ্যমৰ শিৰোনাম দখল কৰি ৰাখিছে (Hrithik Saba relationship) ৷ দুয়োকে কেইবাবাৰো একেলগে পাপাৰাজীয়ে নিজৰ কেমেৰাত বন্দী কৰিছে ৷

দেওবাৰে শ্বাবাই নিজৰ ইন্ষ্টাগ্ৰামত পোষ্ট কৰিলে এটা ভিডিঅ’ ৷ ভিডিঅ’টোত সত্যজিত ৰয়ৰ ছবি Goopy Gyne Bagha Byne ৰ এটা গীত পৰিৱেশন কৰিছিল শ্বাবাই ৷ কিছু শাৰিৰীক অসুস্থতাৰ বাবে শ্বাবাই এনে ধৰণৰ মনোৰঞ্জন ধৰ্মী কামেৰে নিজকে ব্যস্ত ৰাখিছে ৷

ভিডিঅ’টো আপলোড কৰাৰ পিছতেই সকলোৱে একেমুখে প্ৰশংসা কৰিলে শ্বাবাৰ সংগীত চৰ্চাক ৷ তেওঁৰ প্ৰতিভাত আপ্লুত হৈ হৃত্বিকেও নিজক ৰখাব নোৱাৰিলে তেওঁৰ প্ৰশংসা কৰাৰ পৰা ৷ শ্বাবাক অসাধাৰণ ব্যক্তিত্বৰ গৰাকী বুলি অভিহিত কৰিলে অভিনেতাজনে (Hrithik Roshan girlfriend) ৷ প্ৰতুত্ত্যৰত শ্বাবাই হৃত্বিকক দয়ালু বুলি উল্লেখ কৰিলে ৷

অৱশ্যে সামাজিক মাধ্যমত শ্বাবাক এনেদৰে প্ৰশংসা আগতেও কৰিছে হৃত্বিকে (Hrithik Roshan latest news) ৷ তেওঁলোকৰ ডেটিঙৰ খবৰে জনপ্ৰিয়তা লাভ কৰাৰ সময়তে শ্বাবাৰ পুনেত থকা সংগীতানুষ্ঠানৰ বাবে শুভেচ্ছা জনাই হৃত্বিকে পোষ্ট কৰিছিল শ্বাবাৰ ফটো ৷

ৰোশন পৰিয়ালৰে সৈতে শ্বাবাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা ফটোও শ্বেয়াৰ হৈছিল সামাজিক মাধ্যমত ৷ উল্লেখ্য যে, বৰ্তমান হৃত্বিকৰ হাতত দুখনকৈ নতুন চিনেমাৰ কাম আছে ৷

লগতে পঢ়ক: মাত্ৰ এখন ফটোৰে ইনষ্টাগ্ৰামত খলকনি শ্বাহীদ কাপুৰৰ পুত্ৰ জৈন কাপুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.