ETV Bharat / sitara

Shehnaaz Gill happy video:উৰি যাব বিচাৰে ক’ৰবালৈ শ্বেহনাজ গীল

author img

By

Published : Feb 12, 2022, 9:07 PM IST

সাগৰৰ বালিত দৌৰি ফুৰিছে শ্বেহনাজ গীল (Shehnaaz Gill beach video) ৷ শুকুৰবাৰে ইন্ষ্টাগ্ৰামত অনুৰাগীৰ বাবে শ্বেহনাজে পোষ্ট কৰিলে এটা হেপ্পী ভিডিঅ’ ৷ বাব্লি গাৰ্ল শ্বেহনাজৰ এই হেপ্পী ভিডিঅ’টোৱে অনুৰাগীসকলৰ মুডো কৰিছে হেপ্পী ( Shehnaaz Gill happy video) ৷

Shehnaaz Gill
উৰি যাব বিচাৰে ক’ৰবালৈ শ্বেহনাজ গীল

চিটাৰা ডেস্ক, 12 ফ্ৰেব্ৰুৱাৰী : বহু সময়ৰ মূৰত আগৰ সেই ধেমেলীয়া স্বভাৱৰ শ্বেহনাজক ঘূৰাই পাইছে যেন অনুভৱ কৰিছে অনুৰাগী সকলে ৷ শুকুৰবাৰে গায়িকা, অভিনেত্ৰী, মডেল শ্বেহনাজ গীলে সাগৰৰ পাৰত কটোৱা কিছু সুন্দৰ মূহুৰ্তৰ ভিডিঅ’ নিজৰ ইন্ষ্টাগ্ৰান একাউণ্টত পোষ্ট কৰে ( Shehnaaz Gill happy video) ৷

ভিডিঅ’টোত শ্বেহনাজে সাগৰৰ পাৰত দৌৰি ফুৰা দেখা গৈছে (Shehnaaz Gill beach video) ৷ গোট খাই থকা পাৰ চৰাইবোৰ আকাশৰ ফালে উৰি যোৱা চাই সুখী হৈ পৰিছে শ্বেহনাজ গীল ৷ একদৰে তেনেকৈ গোট খাই থকা পাৰবোৰৰ ফালে দৌৰি দৌৰি অৱশেষত ভাগৰি পৰা শ্বেহনাজে কেমেৰালৈ চাই ক’লে, "থক গয়ী" ৷ ভিডিঅ’টোত শ্বেহনাজৰ কেপচন আছিল, "উইছ আই কুড ফ্লাই এৱে টু" ৷

নিজৰ প্ৰিয় অনুৰাগীক হেপ্পী মুডত দেখি বিভিন্ন জনে সুখত থকাৰ বাৰ্তা দিলে তেওঁক ৷ এজন অনুৰাগীয়ে লিখিলে, "আপুনি যাতে সদায় এনেদৰে হাঁহি থাকে ৷" সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছত শ্বেহনাজ খুব কমেই ৰাজহুৱা স্থানলৈ ওলাই আহিছিল ৷

লগতে পঢ়ক: নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে যুঁটি বান্ধিছে 20 বছৰীয়া অভনীত কৌৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.