ETV Bharat / sitara

নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে যুঁটি বান্ধিছে 20 বছৰীয়া অভনীত কৌৰে

author img

By

Published : Feb 11, 2022, 6:26 PM IST

age gap
নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে যুঁটি বান্ধিছে 20 বছৰীয়া অভনীত কৌৰে

কংগনা ৰানাৱটৰ প্ৰডাকচন হাউচ মণিকৰ্ণিকা ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’ব লগীয়া ছবি টিকু ৱেডছ্ শ্বেৰুৰ মুখ্য যুঁটিৰ ৰূপত কংগনাই বাচি ল’লে নৱাজুদ্দিন ছিদ্দিকী আৰু অভনীত কৌৰক ৷ প্ৰায়ে বিতৰ্কৰ শীৰ্ষত থকা কংগনাক এইবাৰ ট্ৰ’ল কৰিছে বয়সৰ যথেষ্ট ব্যৱধান থকা সত্বেও নৱাজুদ্দিন ছিদ্দিকী আৰু অভনীত কৌৰক যুঁটি হিচাপে উপস্থাপন কৰাৰ বাবে (Netizens trolled Kangana for casting Nawazuddin and Avneet) ৷ নৱাজুদ্দিন আৰু অভনীতৰ মাজত 27 বছৰৰ ব্যৱধান আছে (Huge Age gap between Nawazuddin and Avneet) ৷

চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী : ট্ৰ’ল কৰা সকলক উভতি ধৰিলে কংগনা ৰানাৱটে ৷ কংগনাৰ পছন্দৰ সিদ্ধান্তক লৈ প্ৰশ্ন কৰা সকলক প্ৰত্যুত্তৰ অভিনেত্ৰী গৰাকীৰ ( Kangana Ranaut on Tiku Weds Sheru casting) ৷

ছাই কবিৰৰ নিৰ্দেশনাত আহিবলগীয়া ছবি টিকু ৱেডছ্ শ্বেৰু কংগনা ৰানাৱটৰ প্ৰডাকচন হাউচ মণিকৰ্ণিকা ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’ব ৷ ছবিখনত কংগনাই 47 বছৰীয়া নৱাজুদ্দিন ছিদ্দিকীৰ বিপৰীতে পছন্দ কৰিলে 20 বছৰীয়া অভনীত কৌৰক (Netizens trolled Kangana for casting Nawazuddin and Avneet) ৷

ছবিখনৰ মুখ্য চৰিত্ৰ দুটাৰ কথা প্ৰচাৰ হোৱাৰ পিছৰে পৰাই নেটিজেনৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে কংগনা ৷ ইমান বয়সৰ ব্যৱধান থকা সত্বেও কি ভাবি এই সিদ্ধান্ত ল’লে তাকে লৈ ওপৰা ওপৰিকৈ প্ৰশ্ন কৰিছে সকলোৱে কংগনাক (Huge Age gap between Nawazuddin and Avneet) ৷

অৱশেষত মুখ খুলিলে কংগনাই ৷ ক’লে যে, আৰম্ভণিৰ পৰাই সকলোৱেই বিৰোধিতা কৰি আহিছিল এই যুঁটি বিৰুদ্ধে ৷ কিন্তু তেওঁ নিজৰ মতেই আগবাঢ়ি গৈছে ৷

নিজৰ সিদ্ধান্তক উচিত বুলি বিবেচনা কৰি অভিনেত্ৰী গৰাকীয়ে ক’লে যে চৰিত্ৰ দুটাৰ বাবে নৱাজুদ্দিন ছিদ্দিকী আৰু অভনীত কৌৰেই উপযুক্ত ৷ (Kangana Ranaut on Nawaz Avneet age gap)এই যুঁটি হিট হৈ ৰ’ব বুলিও দাবী কৰিলে কংগনাই ৷

লগতে পঢ়ক: Shamshera teaser:চাৰি বছৰৰ পিছত পুনৰ পৰ্দালৈ ৰণবীৰ কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.