ETV Bharat / sitara

Shehnaaz Gill latest updates:শ্বেহনাজ গীলে পালে ইউটিউব গ’ল্ডেন বাটন

author img

By

Published : Mar 16, 2022, 10:00 PM IST

ইউটিউবৰ পৰা শ্বেহনাজ গীলে লাভ কৰিলে গ’ল্ডেন বাটন ( Shehnaaz Gill latest updates) ৷ সামাজিক মাধ্যমত নিজৰ অনুৰাগীক ধন্যবাদ জনাই শ্বেয়াৰ কৰিলে ভিডিঅ’ ৷

Shehnaaz Gill
শ্বেহনাজ গীলে পালে ইউটিউব গ’ল্ডেন বাটন

চিটাৰা ডেস্ক, 16 মাৰ্চ : একেধাৰে অভিনেত্ৰী গায়িকা মডেল শ্বেহনাজ গীলৰ সাফল্যই লাভ কৰিলে অন্যএক মাত্ৰা ৷ প্ৰাক্তন বিগবছ প্ৰতিযোগী গৰাকীৰ ইউটিউবত গোট খালে 1 মিলিয়নকতৈয়ো অধিক অনুৰাগী ( Shehnaaz Gill latest updates) ৷

শ্বেহনাজে ফেশ্বন, ছালৰ যত্ন, প্ৰসাধন, ব্ৰেণ্ড কলাবৰেছন, জীৱনশৈলীৰ ওপৰত প্ৰায়ে ভিডিঅ’ আপলোড কৰি থাকে ৷ ইউটিউবৰ ফালৰ পৰা শ্বেহনাজে লাভ কৰিলে এটা গ’ল্ডেন বাটন যিটো সামাজিক মাধ্যমত নিজৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰি সকলোকে ধন্যবাদ জনালে সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ বাবে (Shehnaaz Gill YouTube channel) ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গ’ল্ডেন বাটনটো লাভ কৰি ডিজিটেল কণ্টেট ক্ৰিয়েটৰৰ ক্ষেত্ৰখনত নিজকে সুন্দৰকৈ প্ৰতিষ্ঠা কৰিলে শ্বেহনাজে ৷ বিগবছ 13 ৰ পৰা সকলোৰে মাজত অধিক জনপ্ৰিয় হৈ পৰা শ্বেহনাজৰ এতিয়া ইউটিউবত আছে 1 মিলিয়নৰো অধিক চাবস্ক্ৰাইবাৰ ৷

নিজৰ অনুৰাগী সকলক ধন্যবাদ জনোৱাৰ লগতে সকলোকে নিজৰ সপোন পূৰ কৰিবলৈ উৎসাহো দিলে শ্বেহনাজে ৷

লগতে পঢ়ক: Shah Rukh Khan look in Pathan : চাৰ্টলেছ শ্বাহৰুখে টোপনি হৰিছে অনুৰাগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.