ETV Bharat / sitara

টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু চলমান-কেটৰিনা

author img

By

Published : Feb 8, 2021, 7:54 PM IST

টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু  চলমান খান আৰু কেটৰিনা কাঈফ
টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু চলমান খান আৰু কেটৰিনা কাঈফ

পুনৰ চলমান খান আৰু কেটৰিণা কাঈফৰ যুটি দেখিবলৈ পাব অনুৰাগীসকলে । টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু হৈছে চলমান খান আৰু কেটৰিণা ৷

চিটাৰা ডেস্ক,৮ ফেব্ৰুৱাৰী: অনুৰাগীসকলৰ বাবে সুখবৰ । পুনৰ চলমান খান আৰু কেটৰিণা কাঈফৰ যুটি দেখিবলৈ পাব অনুৰাগীসকলে । টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু হৈছে চলমান খান আৰু কেটৰিণা ৷ এক থা টাইগাৰ আৰু টাইগাৰ জিন্দা হে'ৰ বৃহৎ সফলতাৰ পাচত আলী আব্বাছ জাফাৰৰ পৰিচালিত ছবি টাইগাৰ-৩ য়ে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰাৰ বাবে আশাবাদী হৈ পৰিছে ।

টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু  চলমান খান আৰু কেটৰিনা কাঈফ
টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু চলমান খান আৰু কেটৰিনা কাঈফ

তুৰ্কীৰ ইস্তানবুলত টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হ'ব । সম্প্ৰতি সিদ্ধান্ত চতুৰ্বেদী আৰু ঈশান খট্টৰৰ অভিনীত ফোন ভূতৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে অভিনেত্ৰী কেটৰিণা আৰু এণ্টিমৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে চলমান । শেষবাৰৰ বাবে ২০১৯ চনত মুক্তি লাভ কৰা ছবি ভাৰতত চলমান খান আৰু কেটৰিণা কাঈফৰ যুটিক দেখিবলৈ পোৱা গৈছিল । পূৰ্বে মেইনে প্যাৰ কিউ কিয়া, টাইগাৰ জিন্দা হে, এক থা টাইগাৰ আৰু পাৰ্টনাৰ ছবিত একেলগে দেখিবলৈ পোৱা গৈছিল এই যুটিক ।

টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু  চলমান খান আৰু কেটৰিনা কাঈফ
টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু চলমান খান আৰু কেটৰিনা কাঈফ

লগতে পঢ়ক:প্ৰপ’জ ডে 2021 : বলিউড তাৰকাসকলৰ বাস্তৱ প্ৰেমৰ প্ৰস্তাৱৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.