ETV Bharat / sitara

"Tiger 3"ৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছে ছলমানে খানে ?

author img

By

Published : Jul 21, 2021, 9:22 PM IST

Salman khan has started preparation for Tiger 3
ব্যায়াম কৰি থকা সময়ৰ ভিডিঅ' শ্বেয়াৰ কৰিলে ছলমানে খানে

আগন্তুক ছবি "Tiger 3"ৰ বাবে প্ৰস্তুতি চলাইছে ছুপাৰষ্টাৰ ছলমান খানে(Salman Khan) । ছলমানে ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা এটা ভিডিঅ'ই প্ৰমাণ কৰিছে এই কথা । ভিডিঅ'টোত ছলমানক জিমত ব্যায়াম কৰি থকা দেখা গৈছে । অভিনেতাগৰাকীৰ এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

চিটাৰা ডেস্ক, ২১ জুলাই: বহু প্ৰতীক্ষিত টাইগাৰ-৩(Tiger 3) দৃশ্য়গ্ৰহণ, ছবিখন নিৰ্মাণৰ কামৰ অগ্ৰগতি আদিক লৈ স্বাভাৱিকতে উৎকণ্ঠিত হৈ আছে ছুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগী । এনে সময়তে ইনষ্টাগ্ৰাম পোষ্টযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ছলমানে । মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে জিমত ব্যায়াম কৰি থকা সময়ৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে অভিনেতাজনে । ভিডিঅ'টোত ছলমানক মাংসপেশী পাম্পিং কৰি থকা দেখা গৈছে ।

এতিয়া এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত । জিমত ব্যায়াম কৰি থকা অৱস্থাত সমুখৰ দাপোনত হোৱা প্ৰতিফলন আৱদ্ধ কৰা হৈছে মোবাইলৰ কেমেৰাত । অৱশ্যে ভিডিঅ'টোত তেওঁক সম্পূৰ্ণ স্পষ্টকৈ দেখা পোৱা নাই । ৫৫ বছৰীয়া অভিনেতাজনে নিজৰ মুখমন নেদেখুৱাকৈ ভিডিঅ'টো ৰেকৰ্ড কৰিব বিচাৰিছিল যেন অনুভৱ হৈছে ।

ভিডিঅ'টোৰ লগতে টাইগাৰৰ থীম টিউন শুনা গৈছে । ছলমানে ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, "মই ভাৱো এই মানুহজনে টাইগাৰ-৩ৰ বাবে প্ৰশিক্ষণ লৈ আছে" । টাইগাৰ-৩ হৈছে কেটৰিনা কাঈফৰ আৰু ছলমান খান অভিনীত স্পাই থ্ৰিলাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয়টো অংশ ।

কবীৰ খান পৰিচালিত প্ৰথম অংশ 'এক থা টাইগাৰ' ২০১২ চনত মুক্তি দিয়া হৈছিল । দ্বিতীয় অংশ 'টাইগাৰ জিন্দা হ্যে' ২০১৭ চনত মুক্তি দিয়া হৈছিল । 'টাইগাৰ জিন্দা হ্যে' আলী আব্বাছ জাফৰে পৰিচালনা কৰিছিল । উল্লেখ্য যে, টাইগাৰ-৩ ছলমানৰ বিপৰীতে কেটৰীণা কাঈফে অভিনয় কৰিব ।

আনহাতে, অভিনেতা ইমৰান হাছমীয়ে ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব । ইফালে, ছলমানক ছাজিদ নাদিয়াদৱালাৰ কিক-২ত দেখিবলৈ পোৱা যাব । ছবিখনত ছলমান আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ যুটিক পুনৰ দেখিবলৈ পোৱা যাব ।

মহেশ মঞ্জৰেকাৰৰ অন্তিম: দ্য ফাইনেল ট্ৰুথতো অভিনয় কৰিব বলীউড ছুপাৰষ্টাৰ ছলমানে । আনহাতে, শ্বাহৰুখ খান, জন আব্ৰাহাম আৰু দীপিকা পাডুকণ অভিনীত 'পাঠান' ছবিতো অভিনয় কৰিছে ছলমানে । লগতে পূজা হেগড়েৰ সৈতে ফাৰহাদ চামজীৰ 'কভি ঈদ কভি দিৱালী'তো দেখা পোৱা যাব ছলমানক ।

লগতে পঢ়ক:ৱেব চিৰিজত কাম দিয়াৰ বিনিময়ত ৰাজ কুন্দ্ৰাই বিচাৰিছিল Nude Audition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.