ETV Bharat / sitara

শেহতীয়াকৈ সাংবাদিকৰ কেমেৰাত বন্দী হোৱা বলীউড তাৰকাসকল

author img

By

Published : May 16, 2021, 4:12 PM IST

Malaika, Dino, Rakul and others spotted
সাংবাদিকৰ কেমেৰাত বন্দী বলীউড তাৰকা

লকডাউনৰ সময়ত কি কৰিছে বলীউডৰ তাৰকাসকলে? সাংবাদিকৰ কেমেৰাত বন্দী হৈছে বলীউডৰ কেইগৰাকীমান তাৰকাৰ শেহতীয়া অৱসৰ বিনোদনৰ ছবি ৷

চিটাৰা ডেস্ক, 16 মে’ : শেহতীয়াকৈ মহামাৰী কৰ’ণাৰ বিভীষিকাৰ মাজতে সাংবাদিকৰ কেমেৰাত বন্দী হৈছে বলীউডৰ কেইগৰাকীমান তাৰকাৰ শেহতীয়া অৱসৰ বিনোদনৰ ছবি ৷

বান্দ্ৰাৰ এখন চকুৰ ক্লিনিকত মাতৃৰ সৈতে প্ৰত্যক্ষ কৰা হৈছে অভিনেত্ৰী অংকিতা লোখণ্ডেক ৷ সাংবাদিকৰ কেমেৰাত প’জ দিছে অভিনেতাগৰাকীয়ে ৷ ইফালে মুম্বাইত ক’ভিড ভেকচিন লোৱাৰ পাচত বান্দ্ৰাত দেখা পোৱা গৈছে ডিনো মোৰিয়াক ৷

ঠিক সেইসদৰে লকডাউনৰ সময়ত ৰবীনা টেণ্ডনে নিজৰ পোহনীয়া কুকুৰটো লৈ বাহনৰ পৰা ওলাই অহা দেখা গৈছে ৷ মালাইকা আৰোৰায়ো নিজৰ পোহনীয়া কুকুৰটোৰ সৈতে সময় অতিবাহিত কৰিছে ৷ ইফালে ৰাকুল প্ৰীত সিঙক ক’লা ৰঙৰ এটি ধুনীয়া পোছাকত বাহিৰৰ পৰা ঘৰলৈ প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বৰ্ণবাদী মন্তব্য কৰি বিপদত অভিনেত্ৰী মুনমুন দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.