ETV Bharat / sitara

ছবিৰ মাজেৰে চাওক পংকজ ত্ৰিপাঠীৰ 17 বছৰীয়া বিবাহ বাৰ্ষিকী

author img

By

Published : Jan 16, 2022, 6:17 PM IST

Pankaj Tripathi's 17th wedding anniversary post includes throwback gems
পংকজ ত্ৰিপাঠীৰ 17 বছৰীয়া বিবাহ বাৰ্ষিকী

জনপ্ৰিয় অভিনেতা পংকজ ত্ৰিপাঠী আৰু পত্নী মৃদুলা ত্ৰিপাঠীয়ে শনিবাৰে পূৰ্ণ কৰে যুগ্মজীৱনৰ ১৭ বছৰ (Pankaj Tripathi's 17th wedding anniversary) ৷ সেই উপলক্ষে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত বিবাহৰ এলবামৰ ফটো শ্বেয়াৰ কৰে ।

চিটাৰা ডেস্ক, 16 জানুৱাৰী : অভিনেতা পংকজ ত্ৰিপাঠীয়ে শনিবাৰে নিশা পত্নী মৃদুলা ত্ৰিপাঠীৰ সৈতে ১৭ তম বিবাহ বাৰ্ষিকী (Pankaj Tripathi's 17th wedding anniversary) উদযাপন কৰে । সেই উপলক্ষে অভিনেতাগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত পত্নীৰ সৈতে থকা বিবাহৰ উপৰিও কিছু বিশেষ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰে ৷

অভিনেতা পংকজে বিবাহ বাৰ্ষিকীৰ পোষ্টত তেওঁৰ বিবাহৰ এলবামৰ দুটা থ্ৰ’বেক স্নেপ অন্তৰ্ভুক্ত কৰিছিল । "Satrah saal hue aaj parinay sootra mein. Is sukhad yaatra ki kuch yaadein. Dhanyavaad," তেওঁ পোষ্টটোৰ শিৰোনাম দিছিল এনেদৰে ।

অনুৰাগ কাশ্যপ, সিদ্ধান্ত চতুৰ্বেদী আৰু যতীন চাৰ্ণাকে ধৰি কেইবাগৰাকীও চেলিব্ৰেটিয়ে দম্পতীটোক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, পংকজ ত্ৰিপাঠীয়ে মৃদুলা ত্ৰিপাঠীৰ সৈতে 2004 চনৰ 15 জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল ৷ ইয়াৰ পিছত তেওঁলোকৰ যুগ্মজীৱনৰ সাক্ষী হিচাপে আছিৰ জন্ম হয় ৷

পংকজে মুম্বাইত জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা Criminal Justice 3 ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে । Criminal Justice 3 পৰিচালনা কৰিছে ৰোহন চিপ্পিয়ে ৷ য’ত পংকজ ত্ৰিপাঠীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ এই ছবিখন 2022 ৰ শেষৰফালে ডিজনী+ হটষ্টাৰত প্ৰদৰ্শিত হ'ব ।

অক্ষয় কুমাৰ অভিনীত OMG ত দেখা পোৱা ত্ৰিপাঠীয়ে শ্ৰীজিৎ মুখাৰ্জীৰ পৰৱৰ্তী ছবি শ্বেৰ্ডিলৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে ৷ এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ত্ৰিপাঠীয়ে ৷

লগতে চাওক: Ayush Sharma Opens up About His Marriage : অৰ্পিতা খানৰে বিয়াৰ ৰহস্য ফাদিল কৰিলে আয়ুষ শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.