ETV Bharat / sitara

'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু শ্ৰদ্ধা কাপুৰ

author img

By

Published : Apr 4, 2021, 1:58 PM IST

ৰোমাণ্টিক-কমেডী ছবি 'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ । পংকজ পৰাশৰৰ দ্বাৰা পৰিচালিত ছবি 'চালবাজ ইন লণ্ডন' । ১৯৮৯ চনত শ্ৰীদেৱীয়ে ক্লাছিক 'চালবাজ ইন লণ্ডন' ৰ চৰিত্ৰত অভিনয় কৰিছিল ।
'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু শ্ৰদ্ধা কাপুৰ
'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু শ্ৰদ্ধা কাপুৰ

চিটাৰা ডেস্ক, ৪ এপ্ৰিল: ৰোমাণ্টিক-কমেডী ছবি 'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ । পংকজ পৰাশৰৰ পৰিচালিত ছবি 'চালবাজ ইন লণ্ডন' । ১৯৮৯ চনত শ্ৰীদেৱীয়ে ক্লাছিক 'চালবাজ ইন লণ্ডন'ৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখন ভূষণ কুমাৰ, কৃষাণ কুমাৰৰ টি চিৰিজ, পৰিচালক আহমেদ খান আৰু শ্বাইৰা খানৰ পেপাৰ ডল এণ্টাৰটেইনমেণ্টৰ এক যুটীয়া প্ৰযোজনা ।

ছবিখনত শ্ৰদ্ধাই দ্বৈত চৰিত্ৰত অভিনয় কৰিব । ইয়াকে লৈ সম্প্ৰতি যথেষ্ঠ উৎসাহী হৈ পৰিছে অভিনেত্ৰী গৰাকী ৷ এই সন্দৰ্ভত শ্ৰদ্ধাই মন্তব্য কৰে যে তেওঁৰ ওপৰত এক গধুৰ দায়িত্ব আছে যদিও সুখী । কিয়নো ভূষণ কুমাৰ আৰু আহমেদ খানে শ্ৰদ্ধাৰ প্ৰতি বিশ্বাস ৰাখি এই দায়িত্ব দিছে । ইয়াৰোপৰি, পংকজ পৰাশৰৰ সৈতে কাম কৰাটো তেওঁৰ বাবে এক মহান সুযোগ বুলিও উল্লেখ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, পংকজ পৰাশৰে ১৯৮৫ চনৰ জনপ্ৰিয় ধাৰাবাহিক কৰমচান্দৰ পৰিচালনা কৰিছিল । 'চালবাজ ইন লণ্ডন'ত ১৯৮৯ চনৰ ছবিখনৰ ৰিমেক নে কি সেই বিষয়ে এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই । এই ছবিখনত শ্ৰীদেৱীয়ে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক: ফিল্মফেয়াৰ বঁটা লাভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ তাপসী পান্নুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.