ETV Bharat / sitara

লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ বিতৰ্কত কিং খান

author img

By

Published : Feb 7, 2022, 1:56 PM IST

Updated : Feb 7, 2022, 5:00 PM IST

SRK
লতা মংগেশকাৰক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ বিতৰ্কত কিং খান

বৰ্তমান সামাজিক মাধ্যমত এখন ফটো সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰিছে ৷ লতাজীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা শ্বাহৰুখ খানৰ এখন ফটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে ৷ ‘দোৱা’ পঢ়াৰ পিছত লতাজীৰ মৃতদেহলৈ থুই পেলালে বুলি বেয়াকৈ সমালোচনা কৰিছে বলীউডৰ কিং খানক এচামে (Shah Rukh Khan Lata Mangeshkar funeral controversy) ৷

চিটাৰা ডেস্ক, 7 ফ্ৰেব্ৰুৱাৰী: কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুত সকলো শোকাকুল হৈ থকা সময়তে বিতৰ্কত সোমাই পৰিল শ্বাহৰুখ খান ৷ মহান শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনাই কিং খানে পাইছে একাংশৰ পৰা সমালোচনা ৷

দেওবাৰে শিৱাজী পাৰ্কত শেষকৃত্য় সম্পন্ন কৰা হয় ভাৰত ৰত্ন লতা মংগেশকাৰৰ ৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে নিজৰ মেনেজাৰ পূজা দাদলানীৰ সৈতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ নিমিত্তে উপস্থিত হয়গৈ শিৱাজী পাৰ্কত ( shah rukh khan at lata mangeshkar funeral) ৷

ভাইৰেল স্নেপত শ্বাহৰুখ খানে হাত ওপৰলৈ তুলি দোৱা পঢ়ি থকা আৰু মেনেজাৰ পূজাই হাতজোৰ কৰি গায়িকাগৰাকীক প্ৰণাম কৰি থকা দেখা গৈছে ৷ অভিনেতাজনে ফুলৰ মালাৰে শ্ৰদ্ধাঞ্জলি জনাই লতাজীৰ ভৰি চুই প্ৰণাম কৰে ৷ নেটিজেনসকলৰ কিছুমানে য’ত নেকি যথেষ্ট প্ৰশংসা কৰিছে শ্বাহৰুখৰ এই মহানুভৱতাক ৷ তাতে আকৌ আন একাংশই বিচাৰি পাইছে সমালোচনাৰ থল ৷

লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ বিতৰ্কত কিং খান

দৰাচলতে, দোৱা পঢ়াৰ পিছত লতা মংগেশকাৰৰ মৃতদেহলৈ মূৰ কৰি তেওঁলোকৰ নিয়মানুসৰি ফু মাৰিছিল শ্বাহৰুখে ৷ তাকে লৈ বিতৰ্কত নামি পৰিছে একাংশ ৷ তেওঁলোকে মন্তব্য কৰিছে যে অভিনেতাজনে লতাজীৰ মৃতদেহৰ ওপৰত থুৱালে ! (SRK spit on Lata Mangeskar)

শ্বাহৰুখৰ অনুৰাগীসকল আগবাঢ়ি আহিল প্ৰিয় অভিনেতাজনক বচাবলৈ ৷ সকলোৱে একে মুখে ক’লে যে এইয়া এক ধৰ্মীয় উপাসনাৰ নিয়ম য’ত দোৱা পঢ়াৰ পিছত মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে ফু মৰা হয় ৷

শ্বাহৰুখে যি কৰিছিল সেইয়া আছিল ফাতিহা ৷ ইছলাম ধৰ্মৰ এক প্ৰথা য’ত কোৰাণৰ কিছু নিৰ্বাচিত অংশ পঢ়া যায় আৰু তাৰ পাছত ফু মাৰি তাক সমাপ্ত কৰা হয় ৷ পুত্ৰ আয়ানৰ ড্ৰাগছ কেছৰ পিছত এইয়া প্ৰথমবাৰৰ বাবে কিং খান ৰাজহুৱাভাৱে ওলাই আহে ৷

লগতে পঢ়ক: লতা মংগেশকাৰ: ভাৰতৰ নাইটিংগেল

Last Updated :Feb 7, 2022, 5:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.