ETV Bharat / sitara

45 বছৰীয়া হ’ল অভিনেতা ৰণদীপ হুদা

author img

By

Published : Aug 20, 2021, 8:25 AM IST

আজি বলীউডৰ অভিনেতা ৰণদীপ হুদাৰ(Randeep Hooda)ৰ জন্মদিন ৷ অভিনয়ৰ বাহিৰেও অশ্ব আৰোহণ আৰু ফটোগ্ৰাফীতো এক সুকীয়া প্ৰতিভা আছে এইগৰাকী অভিনেতাৰ ৷

actor randeep hooda birthday
ৰণদীপ হুদাৰ জন্মদিন

চিটাৰা ডেস্ক, 20 আগষ্ট : 45 বছৰত ভৰি দিলে বলীউডৰ অভিনেতা তথা এগৰাকী অশ্ব আৰোহী ৰণদীপ হুদাৰ(Randeep Hooda)৷ 1976 চনৰ 20 আগষ্টত এটি ‘জাট’ (Jat) পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেতা ৰণদীপ হুদাই ৷ 2001 চনত মুক্তিলাভ কৰা মীৰা নায়াৰৰ দ্বাৰা পৰিচালিত ‘Monsoon wedding’ ছবিখনৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল ৰণদীপে । তাৰ পাচৰ পৰাই বলিউডত নিজৰ অভিনয়েৰে সকলোকে মুহি আহিছে অভিনেতাগৰাকীয়ে ৷

actor randeep hooda
ৰণদীপ হুদা

ইয়াৰ বাহিৰেও তেওঁ নতুন দিল্লীত এক অশ্ব আৰোহণ প্ৰতিযোগিতাত Equestrian Federation of Indiaৰ দ্বাৰা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ৰণদীপ হুদাৰ ওপজা দিনৰ শুভক্ষণত আহক জুকিয়াই চাও তেওঁৰ কেইটামান সফল চৰিত্ৰ...

  • ওৱানছ আপন এ টাইম ইন মুম্বাই(Once Upon a Time in Mumbai):

এই ছবিখনত ৰণদীপে 70ৰ দশকত মুম্বাইৰ পৰা মাফিয়াক আঁতৰ কৰোৱাৰ দায়িত্বত থকা এ চি পি এগনেল উইলছন নামত চৰিত্ৰটো ৰূপায়ন কৰিছিল ৷ অৱশ্যে ছবিখনৰ অন্তিম দৃশ্যাংশতে ৰণদীপৰ চৰিত্ৰটো অস্তিত্বশীল বুলি প্ৰমাণিত হৈছে ৷

  • লাল ৰংগ(Laal Rang):
    actor randeep hooda
    ৰণদীপ হুদা

লাল ৰংগ ছবিখনত ৰণদীপে হাৰিয়ানাৰ উপনগৰৰ এজন স্থানীয় লোকৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ চলচ্চিত্ৰখনে দৰ্শকৰ পৰা সৰ্বাধিক প্ৰশংসা লাভ কৰা নাছিল যদিও ৰণদীপৰ অৰ্ধ-মাতাল চৰিত্ৰটো স্পষ্টৰূপে ফুটি উঠিছিল ।

  • সৰৱজিৎ (Sarbjit):

2016 চনত মুক্তি পোৱা এই ছবিখনত ৰণদীপৰ চৰিত্ৰটো আছিল এটা কয়দীৰ চৰিত্ৰ, যিয়ে ভুলৱশতঃ ভাৰত-পাকৰ সীমা পাৰ হৈ পাকিস্তানত বন্দী হ’বলগীয়া হয় ৷ পাকিস্তানৰ কাৰাগাৰৰ এটা সৰু কোঠাত গোটেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল সৰৱজিৎ সিঙে ৷

Randeep-Alia
ৰণদীপ-আলিয়া
  • হাইৱে’(Highway):

ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনত ৰণদীপে এই ছবিখনত ‘মহাবীৰ ভাটি’ৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল, যিয়ে এটা উদ্দেশ্যৰ বাবে ‘বীৰা ত্ৰিপাঠী’(Alia Bhatt)ক অপহৰণ কৰে আৰু পাচত বীৰাৰ প্ৰেমত পৰে ৷ ছবিখনৰ অন্তিম দৃশ্যাংশত উপলব্ধি কৰিব পাৰি যে, গোটেই সময়খিনিত মহাবীৰে বীৰাৰ কোনো অপকাৰ নকৰি তাইক অৱশেষত মুকলি কৰি দিয়ে ৷

অভিনেতা, অশ্ব আৰোহীৰ উপৰিও ৰণদীপ হুদা এগৰাকী উৎকৃষ্টমানৰ ফটোগ্ৰাফাৰ ৷ ইটিভি ভাৰতৰ চিটাৰাৰ তৰফৰ পৰা অভিনেতাগৰাকীলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক : টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.