ETV Bharat / state

টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান

author img

By

Published : Aug 19, 2021, 5:42 PM IST

Updated : Aug 19, 2021, 6:03 PM IST

ক'ভিড মহামাৰীয়ে অসমীয়া ছবি উদ্যোগটোক স্থবিৰ কৰি ৰখা সময়তে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছে অসমীয়া অভিনেত্ৰী আইমী বৰুৱা ৷ উক্ত চলচ্চিত্ৰ মহোৎসৱত অভিনেত্ৰী গৰাকীলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷

aimee-baruah-won-the-best-actress-award-in-toronto-international-women-film-festival
টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান

গুৱাহাটী, 19 আগষ্ট: অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই বিশেষ সন্মান লাভ কৰিছে আইমী বৰুৱাই ৷ ডিমাচা ভাষাৰ ছবি 'ছেমখৰ'(Semkhor)ৰ বাবে এই সন্মান লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ ছবিখনত কেৱল অভিনয় কৰাই নহয় পৰিচালনাৰ দায়িত্বতো আছিল আইমী বৰুৱা ৷

টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত উক্ত সন্মান লাভ কৰাৰ পাছত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেত্ৰী আইমী বৰুৱাই ৷ 2017 চনতেই 'ছেমখৰ' ছবি নিৰ্মাণৰ বাবে আগবাঢ়ি যোৱা আইমী বৰুৱাই এই কৃতিত্বকলৈ অভিভূত হৈ পৰে ৷ অভিনেত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ছবিখনৰ আঁৰৰ কথা ৷ এইখন হৈছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ডিমাচা ভাষাৰ পূৰ্ণ দৈৰ্ঘৰ চলচ্চিত্ৰ ৷

টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান

চলচ্চিত্ৰখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ আৰু তেওঁলোকৰ ঐতিহ্যক পৰিস্ফুট কৰি নিৰ্মাণ কৰা হৈছে ৷ চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল এই ছবিখন ৷ এই ছেমখৰ ছবিখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো (Tagore International Film Festival) তিনিটা শিতানত সন্মান লাভ কৰিছিল ৷

ছবিখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত লাভ কৰা শিতান কেইটা আছিল-শ্ৰেষ্ঠ নাৰীৰ ওপৰত নিৰ্মিত ছবি (Best Women Film), শ্ৰেষ্ঠ আখ্যান(Best Narrative) আৰু নৱাগত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা( Best Debut Film Maker) ৷ সেইবাৰ আইমীয়ে লাভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৱাগত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান ৷ ক'ভিড মহামাৰীৰ গ্ৰাসত পৰি অসমীয়া ছবি উদ্যোগটো সম্পূৰ্ণ ৰূপে স্থবিৰ হৈ থকাৰ সময়তে অভিনেত্ৰী গৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈছে অভিনেত্ৰী গৰাকীৰ অনুগামী সকল ৷

লগতে পঢ়কঃ ওপজা দিনত নিস্তব্ধ গীতিকবিৰ সোণালীপাম

Last Updated : Aug 19, 2021, 6:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.