ETV Bharat / sitara

ক্ৰুজত ড্ৰাগছ পাৰ্টী গোচৰ : NCBৰ কাৰ্যালয়ত হাাজিৰ আৰিয়ান খান

author img

By

Published : Nov 5, 2021, 2:18 PM IST

শুকুৰবাৰে নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ কাৰ্যালয়ত হাজিৰ হয় বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান । জামিনৰ চৰ্ত সাপেক্ষে প্ৰতি শুকুৰবাৰে তেওঁক নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । কৰ্ডেলিয়া ক্ৰুজত পাৰ্টী চলি থকা অৱস্থাতে ড্ৰাগছ ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান খানক ।

Aryan Khan appears before NCB
NCBৰ ওচৰত হাাজিৰ আৰিয়ান খান

চিটাৰা ডেস্ক, ৫ নৱেম্বৰ : বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, সাপ্তাহিক উপস্থিতিৰ বাবে শুকুৰবাৰে নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ কাৰ্যালয়ত হাজিৰ হ'ল আৰিয়ান খান । যোৱা ২৯ অক্টোবৰত, বোম্বে উচ্চ ন্যায়ালয়ে আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰি নিৰ্দেশ জাৰি কৰিছিল যে তেওঁ প্ৰতি শুকুৰবাৰে এন চি বিৰ সন্মুখত হাজিৰ হ'ব লাগিব । লগতে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ পাছপ'ৰ্ট জমা দিবলৈও নিৰ্দেশ দিছিল আদালতে । আদালতে আৰিয়ান খানৰ লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচালৈও একে নিৰ্দেশ জাৰি কৰিছিল ।

তিনিওকে প্ৰতি শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা ২ বজাৰ ভিতৰত এন চি বিৰ মুম্বাইস্থিত কাৰ্যালয়ত হাজিৰ হ'বলৈ কৈছিল আদালতে । আদালতে যোৱা ২৯ অক্টোবৰত আৰিয়ানৰ লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰ জামিনো মঞ্জুৰ কৰিছিল । উল্লেখ্য যে, ২ অক্টোবৰত মুম্বাইৰ পৰা গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজত আৰিয়ান খানক আটক কৰা হৈছিল । এন চি বিৰ এটা দলে ক্ৰুজত ড্ৰাগছ পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাইছিল আৰু আৰিয়ানসহ কেইবাজনকো আটক কৰিছিল ।

ইয়াৰ পাচতে সোধা-পোছাৰ অন্তত নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ই আৰিয়ান আৰু বাকী লোককেইজনক গ্ৰেপ্তাৰ কৰে । এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে দুজন নাইজেৰিয়ান নাগৰিকসহ মুঠ ২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে, এই গোচৰ সন্দৰ্ভত নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ই অভিনেত্ৰী অনন্যা পাণ্ডেকো জেৰা চলাইছিল । লগতে তেওঁৰ ঘৰত অভিযানো চলায় । বৰ্তমান আৰিয়ানে জামিন লাভ কৰিছে যদিও এন চি বিয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:কেনেকৈ দীপাৱলী উদযাপন কৰিছে ৰণবীৰ-আলিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.