ETV Bharat / sitara

IB71 movie: বিদ্যুৎ জামৱালৰ সৈতে 'আইবি 71'ত অনুপম খেৰ

author img

By

Published : Mar 22, 2022, 9:48 PM IST

এক্সন হিৰো বিদ্যুৎ জামৱালৰ সৈতে নতুন ছবিৰ কাম আৰম্ভ কৰিলে অনুপম খেৰে (Anupam kher Vidyut Jammwal movie together) ৷ দ্য কাশ্মীৰ ফাইল্ছৰ অপাৰ সফলতাৰ পিছত অভিনেতাজন এতিয়া ব্যস্ত হৈ পৰিছে তেওঁৰ নতুন ছবিখনকলৈ ৷

IB71 movie
বিদ্যুৎ জামৱালৰ সৈতে 'আইবি 71'ত অনুপম খেৰ

চিটাৰা ডেস্ক, 22 মাৰ্চ: বলীউডৰ এক্সন হিৰো বিদ্যুৎ জামৱালৰ অনুৰাগী সকললৈ সুখবৰ ৷ শীঘ্ৰেই মুক্তি পাব অভিনেতাজনৰ এখন নতুন ছবি ৷ চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা শ্বুটিং চলি আছে ছবিখনৰ (IB71 movie cast)৷

এতিয়া ছবিখনৰ সৈতে জড়িত হৈ পৰিছে অনুপম খেৰ ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিদ্যুৎ জামৱালে ৷ দুই অভিনেতাই শ্বুটিঙৰ প্ৰথমদিনাৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে (Anupam kher new movie) ৷

Anupam kher
'আইবি 71'ত অনুপম খেৰ

অনুপম খেৰে নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টত বিদ্যুৎৰ সৈতে কেইখনমান ফটো শ্বেয়াৰ কৰিছে ৷ এইখন অভিনেতাজনৰ 523 সংখ্যক ছবি বুলিও উল্লেখ কৰিলে পোষ্টটোত ৷ বিদ্যুৎৰ প্ৰডাকচন হাউচ এক্সন হিৰো ফিল্মছে ছবিখন প্ৰযোজনা কৰিছে (Vidyut Jammwal latest movie) ৷ ছবিখনৰ নিৰ্দেশনাত অছে সংকল্প ৰেড্ডী ৷

Anupam kher
বিদ্যুৎ জামৱালৰ সৈতে 'আইবি 71'ত অনুপম খেৰ

ছবিখনৰ ছেটৰ পৰা আপলোড কৰা ফটোসমূহত দুয়ো অভিনেতাকে নিজ নিজ অৱতাৰত দেখা পোৱা গৈছে ৷ অনুপম খেৰক ছবিখনত কোনো ডাঙৰ আইবী অফিচাৰৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব বুলি সহজেই অনুমান কৰিব পাৰি ৷

Anupam kher
বিদ্যুৎ জামৱালৰ সৈতে 'আইবি 71'ত অনুপম খেৰ

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিত্ৰ নিৰ্মাতা সংকল্প ৰেড্ডীৰ সৈতে বিদ্যুৎৰ সৈতে এইখন প্ৰথম ছবি ৷ জানুৱাৰী মাহত ছবিখনৰ প্ৰথম অংশৰ শ্বুটিং শেষ কৰিছিল ছবিখনৰ টীমটোৱে ৷ এই ছবিখনেৰে বিদ্যুৎ জামৱালে চিত্ৰ নিৰ্মাতা হিচাপে প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰিব ৷

এক্সন আৰু ৰোমাঞ্চৰে ভৰপূৰ ছবিখনত বিদ্যুৎক এজন গুপ্তচৰৰ ভূমিকাত দেখিবলৈ পোৱা যাব ৷ সঁচা ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অচিৰেই বলীউডত আত্মপ্ৰকাশ কৰিব ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্যাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.