ETV Bharat / sitara

অচিৰেই বলীউডত আত্মপ্ৰকাশ কৰিব ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্যাই

author img

By

Published : Mar 21, 2022, 4:21 PM IST

Rajnikanth daughter bollywood debut
ৰজনীকান্তৰ জীয়াৰী ঐশ্বৰ্যাই কৰিব বলীউডত আত্মপ্ৰকাশ

ৰজনীকান্তৰ জীয়াৰী ঐশ্বৰ্যা আগবাঢ়িছে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ (Rajnikanth daughter to be debut in Bollywood) ৷ জনপ্ৰিয় অভিনেতা ধনুষৰ সৈতে অলপতে বৈবাহিক জীৱনৰ সমাপ্তি ঘটাইছিল ঐশ্বৰ্যাই ৷

চিটাৰা ডেস্ক, 21 মাৰ্চ: দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যা ৰজনীকান্তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে । ঐশ্বৰ্যা ৰজনীকান্ত দক্ষিণ ছবিজগতৰ এগৰাকী জনপ্ৰিয় পৰিচালক তথা গায়িকা ।

এতিয়া বলীউডত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ঐশ্বৰ্যা ৰজনীকান্ত (Rajnikanth daughter bollywood debut) ৷ প্ৰযোজক মীনু অৰোৰাৰ সৈতে ঐশ্বৰ্যাই তেওঁৰ প্ৰথমটো বলীউড প্ৰজেক্টৰ কাম হাতত লৈছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি, ঐশ্বৰ্যা ৰজনীকান্তৰ এই প্ৰথমটো বলীউড প্ৰজেক্ট এটি প্ৰেমৰ ঘটনাৰ ওপৰত আধাৰিত হ’ব ৷ ইতিমধ্যে ছবিখনৰ নামো থিৰাং কৰিছে নিৰ্মাতাই ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ঐশ্বৰ্যাই 'অ' সাথী চল' নামৰ এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিবলৈ আগবাঢ়িছে । চলচ্চিত্ৰখনৰ কাহিনীৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে । প্ৰযোজক মীনু অৰোৰাই জানিবলৈ দিয়া অনুসৰি ছবিখনৰ কলা-কুশলীসকলক এতিয়াও বাছনি কৰা হোৱা নাই । অলপতে 'মুছাফিৰ' গানটোৰ বাবে ঐশ্বৰ্যা চৰ্চালৈ আহিছিল ।

ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্যাই 2004 চনত দক্ষিণৰ অভিনেতা ধনুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ 18 বছৰীয়া এই যুগ্ম জীৱনৰ অন্ত পেলাই এই বছৰৰ আৰম্ভণিতে দুয়ো পৃথক হয় (Dhanush Divorce case ) । দুয়োৱে নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছিল । অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ প্ৰকৃত কাৰণ ।

অৱশ্যে বিচ্ছেদৰ পিছতো নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত কৃপণালি কৰা নাই ধনুষ আৰু ঐশ্বৰ্যাই ৷ নিজ সন্তানৰ দায়িত্ব অতি সুচাৰুৰূপে পালন কৰিছে দুয়োজনে । ব্যস্ততাৰ সময়তো পিতৃ মাতৃ দুয়ো এজনৰ আনজনৰ সাৰথি হৈ থিয় দিছে ৷ ধনুষ ব্যস্ত থকা সময়ত সন্তানে মাতৃ ঐশ্বৰ্যাৰ সৈতে সময় পাৰ কৰে (south superstar Dhanush wife name) ৷ ঠিক একেদৰে ঐশ্বৰ্যাৰ ব্যস্ততাৰ সময়ত সন্তানে ধনুষৰ সৈতে পাৰ কৰে সময় । এনেদৰেই দুয়োজনে লৈছে সন্তানৰ যত্ন ।

ধনুষ দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ এজন জনপ্ৰিয় অভিনেতা । বলীউডত ইতিমধ্যেই তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে । শেহতীয়াকৈ, ধনুষক 'আত্ৰাংগী ৰে' বোলছবিখনত দেখা গৈছিল । ছবিখনত তেওঁক চাৰা আলী খানৰ বিপৰীতে দেখা গৈছিল । অক্ষয় কুমাৰেও ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক: ধনুষ-ঐশ্বৰ্যৰ 18 বছৰীয়া যুগ্ম জীৱনৰ পৰিসমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.