ETV Bharat / sitara

ধনুষ-ঐশ্বৰ্যৰ 18 বছৰীয়া যুগ্ম জীৱনৰ পৰিসমাপ্তি

author img

By

Published : Jan 20, 2022, 11:13 AM IST

সোমবাৰে দাক্ষিণাত্যৰ অভিনেতা ধনুষে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিলে পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ৷ ধনুষৰ এই আকস্মিক ঘোষণাত হতভম্ব হৈ পৰে অনুৰাগীসকল ৷

DHANUSH AND AISHWARYA SEPARATED
অভিনেতা ধনুষ আৰু ঐশ্বৰ্যা ৰজনীকান্তে শেষ কৰিলে 18 বছৰীয়া যুগ্ম জীৱনৰ যাত্ৰা

চিটাৰা ডেস্ক, 20 জানুৱাৰী : 2022 বৰ্ষটোৰ আৰম্ভণিতে কেইবাটাও জনপ্ৰিয় যুটিৰ সম্পৰ্কত পৰিল যতি ৷ 17 জানুৱাৰীত অভিনেতা ধনুষে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এটা ষ্টেটমেণ্ট জাৰি কৰিছিল য’ত লিখা আছিল, "18 years of togetherness as friends, couple, as parents and well-wishers to each other.

The journey has been of growth, understanding, adjusting and adapting...

Today we stand at a place where our paths separate... Aishwaryaa and I have decided to part ways as a couple and take time to understand us as individuals for the better.

Please do Respect our decision and give us the needed privacy to deal with this.

Om Namashivaaya!

Spread love,

D.

মেগাষ্টাৰ ৰজনীকান্তৰ দুহিতা ঐশ্বৰ্যৰ সৈতে 2004 বৰ্ষৰ 18 নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল ধনুষ ৷ ধনুষৰ 'Kadhal Kondaen' ছবিখনৰ মুক্তিৰ সময়ত দুয়োৰে প্ৰথম সাক্ষ্যাৎ ঘটে ৷ যাত্ৰা আৰু লিংগা নামেৰে দুটাকৈ পুত্ৰ সন্তান আছে তেওঁলোকৰ ৷ ঐশ্বৰ্য ৰজনীকান্তেও নিজৰ ইন্ষ্টাগ্ৰামত একেদৰেই লিখি স্বামীৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰে ৷

সামাজিক মাধ্যমত এই খবৰে যথেষ্ট তোলপাৰ লগাইছে ৷ প্ৰত্যেকেই ঘোষণাটো সন্দৰ্ভত নিজ নিজ মত প্ৰকাশ কৰিছে ৷ বেছি সংখ্যক Social Media User দুয়োৰে এই সিদ্ধান্তত আচৰিত হোৱাৰ বিপৰীতে আন কিছুৱে অৱশ্যে এনে সংবেদনশীল মূহুৰ্তত দুয়োকে শক্তিশালী হৈ থকাৰ বাবে বাৰ্তা প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : ছবিৰ মাজেৰে চাওক পংকজ ত্ৰিপাঠীৰ 17 বছৰীয়া বিবাহ বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.