ETV Bharat / sitara

লুটকেছৰ বাবে কুনাল খেমুৰ প্ৰশংসাত পঞ্চমুখ হ'ল বিগ বি

author img

By

Published : Aug 17, 2020, 4:15 PM IST

Updated : Aug 17, 2020, 5:09 PM IST

ছবি লুটকেছত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰশংসা কৰিলে অভিনেতা কুনাল খেমুক ৷ বিগ বিৰ পৰা প্ৰশংসা লাভৰ পিছত যথেষ্ট সুখী হৈ পৰে অভিনেতা গৰাকী ৷

amitabh bachchan pens an appreciation note for Kunal kemmu
লুটকেছৰ বাবে কুনাল কেমুৰ প্ৰশংসাত পঞ্চমুখ হ'ল বিগ বি অমিতাভ বচ্চন

চিটাৰা ডেস্ক,17 আগষ্টঃ মহানায়ক অমিতাভ বচ্চনে ছবি লুটকেছত কুনাল খেমুৰ অভিনয় দেখাৰ পিছতে তেওঁলৈ লিখিত ৰূপত এক প্ৰশংসা সূচক বাৰ্তা প্ৰেৰণ কৰে ৷ এই বাৰ্তা লাভৰ পিছতে যথেষ্ট সুখী হৈ পৰে অভিনেতা গৰাকী ৷ এই কথা নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে জানিবলৈ দিছে অভিনেতা গৰাকীয়ে ৷

মেগাষ্টাৰ অমিতাভ বচ্চনে লিখিছে," কুনাল ,কিছু দিন পূৰ্বে মই আপোনাৰ ছবি লুটকেছ চাইছিলো ৷ এই কথা জনাবলৈ লিখিছো, মই কিমান উপভোগ কৰিছো ছবিখন ৷ ছবিখনৰ স্ক্ৰিপ্ট , নিৰ্দেশনা আৰু সহ-শিল্পীৰ দ্বাৰা নিৰূপন কৰা ভূমিকা যথেষ্ট প্ৰভাৱশালী ৷ "

ইয়াৰ লগতে বিগ বিয়ে কুনাল খেমুক প্ৰশংসা কৰি লিখে, "কিন্তু আপুনিটো কামাল কৰি দেখুৱালে, আপোনাৰ শৰীৰৰ অংগী ভংগী, ভাৱ ভংগী একদম উৎকৃষ্ট আছিল ৷ আপুনি এনেদৰেই ভাল কাম কৰি যাওক ৷ আপুনি সদায় সুখী থাকক, অমিতাভ বচ্চনৰ তৰফৰ পৰা মৰম ৷"

এই বাৰ্তা পোৱাৰ পিছতে যথেষ্ট সুখী হৈ পৰে অভিনেতা গৰাকী ৷ ইয়াৰ পিছতে কুনাল খেমুৱে কৃতজ্ঞতাৰ বাৰ্তা প্ৰেৰণ কৰে ছ'চিয়েল মিডিয়া যোগে ৷

লগতে পঢ়কঃসুশান্তৰ আত্মহত্যাক মানি ল'ব পৰা নাই দিলজিৎ দোচাঞ্জে

Last Updated :Aug 17, 2020, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.