ETV Bharat / sitara

মুক্তিলাভৰ 5 টা বছৰ সম্পূৰ্ণ MS Dhoni: The Untold Story ৰ

author img

By

Published : Sep 30, 2021, 11:07 AM IST

5 years of MS Dhoni: The Untold Story
এম এছ ধোনী দ্যা আনটোল্ড ষ্ট’ৰীৰ 5 বছৰ সম্পূৰ্ণ

মুক্তিৰ 5 টা বছৰ অতিক্ৰম কৰিলে ব্লকবাষ্টাৰ বায়’পিক ‘এম এছ ধোনী : দ্যা আনটোল্ড ষ্ট’ৰী’(MS Dhoni: The Untold Story)য়ে ৷ ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সি ধোনী(Mahendra Singh Dhoni)ৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখনে দৰ্শকক ধোনীৰ জীৱনৰ কঠিন যাত্ৰাক জুকিয়াই চোৱাৰ সুযোগ প্ৰদান কৰে ৷

চিটাৰা ডেস্ক, 30 ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সি ধোনী(Mahendra Singh Dhoni)ৰ জীৱনৰ ওপৰত আধাৰিত ব্লকবাষ্টাৰ বায়’পিক ‘এম এছ ধোনী: দ্যা আনটোল্ড ষ্ট’ৰী’(MS Dhoni: The Untold Story) আজিও চৰ্চিত চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ৷ আজি মুক্তিৰ 5 বছৰত ভৰি দিলে এই ক্ৰীড়াভিত্তিক ছবিখনে ৷

Sushant Singh RajputSushant Singh Rajput
সুশান্ত সিং ৰাজপুত

ছবিখনত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে(Sushant Singh Rajput) এম এছ ধোনীৰ আইকনিক চৰিত্ৰত অভিনয় কৰি ছবিখনক বক্স অফিচত অভিলেখ গঢ়াত সহায় কৰিছিল ৷ নীৰজ পাণ্ডেৰ পৰিচালনাত নিৰ্মিত এই বায়’পিকখনত সুশান্তৰ উপৰিও দিশা পাটানী, কিয়াৰা আদৱানী, অনুপম খেৰ, ভূমিকা চাওলা আৰু বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।

MS Dhoni: The Untold Story
এম এছ ধোনী: দ্যা আনটোল্ড ষ্ট’ৰী

জীৱনীমূলক ছবিখনৰ জৰিয়তে এম এছ ধোনীৰ জীৱনৰ কঠিন যাত্ৰা প্ৰত্যক্ষ কৰা সুযোগ লাভ কৰিছিল দৰ্শকে । শৈশৱৰ পৰা আৰম্ভ কৰি ক্ৰিকেট জগতলৈকে ধোনীৰ জীৱন যাত্ৰা ছবিযোগে জুকিয়াই চোৱাৰ সুবিধা লাভ কৰে চলচ্চিত্ৰপ্ৰেমী ৰাইজে ৷ এম এছ ধোনী : দ্যা আনটোল্ড ষ্ট’ৰীৰ মুক্তিলাভৰ 5 বছৰীয়া যাত্ৰাৰ শুভক্ষণত আহক উভতি যাও ছবিখনৰ কেইটামান আকৰ্ষণীয় দিশ...

হেলিকপ্টাৰ শ্বট(Helicopter Shot) : ক্ৰিকেট খেলাৰ সময়ত মহেন্দ্ৰ সিং ধোনীয়ে দেখুওৱা তেওঁৰ অন্যতম প্ৰদৰ্শন হৈছে হেলিকপ্টাৰ শ্বট ৷ ছবিখনত এই শ্বটটো আকৰ্ষণীয়ভাৱে সুশান্ত সিং ৰাজপুতেও অতি নিখুঁতভাৱে দেখুৱাইছিল । শ্বটটো নিখুঁতভাৱে দেখুওৱাৰ বাবে সুশান্তৰ প্ৰশংসাত পঞ্চমুখ হৈছিল ধোনী ৷

Sushant Singh Rajput
সুশান্ত সিং ৰাজপুত

অনুপম খেৰ(Anupam Kher) : প্ৰসিদ্ধ অভিনেতা অনুপম খেৰ, যিয়ে ছবিখনত ধোনীৰ পিতৃৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল ৷ আজিও এই চৰিত্ৰটো ৰূপায়ণ কৰি গৌৰৱান্বিত অভিনেতাগৰাকী ৷ নীৰজ পাণ্ডেৰ ছবিখনৰ আৰম্ভণি এক উৎকৃষ্ট ধৰণে হৈছিল । ছবিখনত ৰূপায়ণ কৰা চৰিত্ৰটো আজিও স্মৃতিৰে সজীৱ হৈ থকা বুলি অভিনেতা অনুপম খেৰে উল্লেখ কৰে ৷

ফিৰ চে(Phir Se) : চলচ্চিত্ৰখনৰ নিৰ্মাতাই ভাৰতীয় ক্ৰিকেট দলটোলৈ ’ফিৰ চে...’ গীতটি উৎসৰ্গিত কৰিছে ৷ যেতিয়া 2015 চনৰ বিশ্বকাপৰ দ্বিতীয় দিনা পাকিস্তানৰ সৈতে খেলিবলৈ সাজু হৈছিল ভাৰতীয় দলটো ৷

Dhoni-Sushant
ধোনী-সুশান্ত

লণ্ডন শ্বুট(London Shoot) : ছবিখনৰ কলা-কুশলীসকলে দৃশ্যগ্ৰহণৰ বাবে লণ্ডনলৈ যাবলৈ সাজু হৈছিল যদিও শেষ মুহূৰ্তত এই ভ্ৰমণ বাতিল কৰা হয় ৷ অৱশেষত মৰিচাছত দৃশ্যগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় ছবি নিৰ্মাতাই ৷

সুশান্ত সিং ৰাজপুত(Sushant Singh Rajput) : পৰিচালক নীৰজ পাণ্ডেই এখন আগশাৰীৰ দৈনিক কাকতত প্ৰকাশ কৰিছিল যে, সুশান্ত সিং ৰাজপুত ছবিখনৰ বাবে সঠিক বাছনি আছিল । কিয়নো ধোনী আৰু সুশান্ত একে সম্প্ৰদায়ৰ হোৱা হেতুকে ধোনীৰ উপভাষা আৰু উচ্চাৰণ কৰাত কোনো সমস্যা হোৱা নাছিল সুশান্তৰ ।

এম এছ ধোনী(MS Dhoni) : ছবিখনৰ কাহিনীভাগ আৰু সংলাপ লিখাৰ সময়ত উপস্থিত নাছিল এম এছ ধোনী ৷ পৰিচালক নীৰজ পাণ্ডেৰ গৱেষকৰ এটা দলে তথ্য আৰু পৃষ্ঠভূমিৰ সকলো তথ্য একত্ৰিত কৰিছিল ।

লগতে পঢ়ক : হাস্পতালত ভৰ্তি অভিনেত্ৰী শ্বেতা তিৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.