ETV Bharat / science-and-technology

UPI সেৱাকলৈ বিত্ত মন্ত্ৰাণালয়ে কৰিলে বিশেষ ঘোষণা

author img

By

Published : Aug 22, 2022, 10:21 PM IST

upi-services-to-remain-free-announces-finance-ministry
UPI সেৱাকলৈ বিত্ত মন্ত্ৰাণালয়ে কৰিলে বিশেষ ঘোষণা

ভাৰত চৰকাৰে UPI(Unified Payments Interface) সেৱাৰ ওপৰত কোনো ধৰণৰ চাৰ্জ আৰোপ নকৰে । UPIৰ লেনদেনত চাৰ্ভিচ চাৰ্জ বহন কৰাৰ সম্ভাৱনা থাকিব পাৰে বুলি অনলাইনত প্ৰচাৰ হোৱাৰ পিছত দেওবাৰে বিত্ত মন্ত্ৰাণালয়ে অস্বীকাৰ কৰে এই খবৰ ।

নেশ্যনেল ডেস্ক, 22 আগষ্ট: কিছুদিন পূৰ্বে ইউ পি আইৰ লেনদেনত চাৰ্ভিচ চাৰ্জ বহন কৰাৰ সম্ভাৱনা থাকিব পাৰে বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছিল ৷ জানিব পৰা মতে UPIয়ে প্ৰতিটো Transectionত চাৰ্জ আৰোপ কৰা হ'ব বুলি চৰ্চা চলিছিল ৷ বৰ্তমান এই সন্দৰ্ভত মুখ খুলিছে বিত্ত মন্ত্ৰাণালয়ে ৷

ভাৰত চৰকাৰে UPI(Unified Payments Interface) সেৱাৰ ওপৰত কোনো ধৰণৰ চাৰ্জ আৰোপ নকৰে । UPIৰ লেনদেনত চাৰ্ভিচ চাৰ্জ বহন কৰাৰ সম্ভাৱনা থাকিব পাৰে বুলি অনলাইনত প্ৰচাৰ হোৱাৰ পিছত দেওবাৰে বিত্ত মন্ত্ৰাণালয়ে এই খবৰ অস্বীকাৰ কৰে ।

টুইটযোগে এই কথা ঘোষণা কৰি বিত্ত মন্ত্ৰাণালয়ে কয় যে, "UPI হৈছে জনসাধাৰণৰ বাবে অপৰিসীম সুবিধা আৰু অৰ্থনীতিৰ বাবে উৎপাদনশীলতা লাভৰ সৈতে জড়িত এটা ডিজিটেল প্লেটফৰ্ম । ইউপিআই সেৱাৰ বাবে কোনো ধৰণৰ চাৰ্জ আৰোপ কৰাৰ বাবে চৰকাৰত কোনো বিবেচনা নাই (UPI services to remain free, announces Finance Ministry) । খৰচ আদায়ৰ বাবে সেৱা প্ৰদানকাৰীসকলৰ উদ্বেগ অন্য উপায়েৰে পূৰণ কৰিব লাগিব ।"

মন্ত্ৰালয়ে লগতে কয় যে, ‘‘চৰকাৰে 2021 বৰ্ষত #DigitalPayments পৰিৱেশ তন্ত্ৰৰ বাবে আৰ্থিক সহায় আগবঢ়াইছিল আৰু এই বছৰো একেখিনি কথা ঘোষণা কৰিছে যাতে #DigitalPaymentsক অধিক গ্ৰহণ কৰা আৰু অৰ্থনৈতিক আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ পে’মেণ্ট প্লেটফৰ্মৰ প্ৰচাৰক উৎসাহিত কৰিব পৰা যায়’’ ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুলাই মাহত UPIৰ লেনদেন ৬ বিলিয়ন অতিক্ৰম কৰাৰ প্ৰশংসা কৰিছিল । মোদীয়ে টুইট কৰি লিখিছিল যে, ‘‘এয়া এক অসাধাৰণ সাফল্য । ই ভাৰতৰ জনসাধাৰণে নতুন প্ৰযুক্তি আকোৱালি লোৱা আৰু অৰ্থনীতি স্বচ্ছ কৰাৰ বাবে ভাৰতৰ জনসাধাৰণৰ সামূহিক সংকল্পৰ ইংগিত দিয়ে । ক'ভিড-১৯ মহামাৰীৰ সময়ত ডিজিটেল পেমেণ্ট বিশেষভাৱে সহায়ক আছিল’’ । জুলাই মাহত ডিজিটেল লেনদেনৰ সংখ্যা ২০১৬ চনৰ পিছত সৰ্বাধিক । UPIয়ে ৬.২৮ বিলিয়ন লেনদেনৰ ৰিপৰ্ট দিছে যাৰ পৰিমাণ ১০.৬২ ট্ৰিলিয়ন টকা ।

লগতে পঢ়ক : মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম Spotifyয়ে গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.