ETV Bharat / science-and-technology

Samsung Smartphone: মুক্তিৰ পূৰ্বে লিক হ'ল Samsung Galaxy S23ৰ ফটো

author img

By

Published : Dec 19, 2022, 5:04 PM IST

Samsung S23 S23 Ultra 5G dummy images leak ahead of launch check leaked photos price specifications release date
মুক্তিৰ পূৰ্বে লিক হ'ল Samsung Galaxy S23ৰ ফটো

চমু চাপিছে Samsung Galaxy S23 চিৰিজৰ মুক্তিৰ দিন । কিন্তু লঞ্চিঙৰ পূৰ্বে ফাদিল হ'ল ইয়াৰ প্ৰথম লুকৰ ফটো । জানক এই ফোনৰ আৰু স্পেচিফিকেশন মূল্য আৰু মুকলিৰ দিন ।

আগন্তুক বছৰৰ আৰম্ভণিতে মুকলি কৰা হ’ব Samsung Galaxy S23 ছিৰিজ । লঞ্চৰ সময় ওচৰ চাপি অহাৰ লগে লগে বজাৰত বিভিন্ন ধৰণৰ উৰাবাতৰি ওলাবলৈ আৰম্ভ কৰে । এই উৰাবাতৰিৰ সহায়ত আগন্তুক স্মাৰ্টফোন সম্ভাৱ্য ৰূপ আৰু স্পেচিফিকেশন অনুমান কৰিব পাৰি ।

প্ৰতিবেদন অনুসৰি, Samsung Galaxy S23, Samsung Galaxy S23 Plus আৰু S23 Ultraৰ ডামি ফটো অনলাইনত লিক হৈছে । আগন্তুক গেলাক্সি এছ ছিৰিজৰ নতুন ফোনটোৰ সম্ভাৱ্য ডিজাইন আৰু স্পেচিফিকেশন চাওঁ আহক-

আগন্তুক ফোনটোৰ ফটো অনলিক্সৰ জৰিয়তে শ্বেয়াৰ কৰিছে SamMobileয়ে । লিক হোৱা ফটোবোৰৰ পৰা স্পষ্ট হৈ পৰিছে যে, চেমচাং গেলেক্সি এছ 23 স্মাৰ্টফোন গেলাক্সি এছ ২২ ছিৰিজৰ ফোনৰ দৰেই দেখা যাব । কোৱা হৈছে যে, চেমচাঙে এই ফোনটোক নিট এণ্ড ক্লীন লুক দিবলৈ কেমেৰা আইছলেণ্ডক আঁতৰাই পেলাব পাৰে ।

প্ৰত্যাশিত মুকলিৰ দিন

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত চেমচাঙৰ এই ফ্লেগশ্বিপ ছিৰিজ মুকলি হোৱাৰ সম্ভাৱনা আছে । ১৭ ফেব্ৰুৱাৰীৰ পৰা এই হেণ্ডছেটৰ বিক্ৰী আৰম্ভ হ’ব পাৰে । আশা কৰা হৈছে যে, চেমচাং গেলেক্সি এছ 23 ছিৰিজৰ কোৱালকম স্নেপড্ৰেগন 8 জেন 2 চিপছেটত সজ্জিত হ’ব । হেণ্ডছেটটো এণ্ড্ৰইড 13 অপাৰেটিং চিষ্টেমৰ ওপৰত ভিত্তি কৰি One UI out-of-the-boxত চলাবলৈ পৰামৰ্শ দিয়া হৈছে ।

200MP কেমেৰাৰ সৈতে একমাত্ৰ ফোন

কোৰিয়া আই টিৰ এক প্ৰতিবেদন অনুসৰি ছেমছাং ইলেক্ট্ৰনিকছৰ মোবাইল এক্সপিৰিয়েন্স ডিভিজনে নিশ্চিত কৰিছে যে, আগন্তুক চেমচাং গেলেক্সি এছ ২৩ৰ পিছফালৰ কেমেৰাই ২০০এমপি কেমেৰা চেন্সৰ সমৰ্থন কৰিব পাৰে । ছেমছাঙৰ আগন্তুক স্মাৰ্টফোনত 200MP কেমেৰা থকা এয়া একমাত্ৰ স্মাৰ্টফোন হ’ব ।

আকাৰত পুৰণি Galaxy S22 Ultraৰ সৈতে একে

টিপষ্টাৰ Ice Universeয়ে ইতিমধ্যে Weiboত জনাইছিল যে, এই আপকামিংগ স্মাৰ্টফোনটোত ৫,০০০mAhৰ বেটাৰী থাকিব পাৰে । আগন্তুক চেমচাং গেলেক্সি এছ ছিৰিজৰ ফোনটোৰ সম্ভাৱ্য ওজন প্ৰায় ২২৮ গ্ৰাম হ’ব পাৰে বুলি অনুমান কৰা হৈছে । ইয়াৰ ৰূপ আৰু আকাৰ পুৰণি গেলাক্সি এছ 22 আল্ট্ৰাৰ দৰেই হ’ব পাৰে ।

আইফোন 14 ছিৰিজৰ দৰেই হ’ব পাৰে

এই ফোনটোও আইফোন 14 ছিৰিজৰ দৰেই হ’ব পাৰে । Elecৰ এক প্ৰতিবেদন অনুসৰি, Samsung Galaxy S23ত চেটেলাইট সংযোগ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনাও কৰা হৈছে । এই প্ৰতিবেদনত এইটোও কোৱা হৈছে যে, ইৰিডিয়াম গ্ল’বেল চেটেলাইট কমিউনিকেচন কোম্পানীটোৰ জৰিয়তে চেমচাং চেটেলাইট সংযোগ চলিব পাৰে ।

লগতে পঢ়ক: Twitter chief Elon Musk: টুইটাৰৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিব নেকি ইলন মাস্কে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.