ETV Bharat / lifestyle

ভাৰতত প্ৰথম iPhone 13 বিক্ৰীৰ বাবে উপলব্ধ কৰিলে Tata CLiQ-এ

author img

By

Published : Sep 25, 2021, 3:52 PM IST

শুকুৰবাৰে Tata CLiQত উপলব্ধ হ'ল APPLEৰ iPhone 13 । Tata CLiQ হৈছে ভাৰতৰ প্ৰথমটো ই-কমাৰ্চ প্লেটফৰ্ম, য'ত iPhone 13 প্ৰথম উপলব্ধ কৰা হৈছে । আন ই-কমাৰ্চ প্লেটফৰ্মৰ গ্ৰাহকে অৰ্ডাৰ কৰাৰ পূৰ্বেই Tata CLiQৰ গ্ৰাহকে লাভ কৰিলে iPhone 13 ।

Tata CLiQ first to deliver iPhone 13 in India
ভাৰতত প্ৰথম iPhone 13 বিক্ৰীৰ বাবে উপলব্ধ কৰিলে Tata CLiQএ

নিউজ ডেস্ক, ২৫ ছেপ্টেম্বৰ: ভাৰতৰ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম Tata CLiQ-এ শুকুৰবাৰে গ্ৰাহকক আচৰিত কৰি এপটোত উপলব্ধ কৰিলে APPLEৰ iPhone 13 । Tata CLiQৰ গ্ৰাহকসকলে দেশৰ ভিতৰতে প্ৰথমে APPLEৰ iPhone 13 অৰ্ডাৰ কৰাৰ সুযোগ লাভ কৰে । লগতে একাংশ ভাগ্যবান গ্ৰাহকক Tata CLiQৰ তৰফৰ পৰা তাজ হোটেলৰ কৰ্মচাৰীয়ে নিজ হাতেৰে iPhone 13 দিয়ে ।

Tata CLiQৰ মুখ্য চাপ্লাই চেইন বিষয়া সন্দীপ কুলকাৰ্ণীয়ে কয় যে, "গ্ৰাহকৰ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দি কোম্পানীটোৱে ন ন পদক্ষেপ লৈছে । iPhone 13ৰ এনে ডেলিভাৰী গ্ৰাহকৰ মুখত হাঁহি বিৰিঙি উঠিব পৰাকৈ এক প্ৰয়াস বুলি তেওঁ মন্তব্য কৰে । এগৰাকী গ্ৰাহক কয় যে, পুৱাই নতুন iPhone 13 লাভ কৰি তেওঁ আনন্দিত হৈ পৰিছে ।

এই দিনটো তেওঁৰ বাবে বিশেষ বুলি গ্ৰাহকগৰাকীয়ে মন্তব্য কৰে আৰু লগতে Tata CLiQক ধন্যবাদ জ্ঞাপন কৰে । Tata CLiQ-এ গ্ৰাহকক ফেশ্বন, ইলেক্ট্ৰনিকছ সামগ্ৰী, সৌন্দৰ্য চৰ্চা আৰু ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী যোগান ধৰি আহিছে ।

লগতে পঢ়ক: ক'ভিড গৱেষণাৰ বাবে ভিয়েটনামী প্ৰতিষ্ঠানৰে বুজাবুজি চুক্তি ভাৰতীয় সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.