ETV Bharat / lifestyle

চলিত বৰ্ষতে বজাৰলৈ আহিব ব্লেকবেৰীৰ নতুন স্মাৰ্টফোন

author img

By

Published : Feb 16, 2021, 4:12 PM IST

New smartphones by BlackBerry to launch this year
চলিত বৰ্ষতে বজাৰলৈ আহিব ব্লেকবেৰীৰ নতুন স্মাৰ্টফোন

বিক্ৰী হ্ৰাস পোৱাৰ লগতে ৰাইজৰ মাজত iPhone আৰু এনৰইড স্মাৰ্টফোনৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে 2016 চনত ব্লেকবেৰীয়ে ব্যৱসায় বন্ধ কৰি দিছিল ৷ কিন্তু চলিত বৰ্ষতে পুনৰ বজাৰলৈ উভিটিব ব্লেকবেৰীৰ নতুন 5G স্মাৰ্টফোন ৷

নিউজ ডেস্ক,16 ফেব্ৰুৱাৰী: 2021ৰ শেষলৈকে পুনৰ বজাৰলৈ আহিব ‘ব্লেকবেৰী’ৰ নতুন ফোন ৷ ব্লেকবেৰীৰ নতুন স্বাত্বাধিকাৰী টেক্সাছ স্থিত প্ৰতিষ্ঠান ‘অনৱাৰ্ড ম’বিলিটি’য়ে সদৰি কৰিছে এই কথা ৷

উল্লেখ্য যে, বিগত বৰ্ষতে ব্লেকবেৰীয়ে ইয়াৰ সহযোগী TCL ৰে মিত্ৰতা ভংগ কৰিছিল ৷ আৰু ইয়াৰ কেইমাহমান পিছতে ই ‘অনৱাৰ্ড ম’বিলিটি’ৰ সৈতে মিত্ৰতা স্বাক্ষৰ কৰিছিল ৷

GizChinaৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনৱাৰ্ড ম’বিলিটিৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ ফ্ৰেংকলিনে সদৰি কৰে যে, চলিত বৰ্ষতে প্ৰতিষ্ঠানটোৱে নতুন 5G ফোন মুকলি কৰিব ৷ প্ৰতিষ্ঠানটোৱে সম্প্ৰতি ব্লেকবেৰীৰ নতুন 5G ফোনৰ নিৰ্মানৰ বাবে ফক্সক’নৰ সৈতে কাম কৰি আছে ৷

এই নতুন ফোনটোত সুক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে ৷ এই পৰ্যন্ত এই নতুন ফোন সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই ইয়াৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠানখনে ৷

ব্লেকবেৰীয়ে 2021 বৰ্ষত অনৱাৰ্ড ম’বিলিটি আৰু FIH ম’বাইল লিমিটেডৰ অধীনত উত্তৰ আমেৰিকা আৰু ইউৰোপত পুনৰ উভটি অহাৰ বাতৰি বিগত বৰ্ষতে প্ৰকাশ পাইছিল ৷ বিক্ৰী হ্ৰাস পোৱাৰ লগতে ৰাইজৰ মাজত iPhone আৰু এনৰইড স্মাৰ্টফোনৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে 2016 চনত ব্লেকবেৰীয়ে ব্যৱসায় বন্ধ কৰি দিছিল ৷

লগতে পঢ়ক-চৰম প্ৰাকৃতিক দুৰ্যোগৰ গৰাহত হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.