ETV Bharat / jagte-raho

ফেচবুকত প্ৰেমত পৰি দেউলীয়া হ’ল চফ্টৱেৰ অভিযন্তা !

author img

By

Published : Jan 25, 2021, 9:58 PM IST

ফেচবুকত প্ৰেমত পৰি দেউলীয়া হ’ল চফ্টৱেৰ অভিযন্তা !
ধুনীয়া ছোৱালীৰ ফটো দেখি প্ৰেমত পৰোতে সাবধান !

ফেচবুকত প্ৰেম কৰোতে সাৱধান ৷ কাৰণ ফেক একাউন্টৰ জালত পৰি আপুনি দেউলীয়া হ'ব পাৰে ৷ শিৱাসগৰত সংঘটিত হৈছে এনেকুৱা এক অনুৰূপ ঘটনা ৷ গুৱাহাটীৰ যুৱকৰ সৈতে প্ৰেমৰ খেল খেলি সৰকালে লক্ষাধিক টকা ৷

আমগুৰি, 25 জানুৱাৰী : ফেচবুকত প্ৰেমৰ নামত লুণ্ঠনৰ জাল । ভুৱা ফেচবুক একাউণ্টত প্ৰেমৰ জাল পাতি লুটিলে প্ৰায় পোন্ধৰ লাখ টকা । ফেচবুকত আন যুৱতীৰ ফটো ব্যৱহাৰ কৰি প্ৰেমৰ অভিনয়েৰে যুৱকে সৰকালে বৃহৎ অংকৰ ধন । প্ৰতাৰিত প্ৰমিকৰ পৰা প্ৰেমিকাই এক বছৰত শকত অংকৰ ধন সৰকোৱাৰ পিচতহে জ্ঞাত হ’ল প্ৰেমিক ।

এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত । প্ৰৱঞ্চকৰ লগতে প্ৰৱঞ্চকৰ পত্নীয়ে প্ৰেমিকাৰ ভাও ধৰি প্ৰেমৰ অভিনয়েৰে কথা পাতিছিল যুৱকজনৰ সৈতে ।

facebook-feaud-in-sivsagar
যুৱতীৰ নামৰে ফেচবুক একাউন্ট খোলা শিৱসাগৰৰ যুৱকজন

ঘটনাৰ বিৱৰণ অনুসৰি, গুৱাহাটীৰ এজন যুৱক ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল ৰুহি আহমেদ নামৰ যুৱতী এগৰাকীৰ সৈতে । এজনে আনজনক নেদেখাকৈয়ে কেৱল ৰুহি আহমেদৰ প্ৰফাইল ফটো দেখিয়েই প্ৰেমত পৰিল গুৱাহাটীৰ যুৱকজন । বিগত এটা বছৰত ফেচবুক প্ৰেমিকাৰ নামত যুৱকজনে পোন্ধৰ লাখৰো অধিক ধন খৰছ কৰিলে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় শিশু বঁটাপ্ৰাপকসকলৰ সৈতে মতবিনিময় মোডীৰ

পৰৱৰ্তী সময়ত প্ৰেমিকাৰ সৈতে মতানৈক্য ঘটাত প্ৰেমিকাৰ ঘৰ বিচাৰি শিৱসাগৰ পালেহি পেছাত ছফ্টৱেৰ ইঞ্জিনীয়াৰ যুৱকজন । তেতিয়াহে গম পালে ঘটনাৰ আচল ৰহস্য । আচলতে ৰুহি আহমেদ এটা ফেক ফেচবুক একাউণ্ট আৰু শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ বাবলু ওৰফে সমীৰ হান্নান আহমেদ নামৰ এজন যুৱকে নিজৰ সম্বন্ধীয় ভনীয়েকৰ ফটো ব্যৱহাৰ কৰি ইমানদিনে প্ৰেমৰ অভিনয়েৰে যুৱকজনৰ মোটা অংকৰ ধন সৰকাই আছিল ।

ফেচবুকত প্ৰেমত পৰি দেউলীয়া হ’ল চফ্টৱেৰ অভিযন্তা !

21 জানুৱাৰীত শিৱসাগৰ আহি বহু সন্ধানৰ অন্তত যুৱকজন প্ৰৱঞ্চিত হোৱাৰ বিষয়ে জ্ঞাত হয় । আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা যিগৰাকী ছাত্ৰীৰ ফটো ব্যৱহাৰ কৰি বাবলু নামৰ যুৱকজনে এই জাল তৰিছিল সেই ছাত্ৰী গৰাকীও উক্ত দিনাহে ঘটনাৰ বিষয়ে জ্ঞাত হয় । ইতিমধ্যে, ছাত্ৰী গৰাকীৰ পৰিয়ালে গৌৰীসাগৰ আৰক্ষী থানাত বাবলু নামৰ প্ৰবঞ্চকৰ বিৰুদ্ধে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.