ETV Bharat / jagte-raho

আইপিএছ বিষয়াৰ ভুৱা ফেচবুক আইডিৰে চাইবাৰ অপৰাধ সংঘটিত

author img

By

Published : Dec 23, 2020, 8:58 PM IST

আইপিএছ বিষয়াৰ ভুৱা ফেচবুক আইডিৰে চাইবাৰ অপৰাধ সংঘটিত
আইপিএছ বিষয়াৰ ভুৱা ফেচবুক আইডিৰে চাইবাৰ অপৰাধ সংঘটিত

অসমত কাম কৰাৰ পৰিচয় দি ভুৱা আইপিএছ বিষয়াৰ নামেৰে সংঘটিত হৈছে চাইবাৰ অপৰাধ ৷

নিউজ ডেস্ক, 23 ডিচেম্বৰ : বেংগালুৰু চাইবাৰ আৰক্ষী চকীত এগৰাকী ঠগৰ বিৰুদ্ধে ৰুজু হৈছে চাইবাৰ অপৰাধৰ ঘটনা ৷ ফেচবুকত ভুৱা পৰিচয় দি ৰাইজৰ পৰা টকা লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে ৷ দৰাচলতে নিজকে ড৹ ৰূপা নামে পৰিচয় দি ৰাইজৰ পৰা টকা সংগ্ৰহ কৰে অপৰাধীয়ে ৷ ড৹ ৰূপাই বৰ্তমানে গৃহ সচিবৰ কাৰ্যালয়ত এগৰাকী আৰক্ষী মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে ৷

চাকোলিন চৌধুৰী শৰ্মা নামৰ ফেচবুক একাউন্ট হোল্ডাৰগৰাকীয়ে ড৹ ৰূপাৰ ফটো ব্যৱহাৰ কৰি এই অপৰাধ সংঘটিত কৰে ৷ বিভিন্নজনক ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাই নিজকে এগৰাকী আইপিএছ হিচাপে চিনাকী দি আৰু বৰ্তমানে অসমত কৰ্মৰত বুলি কৈ এই অপৰাধ সংঘটিত কৰি আহিছে ৷ পৰৱৰ্তী সময়ত মেছেঞ্জাৰত মেছেজ কৰি হোৱাটছ এপ নম্বৰ লৈ তেওঁলোকক ন্যাসৰ নামত টকা বিচাৰে চাকোলিন চৌধুৰী শৰ্মাই ৷

ইমানতে ক্ষান্ত নাথাকি হোৱাটছ এপ গ্ৰুপ বনাই ন্যাসৰ নামত এইদৰে টকা সংগ্ৰহ কৰি আহিছিল অপৰাধীয়ে ৷ অৱশেষত ড৹ ৰূপাই এই সন্দৰ্ভত অৱগত হৈ বেংগালুৰু চাইবাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ ঘটনা সন্দৰ্ভত চাইবাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : প্ৰকৃত নিয়ন্ত্ৰণৰেখাত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.