ETV Bharat / international

Afghanistan beauty salons bans: তালিবানে মহিলাৰ বিউটি পাৰ্লাৰ বন্ধ কৰাৰ আঁৰত কি আছিল ?

author img

By

Published : Jul 23, 2023, 4:34 PM IST

Afghanistan beauty salons bans
তালিবানে মহিলাৰ বিউটি পাৰ্লাৰ বন্ধ কৰাৰ আঁৰত কি আছিল

আফগানিস্তানৰ শেহতীয়া চৰকাৰ তালিবানে দেশখনত মহিলাৰ বিউটি পাৰ্লাৰ বন্ধ কৰিছে । মেক আপ আৰ্টিষ্টসকল চৰকাৰৰ এই সিদ্ধান্তক লৈ উদ্বিগ্ন হৈ আছে । পিছে পাৰ্লাৰসমূহ বন্ধ কৰাৰ কাৰণ কি আপুনি জানেনে ? তালিবানে এই সন্দৰ্ভত দিলে স্পষ্টীকৰণ ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ জুলাই : আফগানিস্তানত মহিলাৰ বিউটি পাৰ্লাৰ নিষিদ্ধ কৰাক লৈ বিভিন্ন মহলত বিতৰ্ক অব্যাহত আছে । ইয়াক লৈ তালিবান চৰকাৰক বিভিন্ন পক্ষই তীব্ৰ সমালোচনা কৰিছে । ইয়াৰ মাজতে তালিবান চৰকাৰৰ অদ্ভুত স্পষ্টীকৰণ । পাৰ্লাৰসমূহে পালন কৰা নাছিল চৰকাৰী নীতি নিৰ্দেশনা যাৰ বাবে নিষিদ্ধ কৰা হৈছে মহিলাৰ পাৰ্লাৰসমূহ ।

তালিবান চৰকাৰৰ নিৰ্দিষ্ট মন্ত্ৰালয়ে (Ministry of Vice and Virtue) কোৱা মতে যে তেওঁলোকক মহিলাৰ বিউটি পাৰ্লাৰ নিষিদ্ধ কৰিছে কিয়নো তেওঁলোকে মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশনাবোৰ কাৰ্যকৰী কৰাত অৱহেলা কৰিছিল ।

স্থানীয় সংবাদমাধ্যমে জনোৱা মতে মন্ত্ৰালয়ে নিৰ্দেশনাসমূহ ৪ মাহ পূৰ্বে মহিলাৰ বিউটি পাৰ্লাৰসমূহলৈ প্ৰেৰণ কৰিছিল কিন্তু তেওঁলোকে সেইবোৰ নিয়ম অনুসৰণ কৰা নাছিল । নিৰ্দেশনা অনুসৰি মহিলা মেক-আপ আৰ্টিষ্টসকলে প্ৰাৰ্থনাৰ সময়ত প্ৰাৰ্থনা কৰা উচিত আৰু তেওঁলোকে ইছলামিক হিজাব পৰিধান কৰা উচিত । স্নান সম্পৰ্কেও বহুতো নিৰ্দেশনা আছিল, যেনে মহিলাসকলে মেকআপ লোৱাৰ পূৰ্বে স্নান কৰিব লাগে, প্ৰতিগৰাকী মহিলাৰ বিউটি পাৰ্লাৰত স্নানৰ স্থান থাকিব লাগে ।

তদুপৰি, মহিলা মেকআপ আৰ্টিষ্টসকলক গ্ৰাহকৰ ঘৰলৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল । মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ আকিফ মহাজাৰে কয় যে চৰকাৰে তেওঁলোকক কেইবামাহ ধৰি যিকোনো অৱস্থাত পাৰ্লাৰসমূহৰ অনুমতি দিছে কিন্তু যিহেতু তেওঁলোকে নিৰ্দেশনা পূৰণ কৰা নাছিল আৰু ইয়াক কাৰ্যকৰী কৰা নাছিল সেয়েহে সেইবোৰ বন্ধ কৰি দিয়া হৈছে ।

কাবুলৰ মহিলা বিউটি পাৰ্লাৰ সন্থাৰ মুৰব্বী মীনা চুলতানীয়ে কয় যে চৰকাৰে তেওঁলোকক কৈছিল যে মহিলা মেক-আপ আৰ্টিষ্টসকলে পাৰ্লাৰচ টেটু অংকন কৰিব নালাগে । গ্ৰাহকসকলে হিজাব অবিহনে থাকিব নালাগে আৰু চেলুনৰ ভিতৰত হিজাব পৰিধান কৰিব থাকিব লাগে । এই নিৰ্দেশনা তেওঁলোকে পালন কৰিছিল ।

আনকি আন মেক আপ আৰ্টিষ্টসকলেও চৰকাৰক অনুৰোধ জনাইছে তেওঁলোকে স্নান কৰাকে ধৰি সকলো নিৰ্দেশনা পালন কৰিব । কিন্তু পাৰ্লাৰবোৰ বন্ধ কৰিব নালাগে । মেক আপ আৰ্টিষ্টসকলৰ মতে চৰকাৰে প্ৰথমে পাৰ্লাৰবোৰ পৰিদৰ্শন কৰিব লাগিছিল আৰু যিসকলে নিৰ্দেশনা পালন কৰা নাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিছিল ।

মেক আপ আৰ্টিষ্টসকলে চৰকাৰক অনুৰোধ জনাইছে যাতে তেওঁলোকক এটা সুযোগ দিয়ে । কিয়নো প্ৰায় ১২,০০০ পাৰ্লাৰত কৰ্মৰত ৫০,০০০ৰো অধিৰ কৰ্মচাৰীয়ে ইয়াৰ দ্বাৰা সংস্থাপন হেৰুৱাব ।

লগতে পঢ়ক :Taliban Bans Women in Gardens : হেৰাটৰ বাগিচা থকা ৰেষ্টুৰেণ্টত মহিলাক নিষিদ্ধ তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.