ETV Bharat / international

Taliban Bans Women in Gardens : হেৰাটৰ বাগিচা থকা ৰেষ্টুৰেণ্টত মহিলাক নিষিদ্ধ তালিবানৰ

author img

By

Published : Apr 11, 2023, 12:55 PM IST

Taliban Bans Women in Gardens
মহিলাৰ ওপৰত পুনৰ নিষেধাজ্ঞা তালিবানৰ

মহিলাৰ ওপৰত পুনৰ নিষেধাজ্ঞা তালিবানৰ (Taliban Bans Women in Gardens) । উদ্যান থকা ৰেষ্টুৰেণ্টত প্ৰৱেশ নিষিদ্ধ মৰিলা তথা পৰিয়ালৰ । এই তালিবানী ফটোৱা বৰ্তমান হেৰাটৰ ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ।

ইণ্টাৰনেচনেল ডেস্ক, ১১ এপ্ৰিল : নিজৰ প্ৰকৃত স্বৰূপ এটা এটাকৈ দেখুৱাবলৈ আৰম্ভ কৰিছে আফগানিস্তানৰ তালিবান শাসকে । বিশেষকৈ আফগানিস্তানৰ শাসন-ক্ষমতা হস্তগত কৰাৰ পিচত প্ৰথমাৱস্থাত মহিলাসকলক নিজৰ স্বাধীনতা প্ৰদান কৰা হ'ব বুলি তালিবান প্ৰশাসনে ঘোষণা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত তাৰ ওলোটাহে হয় । মহিলাসকলৰ বিভিন্ন অধিকাৰত আঘাত হানি পুনৰ তেওঁলোকৰ স্বাধীনতা হৰণত উঠি-পৰি লাগিছে তালিবানী প্ৰশাসন । শেহতীয়াভাৱে মহিলাৰ ওপৰত আন এক তালিবানী ফটোৱাৰ ঘটনা প্ৰকাশ পাইছে ।

ফক্স নিউজৰ (Fox News) বাতৰি অনুসৰি, তালিবানে সোমবাৰে আফগানিস্তানৰ হেৰাট প্ৰদেশত বাগিচা বা সেউজীয়া ঠাই থকা ৰেষ্টুৰেণ্টত পৰিয়াল আৰু মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে (Taliban Bans Women in Gardens of Herat) । ধৰ্মগুৰুসকলে এনে ঠাইত ভিন্ন লিংগৰ মিলন হোৱাৰ অভিযোগ কৰাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সন্দৰ্ভত আফগান চৰকাৰৰ বক্তব্য, এনে স্থানত এই নিষেধাজ্ঞাবোৰ এই কাৰণেই অনা হৈছে যে তাত ভিন্ন লিংগৰ লোকৰ সংমিশ্ৰণ ঘটে বা মহিলাসকলে হিজাব পৰিধান নকৰে ।

অৱশ্যে বৰ্তমানলৈকে এই নিষেধাজ্ঞা কেৱল হেৰাট প্ৰদেশত বাগিচা থকা ৰেষ্টুৰেণ্টবোৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব (Taliban bans women from restaurants with gardens) । উল্লেখ্য যে, কেৱল হেৰাটৰ ৰেষ্টুৰেণ্টবোৰৰ ক্ষেত্ৰতহে বাহিৰৰ ডাইনিং ব্যৱস্থাত নিষেধাজ্ঞা প্ৰযোজ্য হ'ব (Taliban rule in Afghanistan) । অৱশ্যে পুৰুষৰ বাবে এনে চৌহদ মুকলি থাকিব ।

ফক্স নিউজৰ বাতৰি অনুসৰি, হেৰাটৰ এগৰাকী বিষয়া বাজ মহম্মদ নাজিৰে সংবাদ মাধ্যমৰ বাতৰি অস্বীকাৰ কৰি কয় যে সকলো ৰেষ্টুৰেণ্টতেই পৰিয়াল আৰু মহিলাৰ বাবে কেতবোৰ সীমাবদ্ধতা আছে । এই বাতৰি এক অপপ্ৰচাৰ বুলিও তেওঁ উৰুৱাই দিয়ে । তেওঁ কয় যে এই নিষেধাজ্ঞা কেৱল সেউজীয়া এলেকা থকা ৰেষ্টুৰেণ্ট যেনে পাৰ্কতহে প্ৰযোজ্য, য'ত পুৰুষ আৰু মহিলাই লগ পাব পাৰে ।

"বিশিষ্ট ব্যক্তি আৰু সাধাৰণ লোকসকলে বাৰে বাৰে অভিযোগ কৰাৰ পিছত আমি নিৰ্দিষ্ট সীমাৰ ভিতৰত এই ৰেষ্টুৰেণ্টবোৰ বন্ধ কৰি দিছো ।" হেৰাটৰ এগৰাকী বিষয়া আজিজুৰ ৰহমান আল মুহাজিৰে কয়, "এইবোৰ এখন উদ্যানৰ দৰে আছিল ৷ কিন্তু তেওঁলোকে ইয়াক এখন ৰেষ্টুৰেণ্ট নাম দিছিল আৰু তাত পুৰুষ আৰু মহিলা একেলগে আছিল । ভগৱানক ধন্যবাদ যে সেইটো ব্তমান সংশোধন কৰা হৈছে । লগতে আমাৰ বিষয়াসকলে পুৰুষ আৰু মহিলাসকল একেলগে যোৱা উদ্যানবোৰৰ ওপৰতো চকু ৰাখিছে’’ ।

উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত ক্ষমতা দখল কৰাৰ পিচত তালিবানে আৰোপ কৰা কেইবাটাও নিষেধাজ্ঞাৰ ভিতৰত এইটো হৈছে শেহতীয়া নিষেধাজ্ঞা ।

লগতে পঢ়ক :BBC Twitter label controversy: BBCৰ একাউণ্টত চৰকাৰী অনুদানপ্ৰাপ্ত মিডিয়াৰ লেবেল লগালে টুইটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.