ETV Bharat / international

G20 Summit in India : ভাৰতত জি২০ সন্মিলনত অংশগ্ৰহণ নকৰে পুটিনে

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 5:05 PM IST

G20 Summit in India
G20 Summit in India

"ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰা নাই । এতিয়া মুখ্য গুৰুত্ব হৈছে এক বিশেষ সামৰিক অভিযান ।" ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ডিমিত্রি পেছকভে কয় ।

ইণ্টাৰনেচনেল ডেস্ক, ২৫ আগষ্ট : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অহা ৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে । ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিত্রি পেছকভে শুকুৰবাৰে এই কথা ঘোষণা কৰিছে । "ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণৰ কোনো পৰিকল্পনা কৰা নাই । বৰ্তমান মুখ্য গুৰুত্ব হৈছে এক বিশেষ সামৰিক অভিযান ।" ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ডিমিত্রি পেছকভে কয় ।

উল্লেখ্য যে পুটিনে ব্যক্তিগতভাৱে জোহান্সবাৰ্গত সদ্যসমাপ্ত ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰা নাছিল । তেওঁৰ হৈ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে প্ৰতিনিধিত্ব কৰিছিল । ৰাষ্ট্ৰপতি পুটিনে কোভিড-১৯ৰ পিছত প্ৰথম ব্যক্তিগতভাৱে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল । কিয়নো আন্তৰ্জাতিক অপৰাধ আদালতে (International Criminal Court, ICC) মাৰ্চত ইউক্ৰেইনৰ শিশুসকলক ৰাছিয়ালৈ বিতাড়িত কৰাৰ আঁচনিৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছিল । আনহাতে, দক্ষিণ আফ্ৰিকা হৈছে আইচিচি স্বাক্ষৰকাৰী এখন দেশ । সেয়ে যদি তেওঁ দেশখনত উপস্থিত হয় তেন্তে পুটিনক গ্ৰেপ্তাৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছিল ।

উল্লেখ্য যে ভাৰতৰ সভাপতিত্বত এই জি-২০ সন্মিলন ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ'ব । দিল্লী আৰক্ষী কৰ্তৃপক্ষই বৃহৎ অনুষ্ঠানটোৰ বাবে ৰাষ্ট্ৰপ্ৰধানসহ হাইপ্ৰফাইল প্ৰতিনিধিসকলৰ আগমনৰ সময়ত যান-বাহনৰ চলাচল সূচাৰুৰূপে নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাত ব্যস্ত হৈ আছে ।

আনহাতে, দিল্লী চৰকাৰে দেশৰ ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি অহা ৮, ৯ আৰু ১০ ছেপ্টেম্বৰত ৰাজহুৱা বন্ধৰ এক জাননী জাৰি কৰিছে ।

দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ নামত উপ-সচিবে নিৰ্দেশ দি জাৰি কৰা এক জাননীত কোৱা হৈছে, "দিল্লী এনচিটিত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ৰাজহুৱা বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।"

লগতে পঢ়ক :PM Modi gifts to foreign leaders : বিদেশী নেতাক সন্তুষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.