ETV Bharat / international

Srilanka political crisis : ‘পলাতক’ ৰাষ্ট্ৰপতিয়ে আশ্ৰয় বিচাৰিছিল ভাৰতত !

author img

By

Published : Jul 13, 2022, 6:38 PM IST

a
a

'প্ৰজাপক্ষৰ' বিক্ষোভত দেশান্তৰিত হ'বলৈ বাধ্য হ'ল 'ৰাজাপক্ষে' । মঙলবাৰে গভীৰ নিশা সংবাদ সংস্থা এএফপিক উদ্ধৃতি দি এই দাবী কৰিছে একাধিক সংবাদ মাধ্যমে (Media quoted news agency AFP) ।

নিউজ ডেস্ক, ১৩ জুলাই : অৱশেষত দেশ এৰি পলাবলৈ বাধ্য হ'ল শ্রীলঙ্কাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেয়ে (Srilankan President Gotabya Rajapakse flee from country) । এক কথাত ক'বলৈ গ'লে 'প্ৰজাপক্ষৰ' বিক্ষোভত দেশান্তৰিত হ'বলৈ বাধ্য হ'ল 'ৰাজাপক্ষে' । মঙলবাৰে গভীৰ নিশা সংবাদ সংস্থা এএফপিক উদ্ধৃত কৰি এই দাবী কৰিছে একাধিক সংবাদ মাধ্যমে (Media quoted news agency AFP) । সংবাদ সংস্থাটোৱে কৰা দাবী মতে, সেনাবাহিনীৰ বিশেষ বিমানেৰে গোতাবায়াই প্রতিবেশী দেশ মালদ্বীপলৈ পলাই যোৱা বুলি জনাইছে স্থানীয় এজন বিষয়াৰ সূত্রই । আণ্টোনভ-৩২ বিমানেৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীয়ে এগৰাকী দেহৰক্ষীক লগত লৈ দেশ এৰি পলায়ন কৰিছে (SriLankan President with wife fled Antonov-32 plane ) ।

ৰাজাপক্ষেয়ে দেশ এৰি পলায়ন কৰাৰ পিছতেই শ্ৰীলংকাত জাৰি হৈছে জৰুৰী অৱস্থা (Emergency in Srilanka) । আনহাতে, আন এক সূত্রৰ দাবী অনুযায়ী, ৰাজাপক্ষেয়ে দেশ এৰি পলাবলৈ প্রথমতে ভাৰতৰে সহায় বিচাৰিছিল (Rajapakse urged India's help to fleeing country) । কিন্তু ভাৰতে সেই প্ৰস্তাৱ প্রত্যাখ্যান কৰা বুলিও খবৰ ।

সংবাদ মাধ্যমত প্ৰাপ্ত খবৰ অনুযায়ী, ২০১৯ চনত আমেৰিকাৰ নাগৰিকত্ব ত্যাগ কৰে ৰাজাপক্ষেয়ে (Rajapakse renounced US citizenship in 2019) । সেয়ে বিক্ষোভৰ সন্মুখীন হৈ তেওঁ প্রথমতে আমেৰিকালৈ পলাব বিচাৰিলেও সেয়া সম্ভৱ নহয় । ফলত বিকল্প আশ্রয়ৰ সন্ধান আৰম্ভ কৰে শ্রীলঙ্কাৰ পলাতক ৰাষ্ট্ৰপতিজনে । কিন্তু আন একাংশ আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্র মতে, শেহতীয়াভাৱে তেওঁ আমেৰিকান ভিছাৰ বাবে আবেদন কৰিছিল ।

আনহাতে, যোৱা সোমবাৰেই ডুবাইলৈ যাবৰ বাবে এখন বিমানৰ বন্দোবস্ত কৰাৰ চেষ্টা কৰে । কিন্তু তাৰ পূৰ্বে ছিল্ক ৰোডেৰে ৰাজাপক্ষেক যাতায়াতৰ অনুমতি প্ৰদান নকৰিলে সংশ্লিষ্ট বিভাগে । একেদৰে তেওঁৰ ভাতৃ বাচিলেও কলম্বোৰ পৰা ছিল্ক ৰোচেৰে ডুবাই হৈ ৱাশ্বিংটনলৈ পলোৱাৰ চেষ্টা কৰিছিল । তেওঁৰ ওচৰত ছয়খন বোর্ডিং পাছ আছিল যদিও শেষ মুহূৰ্তত সেয়া সম্ভৱ নহ'ল ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে কোনো ৰাজনৈতিক ব্যক্তিৰ পলায়নৰ ক্ষেত্রত ছিল্ক ৰোড ব্যৱহাৰত নিষেধাজ্ঞা আছে (ban on use silk route escape political persons) । আনহাতে, শ্রীলঙ্কাৰ এটি সূত্রৰ দাবী, এনে পৰিস্থিতিত ভাৰতৰ সহায় বিচাৰিছিল ৰাজাপক্ষেয়ে । শ্রীলঙ্কাৰ পৰা বিমানেৰে ভাৰতলৈ আহিব বিচাৰিছিল তেওঁ । ভাৰতৰ পৰা অন্য কোনো দেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁ । কিন্তু ৰাজাপক্ষেৰ কোনো সঙ্গীৰ ওচৰতেই ভাৰতীয় পাছপোর্ট নাছিল । সেয়ে তেওঁলোক ভাৰতলৈ আহিবৰ বাবে চৰকাৰৰ বিশেষ অনুমতিৰ প্ৰয়োজন আছিল । কিন্তু ভাৰতে তেনে কোনো অনুমতি দিয়া নাই বুলি কলম্বোৰ সূত্রত প্ৰকাশ ।

এই সন্দৰ্ভত অৱশ্যে ভাৰতৰ তৰফৰ পৰা এনে পৰিকল্পনা বা আলোচনাৰ কথা অস্বীকাৰ কৰা হৈছে । এই সন্দৰ্ভত কোনো বিবৃতি দিবলৈও ৰাজী হোৱা নাই কেন্দ্রীয় বিদেশ মন্ত্রালয় । অৱশ্যে বিদেশমন্ত্রী এছ জয়শঙ্কৰে জনাইছে (Foreign Minister S Jaysankar told) যে শ্রীলঙ্কাৰ অর্থনৈতিক সঙ্কট সন্দৰ্ভত চিন্তিত ভাৰত (India concerned about Srilankan economic crisis) । কিন্তু অন্য কোনো বিষয়ত মূৰ ঘমোৱা নাই ভাৰতে ।

উল্লেখ্য, ৰাজাপক্ষে বা শীর্ষ নেতাসকলে যাতে দেশ এৰি পলাব নোৱাৰে সেই সন্দৰ্ভত এখন আবেদন দাখিল কৰা হয় শ্রীলঙ্কাৰ ছুপ্রিম কোর্টত । কিন্তু তাৰ মাজতেই বুধবাৰে পুৱতি নিশা মালদ্বীপত গৈ উপস্থিত হয় ৰাজাপক্ষে (Rajapakshe reached maldives early on Wednesday) । ভেলানা বিমানবন্দৰত মালদ্বীপৰ চৰকাৰী বিষয়াসকলে তেওঁক স্বাগতম জনোৱা বুলিও খবৰ ।

লগতে পঢ়ক :State of Emergency in Sri Lanka : শ্ৰীলংকাত পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.