ETV Bharat / international

ইজৰাইল আৰু হামাছৰ মাজৰ 4 দিনীয়া যুদ্ধবিৰতি সম্প্ৰসাৰিত কৰাৰ পোষকতা জো বাইডেনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:36 AM IST

Israeli security forces fired volleys of tear gas
পেলেস্তাইন নাগৰিকলৈ লক্ষ্য কৰি ইজৰাইলৰ কন্দুৱা গেছ

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আৰম্ভ হোৱাৰ এদিন পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে চাৰিদিনীয়া যুদ্ধবিৰতি আৰু অধিক দিনলৈ চলিব বুলি আশা কৰা হৈছে । চুক্তি অনুসৰি 39 জন পেলেষ্টাইনীক মুক্তি দিয়াৰ সময়তে পণবন্দীসকললৈ অপেক্ষাৰত সহস্ৰাধিক পেলেষ্টাইনী নাগৰিকলৈ নিক্ষেপ কৰে কন্দুৱা গেছ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 25 নৱেম্বৰ: শুকুৰবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে ইজৰাইল আৰু হামাছৰ 4 দিনীয়া যুদ্ধবিৰতি । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই সন্দৰ্ভত কয় যে সামৰিক সাহায্যৰ চৰ্ত ৰখাটো “এটা গুৰুত্বপূৰ্ণ চিন্তা” ৷ লগতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গাজাৰ যুদ্ধবিৰতি চাৰিদিনতকৈও অধিক হ’ব বুলি আশা প্ৰকাশ কৰিছে । মেছাচুচেটছৰ নেনটাকেটত সংবাদ মাধ্যমৰ সমুখত বাইডেনে কয় যে পণবন্দীসকলৰ কিছুমানক মুকলি কৰি দিয়াৰ সিদ্ধান্ত সময়োচিত হৈছে আৰু ইয়াৰ সংখ্যা অধিক হোৱাটো তেওঁ আশা কৰিছে ।

বাইডেনে কয়, "আমি আশা কৰিছো যে কাইলৈ আৰু অধিক পণবন্দীক মুকলি কৰি দিয়া হ’ব ৷ তাৰ পৰৱৰ্তী দিনটোত অধিক আৰু তাৰ পিছদিনা অধিক ।" চুক্তি অনুসৰি বৰ্তমানলৈ মুক্ত হোৱা পণবন্দীসকলৰ ভিতৰত 13 জন ইজৰাইলী, থাইলেণ্ডৰ 10 জন আৰু ফিলিপাইনছৰ এজন লোক । বিনিময়ত ইজৰাইলে 39 জন পেলেষ্টাইনীক কাৰাগাৰৰ পৰা মুক্তি দিয়ে ৷

তেল আভিভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে 7 অক্টোবৰত হামাছে ইজৰাইলত চলোৱা অভিযানত পণবন্দী কৰা সকলক মুকলি কৰি দিয়া কাৰ্যক আদৰণি জনাইছে ৷ লগতে তেওঁৰ চৰকাৰ প্ৰতিগৰাকী পণবন্দীক ঘূৰাই অনাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ বুলিও কয়। এই আক্ৰমণত প্ৰায় 240 জন লোকক পণবন্দী বনোৱা হয় । নেতান্যাহুৱে পুনৰ কয়, "সকলো পণবন্দীক ঘূৰাই পোৱাটো যুদ্ধৰ অন্যতম লক্ষ্য আৰু আমি যুদ্ধৰ সকলো লক্ষ্যত উপনীত হ’বলৈ প্ৰতিশ্ৰুতিৱদ্ধ।”

উল্লেখ্য যে, ইজৰাইলৰ অফেৰ কাৰাগাৰৰ বাহিৰত চুক্তিৰ বিনিময়ত 39 জন পেলেষ্টাইনী পণবন্দীৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা সময়তে সহস্ৰাধিক পেলেষ্টাইনীলৈ ইজৰাইলী সেনাই নিক্ষেপ কৰে কন্দুৱা গেছ ৷

লগতে পঢ়ক: যুদ্ধবিৰতি আৰম্ভ, বন্দীৰ আদান প্ৰদানৰ বাবে সাজু ইজৰাইল আৰু হামাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.