ETV Bharat / international

18 th G20 summit: জিনপিং নাহে ! G20 শীৰ্ষ সন্মিলনৰ সুবাদতে ভাৰতলৈ আহিব মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেন

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:22 AM IST

নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G-20 শীৰ্ষ সন্মিলনৰ বাবে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন । ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ 9 আৰু 10 ছেপ্টেম্বৰ অনুষ্ঠিত হ’ব এই G-20 শীৰ্ষ সন্মিলন ৷

18 th G20 summit
ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন

ইণ্টাৰনেশ্যনেল ডেস্ক, 4 ছেপ্টেম্বৰ: 9 আৰু 10 ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব G-20 শীৰ্ষ সন্মিলন ৷ এই সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বাইডেনে এই মন্তব্য প্ৰকাশ কৰাৰ উপৰিও চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰাত তেওঁ হতাশ হোৱা বুলিও কয় ।

ভাৰত আৰু ভিয়েটনাম ভ্ৰমণৰ বাবে বাইডেন আগ্ৰহী নেকি বোলা সোধা প্ৰশ্নৰ উত্তৰত বাইডেনে "হয়, মই আগ্ৰহী" বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া 18 সংখ্যক G 20 ৰ এই শীৰ্ষ সন্মিলনত দুই ডজনৰো অধিক বিশ্ব নেতাৰ সৈতে জো বাইডেনে অংশগ্ৰহণ কৰাৰ কথা আছে ।

ইতিমধ্যে G 20 ত অংশগ্ৰহণ কৰিবলগীয়া নেতাসকলৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ট’নি আলবানিজ, জাৰ্মানীৰ চেন্সেলৰ অলাফ শ্ব’লজ, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দি ছিলভা ।

অহা 10 ছেপ্টেম্বৰত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাক G 20 ৰ অধ্যক্ষতাৰ ভাৰ অৰ্পণ কৰিব মোদীয়ে । 1 ডিচেম্বৰত আনুষ্ঠানিকভাৱে G 20 ৰ অধ্যক্ষতা কৰিব ব্ৰাজিলে ।

G 20 ৰ সদস্য দেশসমূহে বিশ্বৰ জিডিপিৰ প্ৰায় 85%, বিশ্ব বাণিজ্যৰ 75 % কৈ অধিক আৰু বিশ্বৰ জনসংখ্যাৰ প্ৰায় দুই তৃতীয়াংশক প্ৰতিনিধিত্ব কৰে ।

এই গোটত আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, চৌদি আৰব, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, আমেৰিকা আৰু ইউৰোপীয় দেশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক: Ukraine’s latest news: ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে মনোনীত ৰুষ্টেম উমেৰ’ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.