ETV Bharat / international

USA President Condolences; ৰে’ল দুৰ্ঘটনাই আমাক মৰ্মাহত কৰিছে : ৰাষ্ট্ৰপতি জ’ বাইডেন

author img

By

Published : Jun 4, 2023, 11:49 AM IST

USA President Condolences
ওড়িশাৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনা

ওড়িশাৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত 288 জন যাত্ৰীৰ মৃত্যু হৈছে ৷ বহু যাত্ৰী বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজ দি আছে ৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে (USA President Condolences) ৷

ইন্টানেশ্যনেল ডেস্ক, 4 জুন : ওড়িশাৰ ৰে’ল দুৰ্ঘটনা দেখি কেৱল ভাৰততে নহয় বিশ্বৰ আগশাৰী কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানে দুখ প্ৰকাশ কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ওড়িশাৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে (USA President Condolences) ৷ য'ত 288 জন যাত্ৰীৰ মৃত্যু আৰু 1000 ৰো অধিক লোক আহত হৈছে ।

ৰাষ্ট্ৰপতি জ’ বাইডেনে আৰু জিল্ল বাইডেনে কয়, ‘‘বালাচোৰ জিলাত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে’’ (USA First lady Jill Baiden) ৷ ‘‘আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত পৰিয়াল আৰু সংস্কৃতিৰ সম্পৰ্কৰ গভীৰ সম্পৰ্ক আছে ৷ যি আমাৰ দুয়োখন ৰাষ্ট্ৰক পুনৰ একত্ৰিত কৰে আৰু সমগ্ৰ আমেৰিকাৰ মানুহে ভাৰতৰ জনসাধাৰণৰ সৈতে শোক প্ৰকাশ কৰিছে ।’’ (White House Official) ৷ এইদৰে হোৱাট হাউচৰ উদ্ধৃতিৰে ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় (USA President Joe Baiden) ৷

শুকুৰবাৰে ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ ৰে’লৰ দুৰ্ঘটনাত বৰ্তমানলৈকে 288 জন যাত্ৰী নিহত আৰু 1000 ৰো অধিক লোক আহত হৈছে । বালাচোৰ ৰে’ল দুৰ্ঘটনাটোৰ সময়ত 2000 ৰো অধিক যাত্ৰীয়ে ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ যাত্ৰা কৰি আছিল ৷ এই দুৰ্ঘটনাত সামান্যভাৱে আঘাতপ্ৰাপ্ত প্ৰায় 790 জনৰো অধিকক যাত্ৰীক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে (USA President condoles deaths in Odisha train crash) ৷

ইফালে ৰে'ল বিভাগৰ টুইটাৰত সদৰী কৰা অনুসৰি 7 খনৰো অধিক বৃহৎ বৃহৎ ক্ৰেন, দুখন সহায়কাৰী ৰে’ল নিৰ্মাণ কামত নিয়োজিত কৰা হৈছে (Death toll in Odisha train crash) । শুকুৰবাৰে সংঘটিত দুৰ্ঘটনাটোত দুখন ৰে’লৰ 17 টা ডবা লাইনচ্যুত হৈছিল আৰু বিস্তৰ ক্ষতি হৈছিল ৷

প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে দুৰ্ঘটনাস্থলী ভ্ৰমণৰ পাচত উদ্ধাৰ হোৱা লোকসকলক সৰ্বশ্ৰেষ্ঠ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল বিষয়াসকলক ৷

লগতে পঢ়ক : Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.