ETV Bharat / international

Earthquake hits Northwest Iran: ইৰাণত ভূমিকম্পৰ ফলত নিহত 7 গৰাকী; আহত 400 ৰো অধিক

author img

By

Published : Jan 29, 2023, 7:49 AM IST

Updated : Jan 29, 2023, 8:09 AM IST

ইৰাণত শনিবাৰে নিশা এক প্ৰবল ভূমিকম্পত নিহত হয় প্ৰায় 7 গৰাকীকৈ ইৰাণী নাগৰিক ৷ 5.9 প্ৰাবল্যৰ ভূমিকম্পটোৰ উৎপত্তি স্থল আছিল ইৰাণ আৰু তুৰ্কী সীমান্তৰ খয় চহৰ (massive earthquake hits Northwest Iran) ৷

Earthquake hits Northwest Iran
ইৰাণত ভূমিকম্পৰ ফলত নিহত 7 গৰাকী

নিউজ ডেস্ক, 29 জানুৱাৰী: শনিবাৰে নিশা এক প্ৰৱল ভূমিকম্পই জোঁকাৰি যায় ইৰাণক ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 5.9 ৷ এই ভূমিকম্পৰ ফলত অতি কমেও 7 গৰাকী ইৰাণী নাগৰিক নিহত হোৱাৰ বিপৰীতে প্ৰায় 400 গৰাকী নাগৰিক আহত হয় ৷ সূত্ৰ মতে, ইৰাণ আৰু তুৰ্কী সীমান্তৰ খয় চহৰত স্থানীয় সময় অনুসৰি শনিবাৰে নিশা 9.44 বজাত এই ভূমিকম্পটো অনুভূত হয় (Earthquake hits Northwest Iran) ৷

ইৰাণৰ পশ্চিম আজেৰবাইজান প্ৰদেশৰ বহুকেইটা অঞ্চলত এই ভূমিকম্পটো তুলনামূলকভাৱে প্ৰৱল হোৱা বুলি তথ্য পোৱা গৈছে ৷ তাব্ৰিজ, পূৱ আজেৰবাইজান প্ৰদেশৰো বহু অঞ্চলত ইয়াৰ কম্পন অনুভূত হয় (Iran earthquake updates) ৷ ইউনাইটেড ষ্টেট জিঅ’ল’জিকেল চাৰ্ভেয়ে উল্লেখ কৰা অনুসৰি খয় চহৰৰ দক্ষিণ আৰু দক্ষিণ-পশ্চিম দিশত প্ৰায় 1 কিঃমিঃ নিলগত ভূ-পৃষ্ঠৰ 10 কিঃমিঃ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি হয় (United States Geological Survey) ৷

ইফালে ইৰাণৰ মধ্য চহৰ ইছফাহানৰ এটা সামৰিক কাৰখানাতো এক বিস্ফোৰণ সংঘটিত হয় । এজন প্ৰাদেশিক বিষয়াই জনোৱা মতে, এই বিস্ফোৰণত কোনো লোকৰ মৃত্যু হোৱা নাই, যাৰ কাৰণ এতিয়াও তদন্ত চলি আছে । দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উদ্ধৃতি দি ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰে যে, এইটো এটা “অসফল” ড্ৰ’ণ আক্ৰমণ (ammunition depot hit by blast in Iran)।

ইয়াৰ পূৰ্বে ২০২২ চনৰ জুলাই মাহত দক্ষিণ ইৰাণত ৬.৩ প্ৰাবল্যৰ ভূমিকম্পত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে ৪৪ জন লোক আহত হৈছিল । খবৰ অনুসৰি, ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ১০০০ কিলোমিটাৰ দক্ষিণে অৱস্থিত হৰমোজগান প্ৰদেশৰ ছায়েহ খোছ গাঁৱৰ ওচৰত আছিল এই ভূমিকম্পৰ উৎপত্তি স্থল । সেইস্থানত প্ৰায় ৩০০ লোকৰ বসতিস্থল আছিল বুলি জানিব পৰা গৈছে ৷ প্ৰকাশিত তথ্য অনুসৰি বহু চুবুৰীয়া দেশত এই ভূমিকম্পৰ কম্পন অনুভূত হৈছিল (Earthquakes in Iran) ৷

ইয়াৰ লগতে মন কৰিবলগীয়া যে, ইৰাণ বৃহৎ ভূমিকম্পপ্ৰৱণ ফল্টৰ ওপৰত অৱস্থিত আৰু গড়ে দিনটোত এটাকৈ ভূমিকম্পৰ সন্মুখীন হয় । ২০০৩ চনত ৬.৬ প্ৰাবল্যৰ ভূমিকম্পই ঐতিহাসিক বাম চহৰখন সমতল কৰি পেলাইছিল আৰু ২৬,০০০ লোকৰ মৃত্যু হৈছিল । ২০১৭ চনত পশ্চিম ইৰাণত হোৱা ৭ মাত্ৰাৰ ভূমিকম্পত ৬০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৯ হাজাৰৰো অধিক লোক আহত হৈছিল ।

লগতে পঢ়ক: Myanmar new law for Political party: ম্যানমাৰত নতুন নিৰ্বাচনী আইন, বিৰোধীৰ সন্মুখত প্ৰত্যাহ্বান

Last Updated : Jan 29, 2023, 8:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.