ETV Bharat / international

জাপানত শক্তিশালী ভূমিকম্প; ছুনামিৰ সতৰ্কবাণী জাৰি

author img

By PTI

Published : Jan 1, 2024, 3:19 PM IST

জাপানত শক্তিশালী ভূমিকম্প; ছুনামিৰ সতৰ্কবাণী জাৰি
জাপানত শক্তিশালী ভূমিকম্প; ছুনামিৰ সতৰ্কবাণী জাৰি

Japan tsunami alert : জাপানৰ চৰকাৰী সম্প্ৰচাৰক এনএইচকে টিভিয়ে সতৰ্ক কৰি দিছে যে এই সময়ত সাগৰপৃষ্ঠৰ পানী 5 মিটাৰ (16.5 ফুট) ওপৰলৈ উঠিব পাৰে আৰু জনসাধাৰণক যিমান সম্ভৱ সোনকালে ওখ অঞ্চল বা ওচৰৰ অট্টালিকাৰ ওপৰলৈ যাবলৈ আহ্বান জনোৱা হৈছে ।

ইণ্টাৰনেচনেল ডেস্ক, ১ জানুৱাৰী : জাপানৰ সাগৰত কেইবাটাও শক্তিশালী ভূমিকম্পৰ পিছত সোমবাৰে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে জাপানে । জাপান মেট্ৰোলজিকেল এজেঞ্চীয়ে আবেলি ৪ বজাৰ পিছতে ইশিকাৱা আৰু ইয়াৰ ওচৰৰ প্ৰিফেকচাৰৰ উপকূলত ভূমিকম্পৰ খবৰ জনাইছে । ইয়াৰে ভিতৰত প্ৰাথমিক তথ্য মতে ৰিখটাৰ স্কেলত এটাৰ প্ৰাবল্য আছিল 7.6 । যাৰ বাবে ইশিকাৱাত এক ডাঙৰ ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু হোনচু দ্বীপৰ বাকী পশ্চিম উপকূলৰ বাবে নিম্ন-পৰ্যায়ৰ ছুনামি সতৰ্কবাণী জাৰি কৰিছে ।

জাপানৰ চৰকাৰী সম্প্ৰচাৰক এনএইচকে টিভিয়ে সতৰ্ক কৰি দিছে যে এই সময়ত সাগৰ পৃষ্ঠৰ পানী 5 মিটাৰ (16.5 ফুট) ওপৰলৈ উঠিব পাৰে আৰু জনসাধাৰণক যিমান সম্ভৱ সোনকালে ওখ অঞ্চল বা ওচৰৰ অট্টালিকাৰ ওপৰলৈ যাবলৈ আহ্বান জনোৱা হৈছে ।

এনএইচকেয়ে কৈছে যে ছুনামিৰ ঢৌ সৃষ্টিব পাৰে আৰু ইয়াৰ প্ৰাৰম্ভিক সতৰ্কবাণী প্ৰায় এঘণ্টা ধৰি সম্প্ৰচাৰ কৰা হয় । অৱশ্যে চৰকাৰে ক্ষয়-ক্ষতিৰ পৰিমাণ প্ৰদান কৰা নাই । কিন্তু নিশালৈকে সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত জনাব বুলি আশা কৰা হৈছে ।

আনহাতে, জাপানৰ পশ্চিম উপকূলৰ নিগাটা আৰু অন্যান্য প্ৰান্তত প্ৰায় ৩ মিটাৰ ওখ ছুনামিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । এনএইচকেৰ মতে, সৰু ছুনামিৰ ঢৌ ইতিমধ্যে উপকূলীয় অঞ্চলত উপনীত হোৱাটো নিশ্চিত কৰা হৈছে ।

উল্লেখ্য যে উক্ত অঞ্চলটোত এটা পাৰমাণৱিক প্ৰকল্প আছে । টকিঅ' ইলেক্ট্ৰিক পাৱাৰ কোম্পানী অপাৰেটৰে জনোৱা মতে, ছুনামিৰ ফলত প্ৰকল্পটোৰ হ'ব পৰা সমস্যাৰ বিষয়ে পৰীক্ষা কৰি আছে । কিন্তু তাৎক্ষণিকভাৱে ইয়াৰ কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই । উল্লেখ্য, জাপান হৈছে এক অত্যন্ত ভূমিকম্প প্ৰৱণ দেশ । ২০১১ চনৰ মাৰ্চ মাহত এটা ডাঙৰ ভূমিকম্প আৰু ছুনামিৰ ফলত এটা পাৰমাণৱিক প্ৰকল্প ধ্বংস হৈছিল ।

লগতে পঢ়ক :লোহিত সাগৰত মালবাহী জাহাজক লৈ আমেৰিকাৰ সেনা- হুথি বিদ্ৰোহীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.