ETV Bharat / international

লোহিত সাগৰত মালবাহী জাহাজক লৈ আমেৰিকাৰ সেনা- হুথি বিদ্ৰোহীৰ মাজত সংঘৰ্ষ

author img

By PTI

Published : Jan 1, 2024, 7:10 AM IST

US military fire on Houthi rebel group : হুথি বিদ্ৰোহী গোটৰ ওপৰত আমেৰিকা সেনাৰ গুলীচালনা ৷ ছিংগাপুৰৰ পতাকাযুক্ত মাৰ্স্ক হাংঝৌ নামৰ মালবাহী জাহাজক লক্ষ্য কৰি মিছাইল নিক্ষেপৰ লগতে জাহাজত প্ৰৱেশৰো চেষ্টা কৰিছিল বিদ্ৰোহী গোটে ৷ মালবাহী জাহাজখনৰ সুৰক্ষাৰ বাবে এই গুলীচালনা কৰা বুলি উল্লেখ আমেৰিকা সেনাৰ ৷

us military fire on houthi rebel group
লোহিত সাগৰত মালবাহী জাহাজক লৈ আমেৰিকাৰ সেনা হুথি বিদ্ৰোহীৰ মাজত সংঘৰ্ষ

ইন্টাৰনেশ্যনেল ডেস্ক, 1 জানুৱাৰী : ইজৰাইল-হামাছৰ যুদ্ধৰ ফলত লোহিত সাগৰত মালবাহী জাহাজৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে হুথি বিদ্ৰোহীসকলৰ ৷ বিগত ডিচেম্বৰ মাহত হুথি বিদ্ৰোহীৰ কেইবাটাও আক্ৰমণক বিফল কৰিছিল আমেৰিকাৰ সেনাই ৷ এই ক্ষেত্ৰত আমেৰিকাৰ সেনাই কয় যে, লোহিত সাগৰত এখন মালবাহী জাহাজত হুথি বিদ্ৰোহীগোটে আক্ৰমণ কৰাৰ পাছতে সেনাই হুথি বিদ্ৰোহীৰ বিৰুদ্ধেও গুলীচালনা কৰিছিল ৷

আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে কয় যে, শনিবাৰে সন্ধিয়াৰ ভাগত দক্ষিণ লোহিত সাগৰৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত ছিংগাপুৰৰ পতাকাযুক্ত মাৰ্স্ক হাংঝৌ নামৰ জাহাজখনক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিছিল হুথি বিদ্ৰোহী গোটে ৷ তাৰ পাচতে ইউ এছ এছ গ্ৰেভলী ধ্বংসকাৰী দলৰ কৰ্মচাৰীসকলে দুটা মিছাইল প্ৰথমে বিফল কৰিছিল ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাই কয় যে, দেওবাৰে পুৱতি নিশাও চাৰিখন সৰু নাৱেৰে অস্ত্ৰ-শস্ত্ৰ লৈ মাৰ্স্ক হাংঝৌ নামৰ মালবাহী জাহাজখনত আক্ৰমণ কৰিছিল হুথি বিদ্ৰোহীয়ে ৷ লগতে বিদ্ৰোহীসকলে জাহাজখনত উঠিবলৈও চেষ্টা কৰিছিল । কিন্তু ইউ এছ এছ গ্ৰেভলী আৰু হেলিকপ্টাৰে আমেৰিকাৰ সেনাই সুৰক্ষা দিছিল জাহাজখন ৷ লগতে বিদ্ৰোহী গোটে চলোৱা গুলীচালনাৰ উচিত প্ৰত্যুত্তৰ দিয়ে সেনাই ৷

ইফালে আমেৰিকা সেনাৰ গুলীচালনাৰ ফলত হুথি বিদ্ৰোহী গোটৰ তিনিখন নাও ডুবা যায় লগতে কেইবাটাও হুথি বিদ্ৰোহী গোটৰ সদস্য নিহত হৈছে ৷ সেনাৰ আক্ৰমণৰ তীব্ৰতৰ হোৱা বাবে বিদ্ৰোহী গোটৰ কেইবাজনো সদস্য নাও লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ এই ঘটনাত আমেৰিকা সেনাৰ কোনো ক্ষতি হোৱা নাই বা মালবাহী জাহাজৰ পৰাও কোনো লোক হতাহত হোৱাৰ খবৰ প্ৰকাশ পোৱা নাই ৷ ইফালে, হুথি বিদ্ৰোহীগোটে কয় যে, এই ঘটনাত 10 জন হুথি বিদ্ৰোহী সদস্য নিহত হৈছে ৷

লগতে পঢ়ক : পুনৰ ইৰাণ সমৰ্থিত হুথিৰ আক্ৰমণক বিফল কৰিলে আমেৰিকাৰ সেনাই, 12 টা ড্ৰোন আৰু পাঁচটা মিছাইল ধ্বংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.