ETV Bharat / international

India launches Operation Ajay : অপাৰেচন অজয়ৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন ইজৰাইলৰ কনচুলেট জেনেৰেলৰ

author img

By ANI

Published : Oct 12, 2023, 2:37 PM IST

ইজৰাইলত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰতে আৰম্ভ কৰিছে অপাৰেচন অজয় । ভাৰতৰ প্ৰধানমন্ত্ৰীক অভিনন্দন ইজৰাইলৰ কনচুলেট জেনেৰেল কোব্বি শোশানীৰ ।

India launches Operation Ajay
অপাৰেচন অজয়ৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন ইজৰাইলৰ কনচুলেট জেনেৰেলৰ

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ অব্যাহত আছে । হামাছ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ পাছতে বিভিন্ন দেশে ইজৰাইলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । তাৰ অংশস্বৰূপে ভাৰতেও ইজৰাইল লৈ মানৱীয় সাহায্য অভিযান আৰম্ভ কৰিছে । 'অপাৰেচন অজয়'ৰ অধীনত ভাৰতে ইজৰাইলত থকা প্ৰায় ১৮,০০০ ভাৰতীয়ক ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে । ইয়াৰ মাজকে ইজৰাইলৰ কনচুলেট জেনেৰেল কোব্বি শোশানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

শোশানীয়ে অপাৰেচন অজয় আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয় যে প্ৰায় ১৮,০০০ ভাৰতীয় নাগৰিকৰ ভিতৰত ১ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীও আছে । শোশানীয়ে কয় যে ইজৰাইলে ইজৰাইলৰ ভাৰতীয় ব্যৱসায়িক সম্প্ৰদায়ক ভাল পায় আৰু সন্মান কৰে কিয়নো তেওঁলোকে দেশখনৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাইছে । ইয়াৰ উপৰিও, ইজৰাইলৰ কনচুলেট জেনেৰেলে জোৰ দি কয় যে ইজৰাইল চৰকাৰে তেল আভিভত থকা ভাৰতীয় দূতাবাসক অপাৰেচন অজয়ত সহায় কৰিবলৈ সকলো সম্ভৱ সহায় আগবঢ়াবলৈ চেষ্টা কৰি আছে ।

তেওঁৰ মতে ভাৰতীয় নাৰ্ছ আৰু পৰিচৰ্যাকাৰীসকল তেওঁলোকৰ পৰিয়ালৰ অংশ হৈ পৰিছে । ইফালে হামাছ আইএছআইএছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱাৰ পাছত ইজৰাইলত এইলোকসকলক স্বাগতম জনোৱাৰ বাবে আশাবাদী বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ভাৰতে বুধবাৰে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধত আৱদ্ধ হৈ থকা নাগৰিকসকলক ঘূৰাই অনাৰ বাবে 'অপাৰেচন অজয়' আৰম্ভ কৰে । উভতি আহিব বিচৰা ভাৰতীয় নাগৰিকসকলৰ সুবিধাৰ বাবে এই অভিযান আৰম্ভ কৰা । বিশেষ চাৰ্টাৰ ফ্লাইট আৰু অন্যান্য ব্যৱস্থাৰে এই অভিযান চলোৱা হৈছে । এই অভিযানৰ কথা উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক্সৰ এটা পোষ্টত কয় যে বিদেশত থকা ভাৰতৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । ইজৰাইলত থকা ভাৰতীয় দূতাবাসে জনাইছে যে বৃহস্পতিবাৰে বিশেষ বিমানখনৰ বাবে প্ৰথম পঞ্জীভুক্ত ভাৰতীয় নাগৰিকসকলক ইমেইল কৰা হৈছে ৷

লগতে পঢ়ক :Israeli-Palestinian war: তেওঁলোক দুঠেঙীয়া পশু; মুছলমান ৰাষ্ট্ৰ সহিতে সকলোৱে মাত মতা উচিত: ইজৰাইলৰ কনছুল জেনেৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.