ETV Bharat / international

মঙলবাৰে ইলন মাস্কে সাক্ষাৎ কৰিব ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 8:55 AM IST

Elon Musk to meet Israel President Isaac Herzog tomorrow
মঙলবাৰে X ৰ মুৰব্বী ইলন মাস্কে সাক্ষাৎ কৰিব ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক

মঙলবাৰে X ৰ মুৰব্বী ইলন মাস্কে সাক্ষাৎ কৰিব ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক । এই তথ্য ইজৰাইলৰ ৰাষ্ট্ৰপতি কাৰ্যালয়েও নিশ্চিত কৰিছে যে ইলন মাস্ক আৰু হাৰ্জ’গৰ মাজত হ’ব লগা বৈঠকৰ কথা (Elon Musk meet Israel President, Israel hamas war, Israel Hamas Conflicts)

ইন্টানেশ্যনেল ডেস্ক, 27 নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতৰ মাজতে মঙলবাৰে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক X ৰ মুৰব্বী ইলন মাস্কে সাক্ষাৎ কৰাৰ কথা আছে । টাইমছ অৱ ইজৰাইলৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য । ইজৰাইলৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে নিশ্চিত কৰিছে যে ইলন মাস্ক আৰু হাৰ্জ’গৰ মাজত হোৱা বৈঠকৰ কথা ।

খবৰ অনুসৰি, হাৰ্জ’গে কয় যে গাজাত পণবন্দী হৈ থকাসকলৰ পৰিয়ালৰ কিছু সদস্যও এই বৈঠকত অংশগ্ৰহণ কৰিব । তেওঁ আৰু কয় যে তেওঁ অনলাইনত বৃদ্ধি পোৱা ইহুদী বিৰোধীতাক মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । কিন্তু শেহতীয়াকৈ মাস্কে X ৰ ওপৰত ইহুদী বিৰোধী প্ৰকাশ্য পদক্ষেপক সমৰ্থন কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ।

ইহুদী বিৰোধিতাৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱা আৰু মাস্কে নিজেই শ্বেয়াৰ কৰা মন্তব্যক ইহুদী বিৰোধী বুলি গণ্য কৰা হৈছে ৷ যাৰ ফলত Apple আৰু Disney ৰ দৰে বহু বিজ্ঞাপনদাতাই মাইক্ৰ’ব্লগিং চাইটটোত খৰচ কৰ্তন কৰিছিল । X ত ‘ইহুদী বিৰোধী’ পোষ্টক সমৰ্থন কৰাৰ বিতৰ্কৰ মাজতে ইলন মাস্কে কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মে এই অভিযোগ কৰি মিডিয়া চোৱাচিতাকাৰী সংস্থা ‘মিডিয়া মেটাৰ্ছ’ৰ বিৰুদ্ধে ‘থাৰ্মোনিউক্লিয়াৰ গোচৰ’ দাখিল কৰিব ।

তথ্য অনুসৰি, বৰ্তমান মাস্ক ইজৰাইলত আছে আৰু তেওঁৰ ভ্ৰমণৰ এই সময়চোৱাত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । চলিত সপ্তাহৰ আৰম্ভণিতে মাস্কে ঘোষণা কৰিছিল যে X গাজাৰ যুদ্ধৰ সৈতে জড়িত বিজ্ঞাপন আৰু চাবস্ক্ৰিপচনৰ পৰা পোৱা সকলো ৰাজহ ইজৰাইলৰ চিকিৎসালয় আৰু গাজাৰ ৰেড ক্ৰছ/ক্ৰেছেণ্টক দান কৰিব ।

X ৰ এটা পোষ্টত মাস্কে লিখিছে, ‘‘আমি ৰেড ক্ৰছ/ক্ৰেচেণ্টৰ জৰিয়তে ধন কেনেকৈ ব্যয় কৰা হয় সেই বিষয়ে অনুসৰণ কৰিম । জাতি, ধৰ্ম, ধৰ্ম নিৰ্বিশেষে আমি নিৰ্দোষীসকলৰ যত্ন লোৱা উচিত’’ ।

লগতে পঢ়ক : Musk slam Canada PM : বিশ্বজুৰি সমালোচিত কানাডাৰ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক লৈ অসন্তুষ্ট ইলন মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.