ETV Bharat / international

America India friendship; আমেৰিকা আৰু ভাৰতৰ বন্ধুত্ব বিশ্বৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ : জ’ বাইডেন

author img

By

Published : Jun 26, 2023, 11:53 AM IST

America India friendship
ভাৰতৰ প্ৰশংসাত পঞ্চমুখ আমেৰিকা

ভাৰতৰ প্ৰশংসাত পঞ্চমুখ আমেৰিকা ৷ দেওবাৰে টুইটাৰযোগে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে আমেৰিকা আৰু ভাৰতৰ বন্ধুত্ব বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ বন্ধুত্ব বুলি উল্লেখ কৰে ।

ইন্টাৰনেশ্যনেল ডেস্ক, 26 জুন : পাঁচ দিনীয়া আমেৰিকা আৰু ইজিপ্ত ভ্ৰমণৰ সামৰি দেওবাৰে নিশা ভাৰতত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইফালে, ভাৰতৰ সৈতে থকা সম্পৰ্কক প্ৰশংসা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । দেওবাৰে টুইটাৰযোগে বাইডেনে কয় যে আমেৰিকা আৰু ভাৰতৰ বন্ধুত্ব হৈছে বিশ্বৰ এক মহত্বপূৰ্ণ বন্ধুত্ব । ই আগৰ তুলনাত অধিক শক্তিশালী, ঘনিষ্ঠ আৰু গতিশীল । বাইডেনৰ এই টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাৰ বন্ধুত্ব বিশ্বৰ মংগলৰ বাবে এক শক্তি ।

  • "I fully agree with you, Joe Biden, friendship between our countries is a force of global good. It will make a planet better and more sustainable. The ground covered in my recent visit will strengthen our bond even more", PM Modi replies to US President Joe Biden's tweet pic.twitter.com/Z4J0InvDeH

    — ANI (@ANI) June 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আপোনাৰ কথাত মই সম্পূৰ্ণ একমত । আমাৰ জাতিসমূহৰ মাজৰ বন্ধুত্ব বিশ্ব মংগলৰ বাবে এক শক্তি । ই দুয়োখন ৰাষ্ট্ৰকে অধিক উন্নত আৰু বহনক্ষম কৰি তুলিব’’ । তেওঁ আৰু কয়, ‘‘শেহতীয়াকৈ মোৰ ভ্ৰমণত যিবোৰ কথাই চৰ্চালৈ আহিছিল, সেইবোৰে আমাৰ সম্পৰ্কক আৰু অধিক মজবুত কৰিব’’ । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে 20-25 জুনলৈকে আমেৰিকা আৰু ইজিপ্ত ভ্ৰমণ পৰে । 24 জুনত আমেৰিকা ভ্ৰমণৰ অন্ত পেলাই কায়ৰোলৈ ৰাওনা হয় মোদী ।

আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতীয় আৰু আমেৰিকাৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে । হোয়াইট হাউছত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আৰু তেওঁক গাৰ্ড অৱ অনাৰ সম্বানেৰে সন্মানিত কৰা হয় । হোয়াইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণ মৰ্মে মোদীয়ে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ লগতে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে ।

ইজিপ্তলৈ উৰা মৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৱাশ্বিংটন ডি চিৰ ৰ’নাল্ড ৰেগান বিল্ডিঙত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে মত বিনিময় কৰে ৷ ইজিপ্তত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাত থকা নেতা আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইজিপ্তৰ সমকক্ষ মুস্তাফা মাদবৌলিৰ সৈতে কায়ৰোত এক ঘূৰণীয়া মেজ মেলত মিলিত হয় ।

দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিছিৰ সৈতে বৈঠকত মিলিত হয়, য’ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰাৰ চুক্তিত স্বাক্ষৰ কৰে । দুয়োখন নেতাই বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, নবীকৰণযোগ্য শক্তি, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দুয়োখন দেশৰ অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে । ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মানেৰে প্ৰধানমন্ত্ৰী মোডীক সম্বৰ্ধনা জনায় ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল চিচিয়ে । এয়া আছিল তেওঁক দিয়া এই ধৰণৰ তেৰতম ৰাজ্যিক সন্মান ।

পি এম মোদীয়ে বিগত 9 বছৰত কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ ল’গোহু, কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ ফিজি আৰু ৰিপাব্লিক অৱ পালাউৰ আবাকাল বঁটাকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে । ইজিপ্ত ভ্ৰমণৰ অংশ হিচাপে পিএম মোদীয়ে গিজাৰ পিৰামিড আৰু কায়ৰোৰ আল-হাকিম মছজিদও পৰিদৰ্শন কৰে । আল-হাকিম মছজিদ পৰিদৰ্শন কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে হেলিঅ’পলিছ যুদ্ধ কবৰস্থানলৈ গৈ প্ৰথম বিশ্বযুদ্ধৰ সময়ত সৰ্বোচ্চ বলিদান দিয়া ভাৰতীয় জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায় ।

লগতে পঢ়ক : PM Modi lands in Delhi : আমেৰিকা আৰু ইজিপ্তৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.