ETV Bharat / international

Imran Khan Arrested : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ

author img

By

Published : May 9, 2023, 4:51 PM IST

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পাকিস্তান তেহৰিক-ই-ইনচাফৰ (Tehreek-e-Insaf) মুৰব্বী ইমৰাণ খানক ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বাহিৰত ৰেঞ্জাৰসকলে নিজৰ জিম্মাত লয় (Imran Khan arrested) ।

Imran Khan Arrested
Imran Khan Arrested

নিউজ ডেস্ক, ৯ মে' : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ (Former Pakistan PM Imran Khan arrested) । পাকিস্তানৰ অৰ্ধসামৰিক ৰেঞ্জাৰে দুৰ্নীতিৰ গোচৰৰ শুনানিৰ বাবে ইছলামাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰে (Imran Khan arrested outside Islamabad HC) । দলীয় সূত্ৰই এই কথা প্ৰকাশ কৰিছে । লাহোৰৰ পৰা ৰাজধানী ইছলামাবাদলৈ যোৱা পাকিস্তান তেহৰিক-ই-ইনচাফৰ (Pakistan Tehreek e Insaf, PTI) অধ্যক্ষগৰাকীক ৰেঞ্জাৰসকলে নিজৰ জিম্মাত লয় । উল্লেখ্য, তেওঁ এণ্টি গ্ৰাফ্ট চাৰ্জত (anti-graft charge) আদালতত উপস্থিত হ'বলৈ ইছলামাবাদলৈ আহিছিল । তেওঁৰ হৈ ওকালতি কৰা পিটিআইৰ অধিবক্তা ফৈজল চৌধুৰীয়ে এই কথা নিশ্চিত কৰিছে ।

আনহাতে, ৭০ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা ইমৰাণ খান গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰিছে তেওঁৰ দলেও । "খান ইছলামাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হোৱাৰ সময়ত আল-কাদিৰ ট্ৰাষ্ট গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ।" দলটোৱে এক চমু বিবৃতিত এনেদৰে কয় । উল্লেখ্য, পাকিস্তানৰ শক্তিশালী সেনাই ইমৰাণ খানক এজন জ্যেষ্ঠ সেনা বিষয়াৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

ইফালে পিটিআয়ে অভিযোগ কৰিছে যে ইমৰাণ খানক অত্যাচাৰ কৰা হৈছিল । কিন্তু সেইটো অৱশ্যে এতিয়াও নিশ্চিত কৰা হোৱা নাই । "ৰাষ্ট্ৰ সন্ত্ৰাসবাদ- আদালত চৌহদৰ পৰা ইমৰাণ খানক অপহৰণ কৰিবলৈ আইএইচচি চৌহদত প্ৰৱেশ কৰে । জংঘলৰাজ চলি আছে । ৰেঞ্জাৰসকলে উকীলসকলক প্ৰহাৰ কৰিছে, ইমৰাণ খানৰ ওপৰতো হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু তেওঁক অপহৰণ কৰিছে ।" পিটিআইৰ এগৰাকী প্ৰবক্তা তথা প্ৰাক্তন মন্ত্ৰী চিৰিন মাজাৰীয়ে এক টুইটত কয় ।

আনহাতে, পিটিআইৰ আন এজন নেতা আজহাৰ মাশ্বৱানীয়ে অভিযোগ কৰিছে, "ইমৰাণ খানক ৰেঞ্জাৰসকলে আদালতৰ ভিতৰৰ পৰা অপহৰণ কৰিছে ।" তেওঁ কয় যে দলটোৱে দেশত প্ৰতিবাদ কৰাৰ বাবে তাৎক্ষণিক আহ্বান জনাইছে । "তেওঁলোকে এই মুহূৰ্তত ইমৰাণ খানক অত্যাচাৰ কৰি আছে, তেওঁলোকে খান চাহেবক প্ৰহাৰ কৰিছে । তেওঁলোকে খান চাহেবৰ সৈতে কিবা এটা কৰিছে ।" দলটোৰ টুইটাৰ হেণ্ডেলত পোষ্ট কৰা এটা ভিডিঅ' বাৰ্তাত চিমাই কয় ।

প্ৰাক্তন তথ্য মন্ত্ৰী আৰু পিটিআইৰ উপ-সভাপতি ফাৱাদ চৌধুৰীয়ে পূৰ্বতেই কৈছিল যে আদালতখন "ৰেঞ্জাৰৰ দ্বাৰা দখল কৰা হৈছে" আৰু উকীলসকল অত্যাচাৰৰ সন্মুখীন হৈছে । "ইমৰাণ খানৰ গাড়ীখন ঘেৰি ধৰা হৈছে ।" তেওঁ লগতে কয় । উল্লেখ্য, ইমৰাণ খানে যোৱা বছৰ এপ্ৰিলত আস্থা ভোটত পৰাজয়বৰণ কৰাৰ পিচৰে পৰা কেইবাটাও গোচৰৰ সন্মুখীন হৈছে । আনহাতে, তেওঁ এই সকলোবোৰ গোচৰ শাসকীয় মিত্ৰজোঁটৰ দ্বাৰা ৰাজনৈতিক ভুক্তভোগী হিচাপে প্ৰত্যাখ্যান কৰিছে ।

উল্লেখ্য যে, পাকিস্তানৰ সেনাই এজন কৰ্মৰত আইএছআই বিষয়াৰ বিৰুদ্ধে কোনো প্ৰমাণ অবিহনে "অত্যন্ত দায়িত্বহীন আৰু ভিত্তিহীন" অভিযোগৰ বাবে সমালোচনা কৰাৰ এদিন পিচতে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰে । কিয়নো শক্তিশালী সামৰিক বাহিনী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ মাজত নতুনকৈ বাকযুদ্ধ আৰম্ভ হৈছিল ।

লগতে পঢ়ক :Russia bans jet skis : ৰাছিয়াত নিষিদ্ধ ড্ৰোণ আৰু জেট স্কি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.