ETV Bharat / international

Israel Hamas War : এইবাৰ যুদ্ধবিৰতিৰ আহ্বান ইউৰোপীয় ইউনিয়নৰ

author img

By ANI

Published : Nov 13, 2023, 11:43 AM IST

Israel Hamas War
এইবাৰ যুদ্ধবিৰতিৰ আহ্বান ইউৰোপীয় ইউনিয়নৰ

গাজাত চলি থকা ইজৰাইল আৰু হামাছৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ লৈছে । সাধাৰণ নাগৰিকসকল ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে । যাৰ বাবে ইউৰোপীয় ইউনিয়নেও মানৱীয় দৃষ্টিভংগীৰে যুদ্ধবিৰতিৰ আহ্বান জনাইছে । গাজাৰ সাধাৰণ নাগৰিকে যাতে সাহায্য সামগ্ৰীকে ধৰি সকলো প্ৰয়োজনীয় সুবিধা লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈও ইউৰোপীয় দেশে আহ্বান জনাইছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : গাজাত চলি থকা যুদ্ধক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব । বিভিন্ন পক্ষই যুদ্ধবিৰতিৰো আহ্বান জনাইছে । কিন্তু ইজৰাইলী চৰকাৰ যুদ্ধবিৰতিৰ পক্ষত নাই । ইয়াৰ মাজতে ইউৰোপীয় ইউনিয়নেও মানৱীয় দৃষ্টিভংগীৰে তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে । ইউৰোপীয় ইউনিয়নৰ বৈদেশিক পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ শীৰ্ষ প্ৰতিনিধি জোচেফ বোৰেলে এক বিবৃতিত এই কথা স্পষ্ট কৰে । তেওঁ কয় যে ইউৰোপীয় ইউনিয়ন গাজাত গভীৰ মানৱীয় সংকট সম্পৰ্কে চিন্তিত ।

বিবৃতিটোত বোৰেলে কয় যে ইউৰোপীয় ইউনিয়নে মানৱীয় দৃষ্টিভংগীৰে যুদ্ধবিৰতি কামনা কৰিছে । মানৱীয় সাহায্য সুৰক্ষিতভাৱে গাজাৰ নাগৰিকে যাতে লাভ কৰিব পাৰে তাৰ বাবে সীমান্ত অতিক্ৰম কৰা আৰু এক সমৰ্পিত সামুদ্ৰিক পথৰ জৰিয়তে ক্ষমতা বৃদ্ধি কৰাটো বিচাৰে ইউৰোপীয় ইউনিয়নে ।

বিবৃতিৰ জৰিয়তে ইউৰোপীয় ইউনিয়নে চিকিৎসালয় আৰু সাধাৰণ নাগৰিকসকলক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ বাবে হামাছক গৰিহণাও দিছে । লগতে ইউৰোপীয় ইউনিয়নে হামাছক সকলো বন্দীক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈও আহ্বান জনাইছে ।

ইউৰোপীয় ইউনিয়নে কৈছে যে সাধাৰণ লোকসকলক যুঁজ ক্ষেত্ৰ এৰি যাবলৈ অনুমতি দিব লাগে । এই শত্ৰুতাই চিকিৎসালয়সমূহক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে আৰু সাধাৰণ লোক আৰু চিকিৎসা কৰ্মচাৰীৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলাইছে । ইউৰোপীয় ইউনিয়নে আন্তৰ্জাতিক আইন আৰু আন্তৰ্জাতিক মানৱতাবাদী আইনৰ সৈতে সংগতি ৰাখি ইজৰাইলৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থনৰ কথা দোহাৰে ।

ইউৰোপীয় ইউনিয়নৰ মতে চিকিৎসা আৰু জৰুৰী চিকিৎসা সেৱাৰ প্ৰয়োজন হোৱা ৰোগীসকলক আটাইতকৈ জৰুৰী চিকিৎসা সামগ্ৰী সুৰক্ষিতভাৱে স্থানান্তৰ কৰিব লাগে । আনহাতে ইজৰাইলক সাধাৰণ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংযম হ'বলৈও আহ্বান জনোৱা হৈছে ।

ইফালে সংঘৰ্ষৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কৈছে যে ইজৰাইলী সেনাই জৰুৰী চিকিৎসাৰ বাবে গাজাৰ শিফা চিকিৎসালয়ক ৩০০ লিটাৰ ইন্ধন যোগান ধৰিছে । অৱশ্যে ইজৰাইলে অভিযোগ কৰা মতে হাস্পতালখনলৈ ইন্ধন যোগান গাজাৰ হামাছ প্ৰশাসনে বাধা আৰোপ কৰিছে । ইয়াৰ মাজতে চলিত সংঘৰ্ষত পুনৰ ২ ইজৰাইলী সেনা নিহত হোৱাৰ কথা স্বীকাৰ কৰিছে প্ৰতিৰক্ষা বাহিনীয়ে । ইয়াৰ লগে লগে গাজাত চলিত সংঘৰ্ষত নিহত সেনাৰ সংখ্যা ৪৪ লৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক :Hezbollah rocket fire : হিজবুল্লাহৰ আক্ৰমণ, সেনা জোৱানসহ ১৭ ইজৰাইলী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.