ETV Bharat / international

Hezbollah rocket fire : হিজবুল্লাহৰ আক্ৰমণ, সেনা জোৱানসহ ১৭ ইজৰাইলী আহত

author img

By ANI

Published : Nov 13, 2023, 7:02 AM IST

লেবানন-ইজৰাইল সীমান্তত উত্তেজনা বৃদ্ধি পাইছে । লেবানিজ সংগঠন হিজবুল্লাহে ইজৰাইলক লক্ষ্য কৰি ৰকেট আক্ৰমণ কৰে । আক্ৰমণত ১০ গৰাকী সাধাৰণ নাগৰিক আৰু ৭ গৰাকীকৈ ইজৰাইলী জোৱান আহত হয় ।

Hezbollah rocket fire
হিজবুল্লাহৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । ইতিমধ্যে ইজৰাইলী সামৰিক বাহিনীয়ে গাজাত ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে । আনহাতে যুদ্ধবিৰতি ঘোষণা নকৰাৰো ভাবুকি দিছে ইজৰাইলে । ইফালে ইজৰাইলৰ এনে স্থিতিক লৈ হামাছৰ লগতে বিভিন্ন পক্ষ অসন্তুষ্ট হৈ পৰিছে । লেবানিজ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহেও ইজৰাইলক সকীয়নি প্ৰদান কৰি থৈছে ।

ইয়াৰ মাজতে দেওবাৰে দুটা পৃথক লেবানিজ ৰকেট আক্ৰমণত ১০ গৰাকী ইজৰাইলী নাগৰিক আৰু ৭ গৰাকীকৈ জোৱান আহত হয় । আনহাতে বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা আন এটা ৰকেটক বাধা দিয়া হয় । প্ৰথমটো আক্ৰমণত ইজৰাইল ইলেক্ট্ৰিক কৰ্পোৰেচনত নিযুক্ত ১০ ইজৰাইলী নাগৰিক আঘাতপ্ৰাপ্ত হয় । তাৰ ভিতৰত এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে । পূৰ্বৰ ৰকেট আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিদ্যুতৰ লাইন মেৰামতি কৰাৰ সময়তে এই আক্ৰমণটো কৰা হয় । ঘটনাটো পুৱা মোছাৱ ডভভৰ ওচৰত সংঘটিত হয় ।

ইফালে পূৰ্বে সকীয়নি প্ৰদান কৰা হিজবুল্লাহে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি দাবী কৰিছে যে শ্ৰমিকসকলে সীমান্তৰ ওচৰৰ খুঁটাবোৰত নিৰীক্ষণ সঁজুলি ৰাখিছিল । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে নিশ্চিত কৰিছে যে দ্বিতীয় আক্ৰমণত কিবুটজ মানাৰা অঞ্চলত এটা মৰ্টাৰ বেৰেজৰ ফলত ৭ গৰাকী ইজৰাইলী সেনা জোৱান সামান্য আঘাতপ্ৰাপ্ত হৈছে । আনহাতে দেওবাৰে এক ঘণ্টাৰ ভিতৰত ১৫ টা ৰকেট উৎক্ষেপণ চিনাক্ত কৰা হৈছিল । ৪ টা আক্ৰমণক বাধা দিয়া হৈছিল আনহাতে বাকীবোৰ মুকলি স্থানত আঘাত কৰিছিল ।

হামাছে দাবী কৰিছে যে লেবাননত সদস্যসকলে হাইফা আৰু নাহাৰিয়া চহৰৰ লগতে লেবানন সীমান্তৰ সৰু চহৰসমূহৰ ওপৰত আক্ৰমণ কৰিছিল । হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰাল্লাহে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক হেঁচা দিবলৈ আন্তৰ্জাতিক প্ৰদৰ্শনৰ আহ্বান জনোৱাৰ এদিন পাছতে এই আক্ৰমণ কৰা হৈছিল । তেওঁ লগতে দাবী কৰিছে যে গাজাত যুদ্ধ সমাপ্ত নোহোৱালৈকে ছিৰিয়া আৰু ইৰাকত নিয়োজিত আমেৰিকান বাহিনীৰ ওপৰত মিছাইল আৰু ড্ৰোণ আক্ৰমণ অব্যাহত থাকিব ।

ইয়াৰ প্ৰত্যুত্তৰত, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে শনিবাৰে উত্তৰ সীমান্ত ভ্ৰমণৰ সময়ত সতৰ্ক কৰি দিছে যে যদি এনে হয় তেনেহ'লে হিজবুল্লাহে ইয়াৰ পৰিণাম ভুগিব লাগিব । গাজাৰ দৰে অনুৰূপ আক্ৰমণ কৰাৰো ভাবুকি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Gaza Hamas clash: পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ গাজালৈ উৰা মাৰিলে ইজৰাইলৰ প্ৰতিৰক্ষা মুৰব্বী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.