ETV Bharat / international

আমেৰিকানমূলৰ ৪ বছৰীয়া কিশোৰীক মুকলি হামাছৰ, আনন্দিত বাইডেন

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 12:16 PM IST

4 year old American girl was released by Hamas
আমেৰিকানমূলৰ ৪ বছৰীয়া কিশোৰীক মুকলি হামাছৰ, আনন্দিত বাইডেন

যুদ্ধবিৰতি চুক্তিৰ আধাৰত ইজৰাইল আৰু হামাছে বন্দীসকলক মুকলি কৰি দিছে । হামাছে গাজালৈ বন্দী কৰি লৈ যোৱা ৪ বছৰীয়া কিশোৰী এবিগেল এডানক মুকলি কৰি দিয়ে । আমেৰিকাৰো নাগৰিকত্ব থকা কিশোৰীগৰাকী ঘৰলৈ উভতি অহাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি জ' বাইডেনে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি চুক্তিৰ অধীনত বন্দীসকলক মুকলি কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে । নিৰ্দিষ্ট চুক্তিৰ আধাৰত হামাছে শেহতীয়াকৈ মুকলি কৰিছে আমেৰিকানমূলৰ ৪ বছৰীয়া এগৰাকী কিশোৰীক । কিশোৰীগৰাকীৰ মুকলিৰ খবৰ পোৱাৰ পাছতে আনন্দ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে । বাইডেনে নিশ্চিত কৰিছে যে এবিগেল এডান নামৰ কিশোৰীগৰাকীক হামাছে মুকলি কৰি দিছে । বাইডেনে উল্লেখ কৰা মতে কিশোৰীগৰাকীৰ পিতৃ আৰু মাতৃক হত্যা কৰাৰ পাছত হামাছে তেওঁক বন্দী কৰি লৈ গৈছিল । দেওবাৰে সাংবাদিকৰ আগত বাইডেনে কয় যে কিশোৰীগৰাকী সুকলমে ঘৰলৈ উভতি আহিছে । সেয়া দেখি তেওঁ আনন্দিত আৰু ভগৱানকো ধন্যবাদ জ্ঞাপন কৰে বাইডেনে ।

কিশোৰীগৰাকীৰ ইজৰাইল আৰু আমেৰিকা দুয়োখন ৰাষ্ট্ৰৰে নাগৰিকত্ব আছে । বাইডেনে উল্লেখ কৰা মতে তেওঁ ইজৰাইলত সুৰক্ষিতভাৱে উপস্থিত হৈছে । যুদ্ধবিৰতিৰ চৰ্তাৱলী অনুসৰি মুকলি কৰি দিয়া আমেৰিকান বন্দীসকলৰ ভিতৰত তেওঁ প্ৰথম আছিল। বাইডেনে কয় যে কিশোৰীৰ বৰ্তমানৰ স্বাস্থ্য সঠিক তথ্য তেওঁৰ হাতত নাই । হোৱাইট হাউচে পাছত কয় যে ৰাষ্ট্ৰপতি বাইডেনে আমেৰিকা আৰু ইজৰাইলত থকা কিশোৰীগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে টেলিফোনযোগে কথা পাতিছে । বাইডেনে এই সম্পৰ্কত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতেও কথা পাতিছে ।

জানিব পৰা মতে ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সময়ত কিশোৰীগৰাকীৰ পিতৃ আৰু মাতৃৰ মৃত্যু হৈছিল । তেওঁ পাছত আশ্ৰয়ৰ বাবে চুবুৰীয়াৰ ঘৰলৈ গৈছিল । কিন্তু পাছত কিশোৰীগৰাকীৰ লগতে তেওঁ আশ্ৰয় লোৱা পৰিয়ালটোক হামাছে বন্দী কৰিছিল বুলি নিশ্চিত হৈছিল । বন্দী কৰি গাজালৈ লৈ যোৱা ২০০ তকৈও অধিক লোকৰ ভিতৰত তেওঁলোক আছিল । বন্দী হৈ থকা সময়তে কিশোৰীগৰাকীৰ জন্মদিনো আছিল ।

দেওবাৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ দুগৰাকী সদস্যই বাইডেন, কাটাৰৰ চৰকাৰ আৰু তেওঁৰ মুকলিৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে । মুকলি প্ৰক্ৰিয়াত ৰেড ক্ৰছৰ প্ৰতিনিধিসকলে বন্দীসকলক গাজাৰ বাহিৰলৈ স্থানান্তৰ কৰিছিল । কিছুমানক পোনপটীয়াকৈ ইজৰাইলৰ হাতত গতাই দিয়া হৈছিল আৰু আন কিছুমানক ইজিপ্তৰ মাজেৰে যাবলৈ দিয়া হয় ।

লগতে পঢ়ক :মঙলবাৰে ইলন মাস্কে সাক্ষাৎ কৰিব ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.