ETV Bharat / international

BRICS Summit in Johannesburg : পুটিনক গ্ৰেপ্তাৰ কৰাটো যুদ্ধ ঘোষণাৰ দৰে হ'ব; দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি

author img

By

Published : Jul 19, 2023, 9:47 AM IST

পুটিনক গ্ৰেপ্তাৰ কৰাটো যুদ্ধ ঘোষণাৰ দৰে হ'ব
BRICS Summit in Johannesburg

ৰামাফোছাই তেওঁৰ শপতনামাত কয়, "ৰাছিয়াই স্পষ্ট কৰি দিছে যে পুটিনক গ্ৰেপ্তাৰ কৰাটোৱে যুদ্ধৰ ঘোষণা কৰাৰ দৰে হ'ব ।" নিউয়ৰ্ক টাইমছে ৩২ পৃষ্ঠাৰ শপতনামাৰ উদ্ধৃতি দি কয়, "ৰাছিয়াৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ আশংকা কৰাটো আমাৰ সংবিধানৰ সৈতে অসঙ্গত হ'ব ।"

ইণ্টাৰনেচনেল ডেস্ক, ১৯ জুলাই : দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই মঙলবাৰে কয় যে তেওঁৰ দেশে ৰাছিয়াৰ সৈতে 'যুদ্ধ'ৰ আশংকা কৰিব, যদিহে তেওঁ অহা মাহত জোহান্সবাৰ্গত এক কূটনৈতিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক গ্ৰেপ্তাৰ কৰে । নিউয়ৰ্ক টাইমছত এই কথা প্ৰকাশ ।

ৰামাফোছাই মঙলবাৰে ৰাজহুৱা কৰা আদালতৰ শপতনামাত এই কথা উল্লেখ কৰিছে । তেওঁ দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দল ডেম'ক্ৰেটিক এলায়েন্সৰ এখন আবেদনৰ সঁহাৰি দি এই কথা কয় । উক্ত আবেদনত দেশৰ কাৰ্যবাহী ৰাজধানী প্ৰিটোৰিয়াৰ এখন আদালতক আগষ্টৰ শেষৰ ফালে জোহান্সবাৰ্গত অনুষ্ঠিত হ'বলগীয়া সন্মিলনত উপস্থিত থাকিলে পুটিনক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক বাধ্য কৰিবলৈ কৈছিল ।

আদালতে শুকুৰবাৰে এই গোচৰটোৰ যুক্তি শুনিব বুলি আশা কৰা হৈছে । নিউয়ৰ্ক টাইমছৰ মতে, পুটিন হৈছে আন্তৰ্জাতিক অপৰাধ আদালতৰ দ্বাৰা ইউক্ৰেইনৰ যুদ্ধ সম্পৰ্কীয় অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা লাভ কৰা এগৰাকী ব্যক্তি । আৰু এই ৱাৰেণ্টে দক্ষিণ আফ্ৰিকাক আদালতত স্বাক্ষৰকাৰী হিচাপে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰিবলৈ আইনীভাৱে বাধ্য কৰে ।

"ৰাছিয়াই স্পষ্ট কৰি দিছে যে পুটিনক গ্ৰেপ্তাৰ কৰাটোৱে যুদ্ধৰ ঘোষণা কৰাৰ দৰে হ'ব ।" ৰামাফোছাই তেওঁৰ শপতনামাত কয় । নিউয়ৰ্ক টাইমছে ৩২ পৃষ্ঠাৰ শপতনামাৰ উদ্ধৃতি দি কয়, "ৰাছিয়াৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ আশংকা কৰাটো আমাৰ সংবিধানৰ সৈতে অসঙ্গত হ'ব ।" ৰামাফোছাই তেওঁৰ শপতনামাত যুক্তি দিয়ে যে দক্ষিণ আফ্ৰিকাৰ অধিকাৰ বিধেয়কে চৰকাৰক কিছুমান অধিকাৰ সুৰক্ষিত আৰু প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ কথা কয়, যাৰ ভিতৰত আছে 'সকলো ধৰণৰ হিংসাৰ পৰা মুক্ত হোৱাৰ অধিকাৰ' ।

"ৰাছিয়াৰ দ্বাৰা যুদ্ধ ঘোষণা হিচাপে গণ্য কৰা এটা কাৰ্য বেপৰোৱা ধৰণৰ হ'ব ।" ৰামাফোছাই কয় । তেওঁ লগতে কয় ইয়াৰ দ্বাৰা তেওঁৰ আৰু চৰকাৰৰ সাংবিধানিক দায়বদ্ধতাৰ সৈতে বিবাদৰ সৃষ্টি কৰিব । দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিয়ে লগতে যুক্তি দিয়ে যে পুটিনক গ্ৰেপ্তাৰ কৰিলে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি চুক্তি প্ৰস্তুত কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ যি প্ৰচেষ্টা তাৰ সৈতে সংঘাতৰ সৃষ্টি হ'ব ।

নিউয়ৰ্ক টাইমছে জনোৱা অনুসৰি, ৰামাফোছাই বিগত মাহত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে কিয়েভত আৰু তাৰ পিছত ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত পুটিনৰ সৈতে বৈঠকত যোগদান কৰি যুদ্ধ সমাপ্তিৰ পথৰ সন্ধানৰ বিষয়ে আলোচনা কৰিছিল ।

দক্ষিণ আফ্ৰিকাই এনে কিছু বিকল্প অন্বেষণ কৰি আছে, যিয়ে পুটিনক জোহান্সবাৰ্গলৈ গ'লে গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকিবলৈ অনুমতি দিব আৰু এই শপতনামা হৈছে ইয়াৰ স্পষ্ট ইংগিত । ৰামাফোছাই তেওঁৰ শপতনামাত লগতে কয় যে তেওঁ প্ৰতিখন ব্ৰিকছ (BRICS) দেশৰ নেতাসকলৰ সৈতে এই সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰি আছে আৰু তেওঁ আদালতক পৰামৰ্শ সম্পূৰ্ণ কৰিবলৈ সময় দিবলৈ কৈছে ।

উল্লেখ্য, বিগত সপ্তাহত দক্ষিণ আফ্ৰিকাৰ উপ-ৰাষ্ট্ৰপতি পল মাছাটাইলে কৈছিল যে তেওঁৰ দেশে সন্মিলনখন ভাৰ্চুৱেলী অনুষ্ঠিত কৰা বা চীনলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে উত্থাপন কৰিছিল । কিন্তু দুয়োটা বিকল্প দক্ষিণ আফ্ৰিকাৰ ব্ৰিকছ অংশীদাৰসকলে নাকচ কৰে । মাছাটাইলে লগতে কয় যে ৰাছিয়াৰ বিষয়াসকলে পুটিনৰ বৈদেশিক মন্ত্ৰীয়ে তেওঁৰ ঠাইত সন্মিলনত উপস্থিত থকাৰ পৰামৰ্শক অস্বীকাৰ কৰিছে । উল্লেখ্য যে ব্ৰিকছ ৰাষ্ট্ৰপ্ৰধানসকলৰ পূৰ্বপৰিকল্পিত অহা ২২-২৪ আগষ্টত অনুষ্ঠিত হ'ব । ইয়াত উপস্থিত থাকিব ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধি ।

লগতে পঢ়ক :US Finance Secretary praised India : ভাৰতক প্ৰশংসা আমেৰিকাৰ বিত্ত সচিবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.