ETV Bharat / international

7.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ফিলিপাইনছক, ছুনামিৰ সতৰ্কতা জাৰি

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:37 PM IST

Earthquake Strikes off the Philippines
ভূমিকম্পই জোকাৰিলে ফিলিপাইনছক

ফিলিপাইনছৰ দ্বীপ মিন্দানাওত শনিবাৰে হোৱা এক ভূমিকম্পৰ ফলত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 2 ডিচেম্বৰ : ফিলিপাইনছৰ দক্ষিণ দিশত অৱস্থিত দ্বীপ মিন্দানাওক শনিবাৰে 7.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৷ এই ভূমিকম্পৰ ফলত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ নিশা 10.37 বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি ৷ 32 কিলোমিটাৰ (20 মাইল) মধ্যমীয়া গভীৰতাত এই ভূমিকম্পৰ গভীৰতা জোখা হৈছে ৷

প্ৰশান্ত মহাসাগৰীয় ছুনামি সতৰ্কবাণী কেন্দ্ৰই কয় যে, এই ভূমিকম্পৰ পৰিমাণ আৰু স্থানৰ ভিত্তিত তেওঁলোকে দক্ষিণ ফিলিপাইনছ আৰু ইণ্ডোনেছিয়া, পালাউ আৰু মালয়েছিয়াৰ কিছু অংশত ছুনামিৰ ঢৌৱে আঘাত হানিব বুলি সন্দেহ ব্যক্ত কৰিছে ৷ ফিলিপাইনছৰ এটা চৰকাৰী সংস্থাই মিন্দানাওৰ পূব পাৰৰ চুৰিগাও ডেল ছুৰ আৰু দাভাও অৰিয়েণ্টেল প্ৰদেশৰ বাসিন্দাসকলক শীঘ্ৰেই উচ্চ স্থানলৈ স্থানান্তৰিত হ’বলৈ বা ভিতৰুৱা নিৰাপদ অঞ্চললৈ যাবলৈ পৰামৰ্শ দিছে ৷

যোৱা মাহত অৰ্থাৎ 17 নৱেম্বৰত 6.7 ৰিখটাৰ স্কেলৰ ভূমিকম্পই দক্ষিণ মিন্দানাও অঞ্চলত জোকাৰণি তুলিছিল ৷ অৱশ্যে এই ভূমিকম্পত তাৎক্ষণিকভাৱে হতাহতৰ কোনো খবৰ পোৱা নগ’ল ৷ প্ৰশান্ত মহাসাগৰে আৱৰি থকা আগ্নেয়গিৰিৰ বেল্ট "ৰিং অৱ ফায়াৰ"ত অৱস্থিত ফিলিপাইনছত ভূমিকম্প সাধাৰণতে সংঘটিত হয় ৷

ফিলিপাইনছৰ আগ্নেয়গিৰি আৰু ভূমিকম্পবিজ্ঞান প্ৰতিষ্ঠানে ছুনামিৰ সতৰ্কবাণী জাৰি কৰি কয় যে, স্থানীয় ছুনামি পৰিস্থিতিৰ তথ্যৰ ভিত্তিত ইয়াৰ ঢৌৰ উচ্চতা স্বাভাৱিক জোৱাৰৰ পৰা এক মিটাৰতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে আৰু আবদ্ধ উপসাগৰ আৰু জলদ্বীপত ইয়াৰ উচ্চতা অধিক হ’ব পাৰে। জীৱনৰ বাবে সংকটজনক উচ্চতাৰ ঢৌৰ সৈতে ধ্বংসাত্মক ছুনামিৰ সম্ভাৱনা আছে বুলিও প্ৰতিষ্ঠানটোৱে সন্দেহ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : সামৰিক গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণ দক্ষিণ কোৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.